• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, July 17, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

কোটাত চৰম পন্থা বাছি ল’লে NEETৰ বাবে প্ৰস্তুতি চলোৱা ছাত্ৰই! ১৭ দিনত সংঘটিত এইটো তৃতীয়টো ঘটনা

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
January 17, 2025 7:38 pm
175
VIEWS
Share on FacebookShare on Twitter

ৰাজস্থানৰ কোটাত সংঘটিত হ’ল আন এক আত্মহত্যাৰ ঘটনা। এইবাৰ এগৰাকী ১৮ বছৰীয়া ছাত্ৰই চৰম পন্থা বাছি লয়। NEET ৰ বাবে প্ৰস্তুতি চলাবলৈ তেওঁ ওড়িশাৰ পৰা কোটালৈ আহিছিল। শুকুৰবাৰে পি জি কক্ষৰ পৰা উদ্ধাৰ কৰে মৃতদেহটো।

ৰাষ্ট্ৰীয় যোগ্যতা সহ প্ৰৱেশ পৰীক্ষা, চমুকৈ NEETত প্ৰতি বছৰে হাজাৰ হাজাৰ ছাত্ৰ-ছাত্ৰীয়ে ৰাজস্থানৰ কোটালৈ গৈ ইয়াৰ বাবে প্ৰস্তুতি চলায়। প্ৰতি বছৰে কোটাৰ পৰা একাধিক আত্মহত্যাৰ খবৰ পোৱা যায়। যোৱা ১৭ দিনত এই বিষয়ক লৈ আত্মহত্যা কৰিলে তৃতীয়জন ছাত্ৰই।

শুকুৰবাৰে ঘটনা সন্দৰ্ভত তথ্য লাভ কৰাৰ পাছতে আৰক্ষীয়ে ততাতৈয়াকৈ অঞ্চলটোত উপস্থিত হয়। পি জি কৰ্তৃপক্ষই এই খবৰ দিয়ে আৰক্ষীক। ছাত্ৰজনক ওলমি থকা অৱস্থাত উদ্ধাৰ কৰে। ওড়িশাত থকা তেওঁৰ পৰিয়ালক খবৰ দিয়া হৈছে। তদন্তকাৰী বিষয়াসকলে এই আত্মহত্যাৰ সঠিক কাৰণৰ তদন্ত অব্যাহত ৰাখিছে।

ইয়াৰ পূৰ্বে ৮ জানুৱাৰীত কোটাত পিজিত আত্মহত্যা কৰিছিল জেইইৰ এগৰাকী ২০ বছৰীয়া ছাত্ৰই। জনা যায় যে তেওঁ মধ্যপ্ৰদেশৰ গুণাৰ বাসিন্দা আছিল। ২০২৩ চনৰ মে’ মাহৰ পৰা কোটাত থকা তেওঁ প্ৰস্তুতি চলাইছিল।

তাৰ ঠিক আগদিনা ৭ জানুৱাৰীত হাৰিয়ানাৰ ১৯ বছৰীয়া যুৱক নীৰজ নামৰ এজন ছাত্ৰই আত্মহত্যা কৰে। তেওঁৰ হোষ্টেলৰ কোঠাত উদ্ধাৰ হয় তেওঁৰ মৃতদেহ। কিন্তু স্থানীয় প্ৰশাসনে দাবী কৰিছে যে বিগত কেইবাবছৰৰ তুলনাত ২০২৪ চনত আত্মহত্যাৰ সংখ্যা যথেষ্ট হ্ৰাস পাইছে। ২০২৩ চনত ২৯ জন লোকে আত্মহত্যা কৰাৰ বিপৰীতে ২০২৪ চনত সেই সংখ্যা ১৯ লৈ বৃদ্ধি পায়। এই সংখ্যা ক্ৰমান্বয়ে হ্ৰাস পাব বুলি তেওঁলোক আশাবাদী।

ইফালে প্ৰশাসনে কোচিং চেণ্টাৰক বিভিন্ন গাইডলাইন দিছে। লগতে সময়ে সময়ে পৰীক্ষা কৰা হৈছে যে কোচিং চেণ্টাৰসমূহে সেইবোৰ মানি চলি আছে নে নাই।

Recent News

শ্ৰমিকৰ মৃত্যুৰ সৈতে জড়িত থকাৰ অভিযোগত ছিংগাপুৰত ৩৫ মাহৰ কাৰাদণ্ড ভাৰতীয় ছাত্ৰক

শ্ৰমিকৰ মৃত্যুৰ সৈতে জড়িত থকাৰ অভিযোগত ছিংগাপুৰত ৩৫ মাহৰ কাৰাদণ্ড ভাৰতীয় ছাত্ৰক

আন্তঃৰাষ্ট্ৰীয় গণিত অলিম্পিয়াড চেলেঞ্জত দুটাকৈ পদক জয় অসমৰ ছাত্ৰৰ

আন্তঃৰাষ্ট্ৰীয় গণিত অলিম্পিয়াড চেলেঞ্জত দুটাকৈ পদক জয় অসমৰ ছাত্ৰৰ

সিদ্ধাৰ্থ মালহোত্ৰা আৰু কিয়াৰা আদৱানীৰ জীৱনলৈ আগমন কন্যাসন্তানৰ

সিদ্ধাৰ্থ মালহোত্ৰা আৰু কিয়াৰা আদৱানীৰ জীৱনলৈ আগমন কন্যাসন্তানৰ

পক্ষী অভয়াৰণ্যত পৰিণত শিৱসাগাৰ ন-মাটি: এছিয়ান অ’পেনবিল ষ্টৰ্কেৰে ভৰি পৰিছে শিৱসাগৰ

পক্ষী অভয়াৰণ্যত পৰিণত শিৱসাগাৰ ন-মাটি: এছিয়ান অ’পেনবিল ষ্টৰ্কেৰে ভৰি পৰিছে শিৱসাগৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd