ইন্দ্ৰাণী মুখাৰ্জীয়ে সঁচাকৈয়ে হত্যা কৰিছিল নে নিজ কন্যা শ্বীনা বৰাক? নেটফ্লিক্সত খোল খাব ৰহস্যৰ!

২০১৭ চনৰ ঘটনা। মুম্বাই উচ্চ ন্যায়ালয়ত সাক্ষ্য দি ইন্দ্ৰাণী মুখাৰ্জীৰ গাড়ীৰ চালকজনে যি দাবী উত্থাপন কৰিছিল সেয়া চাঞ্চল্যকৰ! তেওঁ দাবী কৰে যে ইন্দ্ৰানীয়ে কন্যা শ্বীনা বৰাৰ দুহাত পিঠিৰ পিছফালে বান্ধিছিল। ইয়াৰ পিছত তেওঁ ছোৱালীজনীৰ মুখত চেপি ধৰিছিল। কৈছিল, “তই ফ্লেট বিচাৰিছিলি নহয়? এইটো ল তোৰ তিনিটা কোঠাৰ ফ্লেট।”

গাড়ী চালকজনে লগতে কৈছিল যে ইন্দ্ৰানীয়ে শ্বীনাৰ মৃত্যু হোৱা বুলি নিশ্চিত হৈ পৰাৰ পিছত শ্বীনাৰ ওঁঠত লিপষ্টিক লগাই দিছিল। তাৰ পিছত মৃতদেহটো পেট্ৰল ঢালি জ্বলাই দিছিল। শ্বীনা বৰাৰ হত্যাকাণ্ডক লৈ এই চাঞ্চল্যকৰ দাবী কৰিছিল ইন্দ্ৰানীৰ গাড়ী চালক শ্যামবৰ ৰায়ে।

লগতে পঢ়কঃ বোৱাৰীয়েকৰ মেকআপ লুকুৱাই ব্যৱহাৰ কৰে শাহুৱে; পুত্ৰৰ পৰা বিবাহ বিচ্ছেদ বিচাৰিলে পত্নীয়ে

কিন্তু কন্যাক হত্যা কৰাৰ অভিযোগ বাৰে বাৰে অস্বীকাৰ কৰি আহিছে ইন্দ্ৰানীয়ে। শ্বীনা বৰা হত্যাকাণ্ডত ৬ বছৰ কাৰাবাস খাটি আপাততঃ জামিন লাভ কৰে। ইয়াৰ পিছত ৬ মাহ আগতে তেওঁৰ দ্বাৰা লিখা এখন গ্ৰন্থ প্ৰকাশ পাইছিল। ইয়াৰ নাম ‘আনব্ৰকেন: দ্য আনটল্ড ষ্ট’ৰী’ (Unbroken: The Untold Story)। এইখন ইন্দ্ৰাণীৰ ৬ বছৰীয়া কাৰাদণ্ডকে ধৰি একপ্ৰকাৰ আত্মজীৱনী।

সেই কিতাপখনৰ আধাৰতে এইবাৰ নেটফ্লিক্সলৈ আহি আছে এখন নতুন ডকু চিৰিজ। ইন্দ্ৰাণী মুখাৰ্জীয়ে নেটফ্লিক্সত শ্বীনা বৰাৰ হত্যাকাণ্ডৰ বিষয়ে মুখ খুলিছে। ছিৰিজৰ নাম হৈছে ইন্দ্ৰাণী মুখাৰ্জী ষ্টোৰী: বাৰিড ট্ৰুথ (The Indrani Mukerjea Story: Buried Truth)।

সোমবাৰে নেটফ্লিক্সে প্ৰকাশ কৰে ডকু ছিৰিজটোৰ পোষ্টাৰ। ২৩ ফেব্ৰুৱাৰীত অ’টিটিত এইখন মুক্তি পাব। নতুন ছিৰিজটোৰৰ প্ৰচাৰত নেটফ্লিক্সে লিখিছে, “এইটো এটা কলংকিত কাহিনী যিয়ে সমগ্ৰ দেশক কঁপাই তুলিছিল। এটা পৰিয়ালৰ গোপন কাণ্ড কাৰখানা, ইয়াৰ আটাইতকৈ অন্ধকাৰ দিশটোৱে এই কাহিনীৰ কেন্দ্ৰবিন্দু।”

২০১২ চনত প্ৰথম পক্ষৰ কন্যা শ্বীনাক হত্যা কৰাৰ অভিযোগত ২০১৫ চনত গ্ৰেপ্তাৰ কৰা হৈছিল ইন্দ্ৰানীক। একে অভিযোগতে তেওঁৰ তৃতীয় স্বামী পিটাৰ মুখাৰ্জীকো গ্ৰেপ্তাৰ কৰা হৈছিল। পিটাৰ আছিল এজন মিডিয়া বেৰন। হত্যাকাণ্ডৰ ৩ বছৰৰ পাছত ইন্দ্ৰানীৰ চালকজনে ‘সত্যটো’ পোহৰলৈ আনে। এই হত্যাকাণ্ডৰ খবৰ প্ৰকাশ পালে ইন্দ্ৰানীয়ে তেওঁকো হত্যা কৰাৰ ভাবুকি দিছিল বুলি দাবী কৰে গাড়ী চালকজনে। শ্যামবৰেই শ্বীনাৰ দেহৰ অৱশিষ্টৰ সন্ধান দিছিল। মৃতদেহ মুম্বাইৰ সমীপৰ এখন হাবিত পুতি থোৱা হৈছিল।

লগতে পঢ়কঃ আজিয়েই পৃথিৱীৰ কাষেৰে পাৰ হৈ যাব ১৩০ ফুট দৈৰ্ঘ্যৰ গ্ৰহাণু; জনাইছে নাছাই

এই সকলোবোৰ অস্বীকাৰ কৰিছে ইন্দ্ৰানীয়ে। তদন্তৰ প্ৰমাণ সংগ্ৰহৰ কাম এতিয়াও চলি আছে। ইফালে পিটাৰ মুখাৰ্জীৰো জামিন মঞ্জুৰ কৰা হৈছে। এতিয়া নেটফ্লিক্সত ইন্দ্ৰানীয়ে নিজৰ আত্মপক্ষ সমৰ্থনত কি ক’লে সেইটোহে লক্ষ্যণীয়।