ত্ৰিপুৰাত আবদ্ধ সমুজ্জ্বল ভট্টাচাৰ্য্যসহ নেছ’ৰ দল

বিজেপি শাসিত ত্ৰিপুৰাত অঘোষিত জৰুৰীকালীন অৱস্থা, বন্ধ ইণ্টাৰনে’ট। ঘটনাথলী খুমুলৱং (Khumulwng)লৈ যোৱাত বাধা আৰোপ কৰি শুকুৰবাৰে ৰাজধানী আগৰতলাতে আবদ্ধ কৰা হৈছে নেছ’ৰ দলটোক।

neso

প্ৰতীকী ছবি। ফে’চবুকৰ সৌজন্যত।

নাগৰিকত্ব বিধেয়কৰ বিৰুদ্ধে আহ্বায়িত উত্তৰ-পূব বন্ধত আৰক্ষীৰ গুলীচালনাত আহত ত্ৰিপুৰী খিলঞ্জীয়াৰ খবৰ ল’বলৈ গৈ বিজেপি শাসিত ত্ৰিপুৰাত প্ৰশাসনৰ বাধাৰ সন্মুখীন হৈছে সমুজ্জ্বল ভট্টাচাৰ্য্যসহ নেছ’ৰ প্ৰতিনিধি দল।

ঘটনাথলী খুমুলৱং (Khumulwng)লৈ যোৱাত বাধা আৰোপ কৰি শুকুৰবাৰে ৰাজধানী আগৰতলাতে আবদ্ধ কৰা হৈছে নেছ’ৰ দলটোক।

“আগৰতলাৰ পৰা ২৯ কি.মি. দূৰৰ খুমুলৱঙলৈ যোৱাত আমাক আৰক্ষীয়ে বাধা আৰোপ কৰিছে,” নৰ্থ ইষ্ট নাও-ক জনাই নেছ’ৰ এগৰাকী মুখপাত্ৰই। প্ৰতিনিধি দলটোক আগৰতলাত চিকিৎসাধীন আহত প্ৰতিবাদীসকলকহে বৃহস্পতিবাৰে সাক্ষাতৰ অনুমতি দিয়ে প্ৰশাসনে।

ঘটনাটোৰ পিছতে বন্ধ কৰি দিয়া ইণ্টাৰনে’ট সেৱা শুকুৰবাৰেও মুকলি কৰি দিয়া হোৱা নাই চুবুৰীয়া ৰাজ্যখনত। বিৰাজ কৰিছে এক অঘোষিত জৰুৰীকালীন অৱস্থা।

লগতে পঢ়ক– খিলঞ্জীয়াক গুলী, বৰ্বৰ আক্ৰমণ: ত্ৰিপুৰা অভিমুখে ঢাপলি আছুৰ

মুঠ ১৮ গৰাকী লোক আহত হোৱা ঘটনাটোত আহত ৪গৰাকী জনজাতীয় যুৱক ঘটনাথলী খুমুলৱঙৰ অসামৰিক চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে।

সমুজ্জ্বল ভট্টাচাৰ্য্যই নৰ্থ ইষ্ট নাও-ক জনোৱা মতে গুৰুতৰভাৱে আহত দুগৰাকীক উন্নত চিকিৎসাৰ বাবে ইতিমধ্যে ক’লকাতালৈ প্ৰেৰণ কৰা হৈছে।

মুখ্য মন্ত্ৰী বিপ্লব দেবে পশ্চিম ত্ৰিপুৰাত সংঘটিত গুলীচালনাৰ ঘটনাটোৰ দণ্ডাধীশ পৰ্য্যায়ৰ তদন্তৰ বাবে বৃহস্পতিবাৰে নিৰ্দেশ দিছে।