প্ৰতিবাদকাৰীয়ে জ্বলাই দিলে নেপালৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী ঝলানাথ খানালৰ ঘৰ। ঘৰৰ ভিতৰত আৱদ্ধ হৈ প্ৰধানমন্ত্ৰীগৰাকীৰ পত্নী ৰাজালক্ষ্মী চিত্ৰকাৰৰ মৃত্যু।
জানিব পৰা মতে, প্ৰতিবাদকাৰীয়ে ঘৰটো জ্বলাই দিয়াৰ সময়ত আৱদ্ধ হৈ আছিল ৰাজালক্ষ্মী চিত্ৰকাৰ।
পিছত সংকটজনক অৱস্থাত উদ্ধাৰ কৰি তেওঁক চিকিৎসালয়লৈ লৈ যোৱা হয় যদিও তেওঁক বচাব পৰা নগ’ল।
উল্লেখ্য যে গণবিদ্ৰোহৰ বাবে নেপালৰ প্ৰধানমন্ত্ৰীৰ পদৰ পৰা পদত্যাগ কৰিছে কে পি শৰ্মা অলিয়ে। তেওঁৰো ব্যক্তিগত বাসগৃহতো জুই লগাই দিয়া হয়।
ইয়াৰ পাছতে নেপালৰ কেইবাজনো প্ৰাক্তন আৰু বৰ্তমানৰ মন্ত্ৰীৰ ঘৰত জুই জ্বলাই দিয়ে উত্তেজিত ৰাইজে।
প্ৰতিবাদকাৰীয়ে ৰাজপথৰ মাজেৰে খেদি খেদি আক্ৰমণ কৰিছে নেপালৰ উপ প্ৰধানমন্ত্ৰী তথা বিত্তমন্ত্ৰী বিষ্ণু পৌডেলক।
প্রাক্তন প্রধানমন্ত্রী ঝলানাথ আৰু তেওঁৰ পৰিয়ালক ৰেহাই দিয়া নহ’ল৷ মঙলবাৰে ৰাজধানী কাঠমাণ্ডুৰ ডাল্লু অঞ্চলত থকা তেওঁলোকৰ ঘৰত জুই লগাই দিয়া হয়।
একাংশ সূত্ৰই দাবী কৰিছে যে তেওঁক ভিতৰত আবদ্ধ কৰি ঘৰত জুই লগাই দিয়া হৈছিল। চিকিৎসাধীন অৱস্থাত তেওঁৰ মৃত্যু হোৱা বুলি খবৰ প্ৰকাশ কৰিছে নেপালৰ স্থানীয় সংবাদ মাধ্যমে।
ছচিয়েল মিডিয়াত প্ৰচাৰ হৈছে ৰাজালক্ষ্মী চিত্ৰকাৰৰ জ্বলি যোৱা মৃতদেহৰ এখন
কিছুদিন পূৰ্বে নেপাল চৰকাৰে ছ’চিয়েল মিডিয়া নিষিদ্ধ কৰিছিল। তাৰপিছত ৰাজপথলৈ ওলাই আহিছিল নেপালী ছাত্ৰ-ছাত্ৰী আৰু যুৱক-যুৱতী।
সোমবাৰে প্ৰতিবাদৰ সময়ত আৰক্ষীয়ে গুলীচালনা কৰাত ১৯ জন লোক নিহত হয়। ইয়াৰ পিছতে তীব্ৰতৰ হৈ পৰে প্ৰতিবাদ।
নিশা কেপি শৰ্মা অলী চৰকাৰে নিষেধাজ্ঞা প্ৰত্যাহাৰ কৰি নতুন অধিসূচনা জাৰি কৰিবলৈ বাধ্য হয়। কিন্তু এই অধিসূচনাই বিদ্ৰোহ ম্লান কৰিব নোৱাৰিলে।
মঙলবাৰে পুৱাৰে পৰা অলিৰ পদত্যাগৰ দাবীত প্ৰতিবাদ তীব্ৰতৰ হৈ পৰে। দুপৰীয়াৰ ভাগত অলিয়ে পদত্যাগ কৰাৰ লগতে দেশ এৰি পলায়ন কৰে।
নেপালৰ আন এজন প্ৰাক্তন প্ৰধানমন্ত্ৰী তথা চিপিএন নেতা প্ৰচন্দৰ বাসগৃহতো আন্দোলনকাৰীয়ে জুই লগাই দিয়ে। ইয়াৰ উপৰিও সদ্য পদত্যাগ কৰা গৃহমন্ত্ৰী ৰমেশ লখকৰ আৰু দূৰসংযোগ মন্ত্ৰী পৃথ্বী চুব্বা গুৰুঙৰ বাসগৃহতো জুই লগাই দিয়া হয়।
নেপালী কংগ্ৰেছৰ সভাপতি শ্বেৰ বাহাদুৰ দেউবাৰ ঘৰ আৰু নেপালী কংগ্ৰেছৰ মুখ্য কাৰ্যালয়ত জুই জ্বলাই দিয়া হয়। ইয়াৰ উপৰিও ইউএমএল নেতা মহেশ বাছনেট আৰু নেপালী কংগ্ৰেছ নেতা গগন থাপাৰ ঘৰতো জুই জ্বলাই দিয়া হয়।প্ৰতিবাদকাৰীয়ে নেপালী সংসদ ভৱন আৰু উচ্চতম ন্যায়ালয়তো ভাঙি লণ্ডভণ্ড কৰে।