NORTHEAST NOW (Assamese)

ভাইৰেল ভিডিঅ’ই উদঙাই দিলে চিকিৎসকৰ গাফিলতি: মিৰাটৰ এখন চিকিৎসালয়ৰ জৰুৰীকালীন বিভাগত চিকিৎসকৰ অৱহেলাত ৰোগীৰ মৃত্যু

July 30, 2025 7:46 am · এন ই নাও নিউজ, গুৱাহাটী
Updated: July 30, 2025 10:28 am

উত্তৰ প্ৰদেশৰ মিৰাটৰ লালা লাজপত ৰায় মেম’ৰিয়েল (এল এল আৰ এম) চিকিৎসা মহাবিদ্যালয়ৰ জৰুৰীকালীন বিভাগত সংঘটিত এটা ঘটনাই ব্যাপক বিতৰ্কৰ সৃষ্টি কৰিছে। সোমবাৰে পথ দুৰ্ঘটনাত গুৰুতৰভাৱে আহত সুনীল নামৰ এজন ৰোগীক চিকিৎসালয়ৰ জৰুৰীকালীন বিভাগলৈ আনা হৈছিল। কিন্তু অভিযোগ অনুসৰি, কৰ্তব্যৰত চিকিৎসকৰ গাফিলতিৰ বাবে সুনীলে সময়মতে চিকিৎসা নাপাই ৰক্তাক্ত অৱস্থাত ষ্ট্ৰেচাৰত পৰি থাকিবলগীয়া হয়। পিছদিনা মঙলবাৰে পুৱাৰ ভাগত তেওঁৰ মৃত্যু হয়।

এই ঘটনাৰ সময়ত জৰুৰীকালীন বিভাগত থকা চিকিৎসক ভূপেশ কুমাৰ ৰায় আৰু অনিকেতৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ উত্থাপিত হৈছে। অভিযোগ অনুসৰি, তেওঁলোক দুয়োজন চকীত বহি শুই আছিল, আৰু ৰোগীৰ অৱস্থাৰ বিষয়ে সম্পূৰ্ণ অজ্ঞাত আছিল। এটা ভাইৰেল ভিডিঅ’ত দেখা গৈছে যে এজন চিকিৎসক টেবুলত ভৰি দুখন ওপৰলৈ তুলি শান্তিৰে শুই আছে। এগৰাকী মহিলা আৰু এটা শিশুৱে তেওঁক জগাবলৈ চেষ্টা কৰিও ব্যৰ্থ হৈছে। এই ভিডিঅ’ ছ’চিয়েল মিডিয়াত শ্বেয়াৰ হোৱাৰ পিছত বিতৰ্কই তীব্ৰ ৰূপ লৈছে।

আৰক্ষীৰ সূত্ৰ অনুসৰি, সুনীলক পথ দুৰ্ঘটনাৰ পিছত উদ্ধাৰ কৰি চিকিৎসালয়লৈ লৈ যোৱা হৈছিল। কিন্তু তেওঁ সময়মতে চিকিৎসা নোপোৱাৰ বাবে তেওঁৰ মৃত্যু হয় বুলি পৰিয়ালে অভিযোগ উত্থাপন কৰিছে। ঘটনাৰ সময়ত জৰুৰীকালীন বিভাগৰ মুখ্য চিকিৎসকো উপস্থিত নাছিল বুলি সদৰী কৰিছে। খবৰ পোৱাৰ পিছত তেওঁ ততাতৈয়াকৈ চিকিৎসালয়ত উপস্থিত হৈ ৰোগীক বচাবলৈ সকলো প্ৰকাৰৰ চেষ্টা কৰিছিল যদিও তেতিয়ালৈকে বহু দেৰি হৈ গৈছিল।

এই ঘটনাই চিকিৎসকৰ দায়িত্বহীনতা আৰু জৰুৰীকালীন বিভাগৰ সেৱাৰ মানদণ্ডৰ ওপৰত প্ৰশ্ন উত্থাপন কৰিছে। মেৰুটৰ জিলা দণ্ডাধীশে ঘটনাৰ তদন্তৰ নিৰ্দেশ দিছে। লগতে অভিযুক্ত দুজন চিকিৎসকক নিলম্বন কৰা হৈছে বুলি জানিব পৰা গৈছে

সুনীলৰ পৰিয়ালে চিকিৎসকৰ গাফিলতিৰ বাবেই তেওঁৰ মৃত্যু হৈছে বুলি অভিযোগ কৰিছে। এই ঘটনাৰ পিছতে চিকিৎসালয়খনৰ জৰুৰীকালীন বিভাগৰ সেৱাৰ মানদণ্ড উন্নত কৰাৰ দাবী উত্থাপিত হৈছে।

Related News