শৃংখলা ভংগৰ অভিযোগত নেপালৰ প্ৰধানমন্ত্ৰী কে পি শৰ্মা অ’লিক কমিউনিষ্ট পাৰ্টিৰ পৰা বহিস্কাৰ

WhatsApp-Image-2020-06-27-at-3.58.55-PM

কে পি শৰ্মা অ'লি। ফাইল ফটো।

সংসদ ভংগৰ পৰিণতিত সৃষ্টি হোৱা অস্থিৰতাৰ মাজতে দেওবাৰে তত্ত্বাবধায়ক প্ৰধানমন্ত্ৰী কে পি শৰ্মা অ’লিক নেপাল কমিউনিষ্ট পাৰ্টিৰ পৰা বহিস্কাৰ কৰা হয়।

দলৰ কেন্দ্ৰীয় কমিটিৰ বৈঠকত অ’লিৰ সদস্য পদ বাতিল কৰা হৈছে।

ইয়াৰ পূৰ্বে সংসদ ভংগ কৰি নিৰ্বাচনৰ অনুষ্ঠিত কৰাৰ সিদ্ধান্তৰ প্ৰতিবাদত কমিউনিষ্ট পাৰ্টিৰ বিদ্ৰোহী গোটে ৰজপথত নামিছিল। তেওঁলোকে অ’লিক দলৰ পৰা বহিস্কাৰ কৰাৰ হুংকাৰ দিছিল।

নেপাল কমিউনিষ্ট পাৰ্টিৰ বিদ্ৰোহী গোটৰ নেতা মাধৱ কুমাৰ নেপালে জানিবলৈ দিছে যে অ’লিক নেপাল কমিউনিষ্ট পাৰ্টিৰ অধ্যক্ষ পদৰ পৰা অপসাৰণ কৰা হৈছে। নীতিগতভাৱে এতিয়া তেওঁৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰা হ’ব যিহেতু তেওঁৰ আৰু এতিয়া দলৰ সদস্য হৈ থকাৰ যোগ্যতা নাই।

অ’লিয়ে গ্ৰৰহণ কৰা সিদ্ধান্তৰ বাবে তেওঁক কাৰণ দৰ্শোৱাৰ জাননীও দিয়া হৈছে যদিও তেওঁ এতিয়ালৈকে তাৰ উত্তৰ দিয়া নাই।

উল্লেখ্য যে পূৰ্ব চৰ্ত অনুসৰি পাঁচবছৰীয়া শাসনকালৰ সময় নিজৰ মাজত ভাগ কৰি লৈছিল অ’লি আৰু বিপ্লৱী নেতা পুষ্প কুমাৰ দাহাল ওৰফে প্ৰচণ্ডই।

কিন্তু সেই চৰ্ত উপেক্ষা কৰি সময়ত প্ৰচণ্ডৰ হাতত ক্ষমতা হস্তান্তৰ কৰিবলৈ অস্বীকাৰ কৰে অ’লিয়ে। যাৰ বাবে দুই গোটৰ মাজত চৰম মতানৈক্য গঢ় লৈ উঠে।

প্ৰাক্তন মাওবাদী বিপ্লৱীসকলে অ’লিৰ চৰকাৰৰ বিৰুদ্ধে দুৰ্নীতিৰো অভিযোগ আনিছে। তদুপৰি, কৰ’নাৰ মোকাবিলাৰ ক্ষেত্ৰত চৰকাৰৰ ব্যৰ্থতাকলৈও  বিদ্ৰোহী গোট সৰৱ হৈ পৰিছিল।

সেইদৰে ভাৰতক এৰি চীনৰ সৈতে মিতিৰালি কৰাৰ বাবেও বিৰোধীসকলৰ ৰোষত পৰিছে অ’লি।