‘স্মাৰ্ট পেট্ৰ’ল’ : নেপালৰ ৰাষ্ট্ৰীয় উদ্যানে গঁড় সংৰক্ষণৰ বাবে মুকলি কৰিলে নতুন এপ

Kaziranga-rhino

প্ৰতিনিধিত্বমূলক আলোকচিত্ৰ। উৎস-ইণ্টাৰনেট

এশিঙিয়া খৰ্গযুক্ত গঁড় সংৰক্ষণৰ বাবে আমাৰ চুবুৰীয়া ৰাষ্ট্ৰ নেপালৰ এখন ৰাষ্ট্ৰীয় উদ্যানে নতুনকৈ এটা মোবাইল এপ মুকলি কৰিছে।

বন বিষয়া এগৰাকীয়ে, বৰদিয়া ৰাষ্ট্ৰীয় উদ্যানে এপটো স্মাৰ্টফোনেৰে লোৱা গঁড়ৰ ফটোকে ধৰি গঁড়ৰ বিষয়ে বিভিন্ন তথ্য সংগ্ৰহৰ বাবে মুকলি কৰা বুলি জানিবলৈ দিয়ে।

বাতৰি কাকত কাঠমাণ্ডু পোষ্টত উল্লেখ কৰা মতে ‘‘স্মাৰ্ট পেট্ৰ’ল’’ নামেৰে এপটো মুকলি কৰা হৈছে।

পূৰ্বতে, ৰাষ্ট্ৰীয় উদ্যানখনৰ বাবাই ভেলীত গঁড়ৰ গতিবিধি পৰ্য্যবেক্ষণ কৰাৰ বাবে উদ্যান কৰ্তৃপক্ষই ছেটেলাইট-জি পি এছ চিষ্টেম ব্যাৱহাৰ কৰিছিল যদিও বৰ্তমান সেই ব্যৱস্থা কাৰ্য্যক্ষম হৈ থকা নায়।

ৰাষ্ট্ৰীয় উদ্যানখনৰ মুখ্য সংৰক্ষণকাৰী বিষয়া অনন্ত বাৰালে ছেটেলাইট-জি পি এছ ক’লাৰে বৰ্তমান বাবাই ভেলীত গঁড়ৰ ওপৰত কাম কৰি থকা নাই বুলি মত প্ৰকাশ কৰে।

‘‘ছেটেলাইট জি পি এছ ক’লাৰে বৰ্তমান কোনোধৰণৰ খবৰ তথা তথ্য প্ৰেৰণ কৰি থকা নাই। সম্ভৱত চিষ্টেমটো কাৰ্য্যক্ষম হৈ থকা নাই’’-বাৰালে কয়।

ৰাষ্ট্ৰীয় উদ্যান আৰু বন্যপ্ৰাণী সংৰক্ষণ বিভাগ, ৰাষ্ট্ৰীয় প্ৰকৃতি সংৰক্ষণ ট্ৰাষ্ট, ডব্লিউ ডব্লিউ এফ নেপাল আৰু স্থানীয় লোকসকলে ছেটেলাইট ট্ৰেকিঙৰ জৰিয়তে গঁড়, বাঘকে ধৰি লুপ্তপ্ৰায় বনৰীয়া জীৱ-জন্তু সমূহৰ সংৰক্ষণৰ বাবে দীৰ্ঘদিনৰ পৰা কাম কৰি আহিছিল।

২০১৬ আৰু ২০১৭ চনত আঠটা গঁড় চিতৱান অভয়াৰণ্যৰ পৰা বৰদিয়া ৰাষ্ট্ৰীয় উদ্যানলৈ অনা হৈছিল আৰু সফলতাৰে ৰেডিঅ’ ট্ৰেঞ্চমিটাৰৰ সৈতে ‘ক’লাৰ’ কৰা হৈছিল।

ৰেকৰ্ডৰ পৰা জানিব পৰা মতে বাবাই ভেলীত বৰ্তমান মাত্ৰ ছয়টা গঁড়হে আছে। আঠটা গঁড়ৰ ভিতৰত এটা গঁড়ৰ প্ৰাকৃতিক কাৰণত মৃত্যু হৈছিল।

নেপালৰ ২০১৫ চনৰ ৰাষ্ট্ৰীয় গঁড় গননা মতে, দেশখনত মুঠ ৬৪৫ টা গঁড় আছে যাৰ ভিতৰত ৬০৫ টা চিটৱান, ২৯ টা বৰদিয়া আৰু আঠটা চুকলাপহান্টাত আছে।

দেশখনত ১৯৫০ চনৰ পৰা ৬০ চনলৈ দ্ৰুতগতিত হ্ৰাস পাবলৈ ধৰা গঁড়ৰ সংখ্যা চিটৱাট অভয়াৰণ্য স্থাপনৰ পাছত পুনৰ বৃদ্ধি পাবলৈ আৰম্ভ কৰিছিল।