NEET, JEE প্ৰৱেশ পৰীক্ষা পিছুৱালে; নতুন তাৰিখ ঘোষণা কেন্দ্ৰীয় মানৱ সম্পদ বিকাশ মন্ত্ৰ্যালয়ৰ

প্ৰতিনিধিত্বমূলক আলোকচিত্ৰ

কেন্দ্ৰীয় মানৱ সম্পদ বিকাশ মন্ত্ৰী ৰমেশ পোখৰিয়ালে শুকুৰবাৰে কেন্দ্ৰ চৰকাৰে নীট আৰু জে ই ই প্ৰৱেশ পৰীক্ষা ছেপ্তেম্বৰলৈ পিছুৱাবলৈ গ্ৰহণ কৰা সিদ্ধান্তৰ কথা ঘোষণা কৰে।

নতুন তাৰিখ অনুসৰি জে ই ই মেইন পৰীক্ষা চেপ্তেম্বৰৰ ১-৬ তাৰিখৰ ভিতৰত অনুষ্ঠিত হ’ব আৰু এডভাঞ্চ পৰীক্ষা ২৭ চেপ্তেম্বৰত অনুষ্ঠিত হ’ব।

আনহাতে, নীট পৰীক্ষা ১৩ চেপ্তেম্বৰত এন টি এ অনুষ্ঠিত কৰিব।

‘‘ছাত্ৰ-ছাত্ৰী সকলৰ স্বাস্থ্যৰ কথা আৰু গুণগত শিক্ষাৰ কথা বিবেচনা কৰিয়ে জে ই ই আৰু নীট পৰীক্ষা পিছুৱাবলৈ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে,’’ ৰমেশ পোখৰিয়ালে কয়।

কেন্দ্ৰীয় মানৱ সম্পদ বিকাশ মন্ত্ৰী ৰমেশ পোখৰিয়ালে টুইট কৰি এই কথা জানিবলৈ দিয়ে।

ফিট ইণ্ডিআ ৱেবিনাৰত পোখৰিয়ালে দুয়োটা পৰীক্ষাৰ তাৰিখ সম্পৰ্কত সন্মুখিন হোৱা প্ৰশ্নৰ পাছতে এই কথা ঘোষণা কৰে।

ইতিমধ্যে কেন্দ্ৰীয় মানৱ সম্পদ বিকাশ মন্ত্ৰ্যালয়ে দেশৰ কোভিড-১৯-ৰ পৰিস্থিতি পৰীক্ষা অনুষ্ঠিত কৰিবৰ বাবে অনুকূল হ’য় নে নহয় সেই কথা পৰ্যালোচনা কৰাৰ বাবে এখন কমিটি গঠন কৰি দিছে।

ইপিনে, পশ্চিম এচিয়াত বাস কৰা প্ৰায় ৪০০০ প্ৰৱাসী ভাৰতীয় ছাত্ৰ-ছাত্ৰীৰ অভিভাৱকে শেহতীয়াকৈ ভাৰতৰ উচ্চতম ন্যায়ালয়ত নীট আৰু জে ই ই পিচুৱাই দিবলৈ আৱেদন জনাইছে।

ক’ৰ’ণাতংকৰ বাবে আন্তঃৰাষ্ট্ৰীয় বিমান সেৱা বন্ধ হৈ থকাৰ বাবেই তেওঁলোকে এই আৱেদন জনাইছে।