নেপালত ১০০ টকাতকৈ অধিক মূল্যৰ ভাৰতীয় টকা লগত ৰখাত নিষেধাজ্ঞা

719038-rupeesnews

নেপাল চৰকাৰে ১০০ টকাতকৈ অধিক মূল্যৰ ভাৰতীয় টকাৰ প্ৰচলনত নিষেধাজ্ঞা জাৰি কৰিছে। উল্লেখ্য যে নেপাল ভ্ৰমণলৈ যোৱা পৰ্যটকসকলে ভাৰতীয় টকা লৈ যায়, কাৰণ নেপালত ভাৰতীয় টকা যথেষ্ট প্ৰচলিত হয়। নেপালী জনসাধাৰণে ভাৰতীয় টকা ব্যৱসায় বাণিজ্যত ব্যৱহাৰ কৰাৰ উপৰিও সাঁচিও ৰাখে।

কিন্ত শেহতীয়াকৈ নেপাল চৰকাৰে ৰাইজলৈ গোহাৰি জনাইছে যাতে তেওঁলোকে ১০০ টকাতকৈ অধিক মূল্যৰ ভাৰতীয় টকা জমা ৰখা অথবা লেনদেনত ব্যৱহাৰ কৰাৰ পৰা বিৰত থাকে। নেপালৰ যোগাযোগ মন্ত্ৰী গকুল প্ৰসাদ বাছকোটাই এই কথা সদৰি কৰিছে। দিহেতু ভাৰতীয় টকা নেপালত বৈধতা লাভ কৰা নাই,সেয়েহে এই নিৰ্দেশ জাৰি কৰা হৈছে বুলি মন্ত্ৰীগৰাকীয়ে জনাইছে।

উল্লেখ্য যে নেপালত ভাৰতীয় টকা গ্ৰহণ কৰা হয়, কিন্তু ৫০০ আৰু ১০০০ টকীয়া নোট ব্যৱহাৰৰ ক্ষেত্ৰত জনসাধাৰণে অসুবিধা পায় কাৰণ সেয়া সহজে কোনেও গ্ৰহণ নকৰে। এয়া আনকি ২০১৬ত বিমুদ্ৰাকৰণৰ আগতেও হৈছিল।

তাৰোপৰি, ৫০০ আৰু ১০০০ টকীয়াৰ যথেষ্ট পৰিমাণৰ জাল টকা নেপালত পোৱা যায় বাবে বহু দিন পূৰ্বে ভাৰতে নেপালক এএই ক্ষেত্ৰত সাৱধান কৰি দিছিল বুলি এটা সূত্ৰই জনাইছে।

সূত্ৰটোৱে জনোৱামতে, ইয়াৰ দ্বাৰা নেপাললৈ যোৱা ভাৰতৰ পৰ্যটক, ভ্ৰমণকাৰীসকলক প্ৰভাৱিত কৰিব। আনহাতে, ভাৰতত কাম কৰা নেপালী নাগৰিকেও তিয়াৰ পৰা টকা ইলেক্ট্ৰনিক ভাৱে প্ৰেৰণ কৰিব লাগিব।

প্ৰণিধানযোগ্য যে, ভাৰত হৈছে নেপালৰ সৰ্ববৃহৎ বাণিজ্য সহযোগী আৰু ভাৰতে নেপাললৈ অধিকাংশ নিত্য ব্যৱহাৰ্য সামগ্ৰী প্ৰেৰণ কৰে।

উল্লেখ্য যে ২০১৬ চনত ভাৰতত বিমুদ্ৰাকৰণৰ জৰিয়তে ৫০০ আৰু ১০০০ টকীয়া নোট বাতিল কৰি ২,০০০, ৫০০ আৰু ২০০ টকীয়া নোটৰ প্ৰচলন কৰা হৈছিল। কিন্তু এই পদক্ষ এপে নেপাল আৰু ভুটানত বিৰূপভাৱে প্ৰভাৱিত কৰিছিল, কাৰণ এই দুয়োখন দেশত যথেষ্ট পৰিমাণে ভাৰতীয় মুদ্ৰা প্ৰচলন হয়।

ইয়াৰ পূৰ্বে, নেপালৰ প্ৰধান মন্ত্ৰী কে পি শৰ্মা অ’লিয়ে প্ৰকাশ কৰিছিল যে ভাৰতৰ বিমুদ্ৰাকৰণে নেপালৰ জনসাধাৰণৰ বিস্তৰ ক্ষতিসাধন কৰিছে আৰু তেওঁ কৈছে যে এই বিষয়টো তেওঁ ভাৰতীয় নেতাসকলৰ ওচৰত উত্থাপন কৰিব।