ব্ৰহ্মপুত্ৰকলৈ পুনৰ ‘চমৎকাৰী’ পৰিকল্পনা চৰকাৰৰ,পানীৰ সোঁত সলনি কৰাৰ বিষয়ে অধ্যয়ন চলাব NESAC-ISRO ই

পূৰ্বৰ ছেটেলাইট অধ্যয়নৰ প্ৰতিবেদনসমূহক কিয় দিয়া নহ'ল গুৰুত্ব?

bra

মহাবাহু ব্ৰহ্মপুত্ৰই প্ৰতিবছৰে বাৰিষাৰ সময়ত সমগ্ৰ ৰাজ্যতে সংহাৰ লীলা চলাই আহিছে। চৰকাৰে ব্ৰহ্মপুত্ৰক নিয়ন্ত্ৰণ কৰাৰ বাবে কেইবাটাও বিয়াগোম বিভাগৰ নামত প্ৰতি বছৰে কোটি কোটি টকা পানীতো পেলাই আহিছে।

ইমানৰ পিছতো মহাবাহু ব্ৰহ্মপুত্ৰক নিয়ন্ত্ৰণ কৰাত ব্যৰ্থ হৈছে চৰকৰ। এইবাৰ সেয়ে নৰ্থ ইষ্টাৰ্ণ স্পেছ এপ্লিকেছন চেণ্টাৰ চমুকৈ NESAC আৰু ভাৰতীয় মহাকাশ গৱেষণা প্ৰতিষ্ঠান ISRO ৰ সহযোগত ব্ৰহ্মপুত্ৰৰ বিষয়ে বিস্তৃত অধ্যয়ন চলাবলৈ সাজু হৈছে কেন্দ্ৰীয় চৰকাৰ।

অসম বিধানসভাৰ নিৰ্বাচনৰ পূৰ্বে বিজেপিৰ কেন্দ্ৰীয় নেতৃত্বই অসমলৈ আহি ডিঙি ফুলাই ঘোষণা কৰিছিল যে অসমক বান মুক্ত কৰা হ’ব। সেই ঘোষণাকেই সাকাৰ ৰূপ দিয়াৰ বাবেই হয়তো কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে আজি শ্বিলঙত অনুষ্ঠিত বৈঠকত বাৰিষা ব্ৰহ্মপুত্ৰৰ পানী ভাগৰ গতি সলনি কৰাৰ বিষয়ে আলোচনা কৰে। বৈঠকতে গৃহমন্ত্ৰী শ্বাহে ঘোষণা কৰে যে নৰ্থ ইষ্টাৰ্ণ স্পেছ এপ্লিকেছন চেণ্টাৰ চমুকৈ NESAC আৰু ভাৰতীয় মহাকাশ গৱেষণা প্ৰতিষ্ঠান ISRO ৰ সহযোগত ব্ৰহ্মপুত্ৰৰ বিষয়ে বিস্তৃত অধ্যয়ন চলোৱা হ’ব আৰু কিদৰে ব্ৰহ্মপুত্ৰ পানী ভাগ আনদিশে লৈ যাব পাৰি সেই বিষয়ে ব্যৱস্থা গ্ৰহণ কৰা হ’ব।

শ্বিলঙত অনুষ্ঠিত বৈঠকৰ এক দৃশ্য

শ্বিলঙৰ NESAC ত অনুষ্ঠিত বৈঠকত উত্তৰ-পূৰ্ব্ঞ্চলৰ ৰাজ্য কেইখনৰ মুখ্যমন্ত্ৰীসকলৰ লগতে ডনাৰ মন্ত্ৰী জি কিষাণ ৰেড্ডী,ISRO ৰ অধ্যক্ষ কে চিভান, কেন্দ্ৰীয় বিজ্ঞান-প্ৰযুক্তি দপ্তৰৰ মন্ত্ৰী জিতেন্দ্ৰ সিং আদি উপস্থিত থাকে।

কেন্দ্ৰই প্ৰযুক্তি প্ৰতিষ্ঠানৰ জৰিয়তে ব্ৰহ্মপুত্ৰৰ বিষয়ে অধ্যয়ন চলাব বিচৰাৰ কথাটো আদৰণিও যদিও এই কামফেৰা চৰকাৰে কেতিয়াবাই কৰিব লাগিছিল। অসমত বান সমস্যাক ৰাষ্ট্ৰীয় সমস্যা হিচাবে ঘোষণা কৰিবলৈ বছৰৰ পিছত বছৰ ধৰি দাবী উত্থাপন হৈ আহিছে।

ইয়াৰ পৰিপ্ৰেক্ষিততেই কেন্দ্ৰই ব্ৰহ্মপুত্ৰৰ বিষয়ে আগতেই অধ্যয়ন চলাই এতিয়ালৈকে কাৰ্যকৰী ব্যৱস্থাই গ্ৰহণ কৰিব পাৰিব লাগিছিল। কিন্তু সেয়া আজিলৈকে চৰকাৰে কৰা নাই।

লক্ষ্যণীয় কথাটো হ’ল ইতিমধ্যে ২১৫ টা ছেটেলাইট ডাটা বেছৰ আলমত অসমৰ বাবে ১৯৯৮-২০১৫ চনৰ ভিতৰত ফ্লাড হাজাৰ্ড লেয়াৰ চিনাক্ত কৰি ফ্লাড হাজাৰ্ড মেপ প্ৰস্তুত কৰা হৈছে।

ফ্লাড হাজাৰ্ড লেয়াৰ হৈছে বিগত ১৮ টা বছৰৰ ভিতৰত কোনো এটা অঞ্চলত বানে কেনেদৰে সংহাৰ চলাইছে তাৰ তথ্যৰ ভিত্তিত চিনাক্ত কৰা অঞ্চল। এনেবোৰ অঞ্চল চিনাক্ত কৰাৰ পিছতো আজিলৈকে সেই অঞ্চলসমূহক বান মুক্ত কৰিব পৰা নাই চৰকাৰে।

ব্ৰহ্মপুত্ৰই সৃষ্টি কৰা গৰাখহনীয়াৰ বিষয়েও ইতিমধ্যে কৃত্ৰিম উপগ্ৰহৰ জৰিয়তে অধ্যয়ন চলাই প্ৰতিবেদন প্ৰকাশ কৰা হৈছে। কিন্তু সময়ত সেইবোৰো মূল্যহীন হৈ পৰি ৰ’ল।এই প্ৰসংগতে ৰুৰকীৰ আইআইটিয়ে কৰা অধ্যয়নৰ কথাই উনুকিয়াব পাৰি।

ইমানৰ পিছতো আকৌ ব্ৰহ্মপুত্ৰৰ বিষয়ে দেশৰ বিজ্ঞান প্ৰতিষ্ঠানে ছেটেলাইটৰ জৰিয়তে অধ্যয়ন চলাব বুলি কৰা ঘোষণা হয়তো অসমৰ বানাক্ৰান্ত ৰাইজৰ বাবে কোনো আশাব্যঞ্জক ঘোষণা নহ’ব।