ঘোষণা হ’ল NEET পৰীক্ষাৰ ফলাফল; ৰাষ্ট্ৰীয় মেৰিট লিষ্টৰ আধাৰত নামভৰ্তি হ’ব মেডিকেল আৰু ডেণ্টেল পাঠ্যক্ৰমত

ৰাষ্ট্ৰীয় যোগ্যতা আৰু প্ৰৱেশ পৰীক্ষা বা NEET পৰীক্ষা-২০১৯-ৰ ফলাফল ৫ জুন, অৰ্থাৎ আজি ঘোষণা কৰা হ’ল।

পৰীক্ষাৰ ফলাফলবোৰ নম্বৰ তালিকাসহ পৰীক্ষাটোৰ আয়োজক নেশ্যনেল টেষ্টিং এজেন্সিৰ ৱেবছাইট neet.nic.in-ত পোৱা যাব। NTA-এই জনাইছে যে mcc.nic.in নামৰ ৱেবছাইটটোতো পৰীক্ষাৰ্থীসকলে নিজৰ ৰিজাল্ট চাব পাৰিব।

এই বছৰৰ ৫ মে’ আৰু ২০-মে’ত অনুষ্ঠিত পৰীক্ষাটোত সমগ্ৰ ভাৰতৰ মুঠ ১৪,১০,৭৫৪গৰাকী  পৰীক্ষাৰ্থী অৱতীৰ্ণ হৈছে। চিকিৎসা শাস্ত্ৰ আৰু দন্ত চিকিৎসা অধ্যয়ন কৰিবলৈ লক্ষ্য লোৱা অসম তথা উত্তৰ-পূবৰো বহুতো ছাত্ৰ-ছাত্ৰী অৱতীৰ্ণ হৈছে এই ৰাষ্ট্ৰীয় পৰ্য্যায়ৰ পৰীক্ষাটোত।

ইয়াত উত্তীৰ্ণ পৰীক্ষাৰ্থীসকলে সৰ্বভাৰতীয় কোটা আৰু অন্যান্য কোটাৰ অধীনত পৰীক্ষাৰ মাধ্যম নিৰ্বিশেষে ৰাজ্য চৰকাৰৰ অধীনৰ শিক্ষা প্ৰতিষ্ঠানত চিকিৎসা শাস্ত্ৰ আৰু দন্ত চিকিৎসাৰ পাঠ্যক্ৰম অধ্যয়নৰ সুযোগ পাব। ঘাইকৈ এম বি বি এছ আৰু বি ডি এছৰ বাবে থকা মেডিকেল আৰু ডেণ্টেল কলেজবোৰত।

উল্লেখযোগ্য যে NEET-এ ইতিপূৰ্বে Answer Key 2019 মুকলি কৰিছে আৰু ইয়াৰ বিৰুদ্ধে উঠা ওজৰ-আপত্তি মানি লৈছে।

ছাত্ৰ-ছাত্ৰীসকলে নিজৰ পৰীক্ষাৰ ফলাফল আৰু নম্বৰ চাবলৈ তলত দিয়া পদক্ষেপকেইটা অনুসৰণ কৰিব পাৰে-

NTA ৰ সূত্ৰই জনোৱামতে, পৰীক্ষাৰ্থীসকলৰ মেৰিট লিষ্ট স্বাস্থ্যসেৱাৰ সঞ্চালক প্ৰধান, স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰ্যালয়, মেডিকেল কাউন্সিল অব ইণ্ডিয়া আৰু ডেণ্টেল কাউন্সিল অব ইণ্ডিয়াৰ নিৰ্দেশনাৰ ভিত্তিত প্ৰস্তুত কৰা হ’ব। মেৰিট লিষ্টৰ আধাৰত নামভৰ্তিৰ প্ৰক্ৰিয়া আৰম্ভ হ’ব।

শ্ৰেণী আধাৰিত মেৰিট লিষ্ট

সাধাৰণ শ্ৰেণী : নিম্নতম ৫০ শতাংশ নম্বৰ প্ৰাপ্তসকলক মেৰিট লিষ্টৰ বাবে বিবেচনা কৰা হ’ব

এছ চি/এছ টি/অন্যান্য : নিম্নতম ৪০ শতাংশ নম্বৰ প্ৰাপ্তসকলক মেৰিট লিষ্টৰ বাবে বিবেচনা কৰা হ’ব

অন্যভাৱে সক্ষম ব্যক্তি : নিম্নতম ৪৫ শতাংশ নম্বৰ প্ৰাপ্তসকলক মেৰিট লিষ্টৰ বাবে বিবেচনা কৰা হ’ব

ফলাফল ঘোষণা কৰাৰ পিছতে NTA-ই কাউন্সেলিং প্ৰক্ৰিয়া আৰম্ভ কৰিব। ইয়াৰ সময়সূচী মেডিকেল কাউন্সেলিং কমিটীৰ পোৱা যাব ( যোৱা বছৰ (2018) প্ৰথম পৰ্য্যায়ৰ কাউন্সেলিং আগষ্ট ৩১-ৰ পৰা ছেপ্টেম্বৰ ৩-লৈ অনুষ্ঠিত হৈছিল)।

চৰকাৰী মেডিকেল কলেজবোৰত সংৰক্ষণৰ তালিকা এনেকুৱা :