বিটিআৰৰ নেপালী (গোৰ্খা) জনগোষ্ঠীৰ লোকসকলক সংৰক্ষিত শ্ৰেণীত অন্তৰ্ভূক্তিৰ সিদ্ধান্ত কেবিনেটৰ

কোচ ৰাজবংশী জাতীয় মহাসভাৰ আদৰণি

biss

ষষ্ঠ অনুসূচীৰ অন্তৰ্গত বিটিআৰৰ চাৰিখন জিলাৰ নেপালী (গোৰ্খা) জনগোষ্ঠীৰ লোকসকলক সম্পূৰ্ণ ভূমিৰ অধিকাৰ প্ৰদান কৰি সংৰক্ষিত শ্ৰেণীত অন্তৰ্ভুক্ত কৰাৰ বাবে অসম চৰকাৰৰ কেবিনেট সিদ্ধান্তক আদৰণি জনাইছে কোচ ৰাজবংশী জাতীয় মহাসভাৰ সাধাৰণ সম্পাদক বিশ্বজিৎ ৰায়ে ৷

আজি চিৰাং জিলাৰ বিজনী চহৰত অনুষ্ঠিত এখন সংবাদমেল যোগে কোচ ৰাজবংশী জাতীয় মহাসভাৰ সাধাৰণ সম্পাদক তথা কোচ ৰাজবংশী ছাত্ৰ সন্থাৰ প্ৰাক্তন সভাপতি বিশ্বজিৎ ৰায়ে কয় যে ব্ৰিটিছ উপনিৱেশ শাসনৰ সময়তে ভূমি সংৰক্ষণ আইন প্ৰণয়ন কৰি তদানীন্তন কমতাপুৰৰ অংগ অবিভক্ত গোৱালপাৰা জিলাৰ কোচ ৰাজবংশী সকলোক সংৰক্ষিত শ্ৰেণীৰ অন্তৰ্ভুক্ত কৰিছিল যদিও অসমৰ বাকী জিলাসমূহত সংৰক্ষিত তালিকাৰ পৰা বাহিৰত আছিল ৷

যাৰ বাবে উক্ত জিলাসমূহত কোচ ৰাজবংশী সকলে মাটি ক্ৰয়-বিক্ৰয় আৰু নামজাৰি কৰাৰ ক্ষেত্ৰত যথেষ্ট অসুবিধাত ভূগিব লগা হয় ৷ ২০০৩ চনত বিটিচি চুক্তি স্বাক্ষৰিত হোৱাৰ পিছত অবিভক্ত গোৱালপাৰা জিলাৰ কোকৰাঝাৰ আৰু চিৰাং জিলাৰ কোচ ৰাজবংশী সকল সংৰক্ষিত শ্ৰেণীৰ সুবিধা পাই থাকিল যদিও বাক্সা আৰু ওদালগুৰি জিলাৰ ভূমিপুত্ৰ কোচ ৰাজবংশী সকল সংৰক্ষিত আসনত অন্তৰ্ভুক্ত নোহোৱাত ভূমি অধিকাৰৰ পৰা বঞ্চিত হৈ আছে ৷

কোচ ৰাজবংশী নেতা বিশ্বজিৎ ৰায়ে নেপালী সকলোৰ দৰে সকলোকে সমদৃষ্টিৰে বিটিআৰৰ বাক্সা আৰু ওদালগুৰি জিলাৰ কোচ ৰাজবংশী সকলোৰ লগতে বিটিআৰ অঞ্চলৰ আন আন খিলঞ্জীয়া জনগোষ্ঠী সমূহকো ভূমিৰ অধিকাৰ প্ৰদান কৰি সংৰক্ষিত শ্ৰেণীত অন্তৰ্ভুক্ত কৰিবলৈ অসম চৰকাৰক আহ্বান আনায় ৷ লগতে বিটিআৰ অঞ্চলত মাটি ক্ৰয়-বিক্ৰয়ৰ বাবে কোকৰাঝাৰ কেন্দ্ৰীক যি ব্যৱস্থা সেইটো লাঘব কৰি প্ৰতিটো ৰাজহৰ চক্ৰ বিষয়াক অৰ্পণ কৰিবলৈও অসম চৰকাৰক দাবী জনায় ৷

সেইদৰে অহা ১২ জুলাইৰ পৰা অনুষ্ঠিত হ’ব লগা অসম বিধানসভাৰ বাজেট অধিবেশনতে কোচ ৰাজবংশী সকলোক জনজাতিকৰণৰ মৰ্যাদা দিয়াৰ বাবে বিধানসভাত সৰ্বসন্মতভাৱে প্ৰস্তাৱ গ্ৰহণ, অন্তৰ্ৱৰ্তীকালীন কমতাপুৰ স্বায়ত্ত্বশাসিত পৰিষদ পুণৰ গঠন কৰাৰ লগতে প্ৰচলিত ভূমিনীতি সংশোধন কৰি অসমৰ মাটি খিলঞ্জীয়াৰ বাবে সংৰক্ষিত কৰিব লাগে যাতে খিলঞ্জীয়াৰ মাটি ভৱিষ্যতলৈ সংৰক্ষিত হৈ থাকে বুলি দাবী জনায় ৷