নেটফ্লিক্সলৈ আহি আছে বিশ্ব সাহিত্য : মুক্তিৰ পথত মাৰ্কেজৰ ‘ৱান হাণ্ড্ৰেড ইয়াৰ্ছ অৱ ছলিটিউড’

নেটফ্লিক্সলৈ আহি আছে নোবেল বঁটা বিজয়ী তথা কালজয়ী সাহিত্যিক গেব্ৰিয়েল গাৰ্চিয়া মাৰ্কেজৰ উপন্যাস ‘ৱান হাণ্ড্ৰেড ইয়াৰ্ছ অৱ ছলিটিউড’। উপন্যাসখনৰ আধাৰত নিৰ্মিত এই ধাৰাবাহিকখনৰ টিজাৰ শেহতীয়াকৈ মুকলি কৰা হৈছে।

জানিব পৰা মতে, স্পেনিছ ভাষাৰ এই ধাৰাবাহিকখনৰ দৃশ্যগ্ৰহণ কলম্বিয়াত কৰা হৈছে।

মাৰ্কেজে সাহিত্যৰ নোবেল বঁটাৰ লাভ কৰা ৪০ বছৰীয়া জয়ন্তী উপলক্ষে ২০২২ চনতেই নেটফ্লিক্সে  এই ধাৰাবাহিকখনৰ এটা চুটি টিজাৰো মুকলি কৰিছিল।

উল্লেখ্য যে ১৯৬৭ চনত প্ৰকাশ হৈছিল মাৰ্কেজৰ এই কালজয়ী উপন্যাসখন। প্ৰকাশৰ পিছৰে পৰা এই গ্ৰন্থখনৰ প্ৰায় ৫ কোটি কপি বিক্ৰী হৈছে। অসমীয়া ভাষাকে ধৰি বিশ্বৰ ৪০ৰো অধিক ভাষালৈ অনুবাদ কৰা হৈছে উপন্যাসখন। 

২০১৯ চনত নেটফ্লিক্সে মাৰ্কেজৰ উপন্যাসৰ আধাৰত এখন ধাৰাবাহিক নিৰ্মাণৰ দায়িত্ব লোৱা বুলি খবৰ প্ৰকাশ পাইছিল।

জানিব পৰা এই ধাৰাবাহিকখনৰ প্ৰযোজনা কৰিছে কলম্বিয়াৰ মনোৰঞ্জন কোম্পানী ডাইনামোৱে। ইয়াৰ পূৰ্বে কোম্পানীটোৱে ৪৭খন সফল ছবি আৰু ২৫খন টেলিভিছন ধাৰাবাহিক নিৰ্মাণ কৰিছিল।

১৬টা খণ্ডৰ এই ধাৰাবাহিকখনৰ চিত্ৰনাট্য লিখি উলিয়াইছে জোচে ৰিভেৰা, নাটালিয়া চান্টা, কেমিলা ব্ৰুজেছ, মাৰিয়া কেমিলা আৰিয়াছ আৰু আলবাট্ৰছ গনজালেজে। ধাৰাবাহিকখন পৰিচালনা কৰিছে ল’ৰা মোৰা আৰু এলেক্স গাৰ্চিয়া লোপেজে।

এই ধাৰাবাহিকখনত কলম্বিয়া আৰু লেটিন আমেৰিকাৰ আটাইতকৈ প্ৰতিভাৱান শিল্পীসকলে অভিনয় কৰিছে।