উপ-প্ৰধানমন্ত্ৰীকে ধৰি ৪ মন্ত্ৰীৰ পদত্যাগ; নেপালৰ পুষ্প কমল দাহলৰ মিত্ৰজোঁট চৰকাৰৰ সংকট!

নেপালৰ প্ৰধানমন্ত্ৰী পুষ্প কমল দাহাল।

নেপালৰ উপ-প্ৰধানমন্ত্ৰী ৰাজেন্দ্ৰ লিংডেন আৰু আন তিনিজন মন্ত্ৰীয়ে পদত্যাগ কৰিছে। তেওঁলোকে শনিবাৰে তেওঁলোকৰ পদত্যাগ পত্ৰ দাখিল কৰিছে। ফলত সংকটত পৰিছে শাসকীয় মিত্ৰজোঁট চৰকাৰ।

বাতৰি অনুসৰি, নেপালৰ প্ৰধানমন্ত্ৰী পুষ্প কমল দাহালে (প্ৰচণ্ড)শুকুৰবাৰে কৈছিল যে তেওঁ অহা মাহৰ ৰাষ্ট্ৰপতি নিৰ্বাচনত কমিউনিষ্ট ইউনিফাইড মাৰ্ক্সবাদী লেনিনবাদী (ইউএমএল) দলৰ প্ৰাৰ্থীক সমৰ্থন কৰাৰ পৰিৱৰ্তে বিৰোধী নেপালী কংগ্ৰেছ দলৰ প্ৰাৰ্থী ৰামচন্দ্ৰ পাউডেলক সমৰ্থন কৰিব।

ইয়াৰ পৰিপ্ৰেক্ষিততে মিত্ৰজোঁট চৰকাৰত খহনীয়াৰ সৃষ্টি হয়। পিছদিনাই উপ-প্ৰধানমন্ত্ৰী আৰু আন তিনিজন মন্ত্ৰীয়ে পদত্যাগ কৰে।

ৰাজেন্দ্ৰ লিংডেনৰ লগতে নগৰ উন্নয়ন মন্ত্ৰী, আইন মন্ত্ৰী আৰু এজন উপমন্ত্ৰীয়েও পদত্যাগ কৰে। ৰাজেন্দ্ৰ বিদ্যুৎ, জল সম্পদ আৰু জলসিঞ্চন মন্ত্ৰালয়ৰ দায়িত্বত আছিল।

তেওঁ কয়, “আমি যোগদান কৰা মিত্ৰজোঁটৰ চৰকাৰ আৰু এতিয়া নাই। চৰকাৰত অব্যাহত ৰখাটো আৰু ঠিক নহয়। ‘

পৰ্যবেক্ষকসকলে কয় যে ইয়াৰ বাবে প্ৰধানমন্ত্ৰী তাৎক্ষণিকভাৱে সংকটত পৰিব বুলি ভাৱ নহয়। অৱশ্যে, এক নতুন মিত্ৰজোঁট গঠনৰ বাবে পদক্ষেপ লোৱা হ’ব।

অৱশ্যে, প্ৰধানমন্ত্ৰীয়ে মন্ত্ৰীসকলৰ এই পদত্যাগসমূহ গ্ৰহণ কৰিছে নে নাই সেয়া নিশ্চিতভাৱে জনা নাযায়।

নেপালৰ ৰাষ্ট্ৰপতি নিৰ্বাচন অহা ৯ মাৰ্চত অনুষ্ঠিত হ’ব। যোৱা বছৰ নৱেম্বৰত দেশখনত সংসদীয় নিৰ্বাচন অনুষ্ঠিত হৈছিল। কিন্তু কোনো দলে সংখ্যাগৰিষ্ঠতা লাভ কৰা নাছিল। ইয়াৰ ফলত পুষ্পকমল দাহালৰ নেতৃত্বত মিত্ৰজোঁটৰ চৰকাৰ গঠন হয়।