FIFA World Cup 2022: দুৰ্দান্ত যুঁজ দিও পৰাজিত ছেনেগাল; কোডি গাকপো, ক্লাচেনৰ গোলেৰে নেডাৰলেণ্ডৰ ৰোমাঞ্চকৰ জয়

Netherlands beat Senegal সোমবাৰৰ প্ৰথমখন খেলত ইংলেণ্ডে ইৰাণক ৬-২ ব্যৱধানত পৰাস্ত কৰাৰ পিছত ফুটবল অনুৰাগীসকলে দ্বিতীয় খন খেলত বিপৰীত ছবি দেখা পালে। ছেনেগাল বনাম নেডাৰলেণ্ডৰ খেলখন এখন তীব্ৰ প্ৰতিদ্বন্দ্বিতামূলক খেল হিচাপে দৰ্শকক মুগ্ধ কৰি ৰাখিলে।

এটা সময়ত এনে লাগিছিল যে খেলখন গোলবিহীনভাৱে সমাপ্ত হ’ব। অৱশ্যে ৮৪ মিনিটত কোডি গাকপোৰ হেডেৰে দিয়া গোলৰ পিছত ৯০ মিনিটত ডেভি ক্লাচেনৰ গ’লটোৱে ডাচ্চ ব্ৰিগেড আৰু দলটোৰ মুখ্য প্ৰশিক্ষক লুই ভান গালৰ মুখত হাঁহি বিৰিঙাই দিয়ে।

গাকপোৰ হেডেৰে দিয়া গোলটোৰ পিছত নেদাৰলেণ্ডে পশ্চিম আফ্ৰিকাৰ দলটোৰ বিৰুদ্ধে ৰিটাৰ্ণ বলত ক্লাচেনৰ এটা গোলেৰে ২-০ ব্যৱধানত জয়লাভ কৰে। কিন্তু পৰাজিত হ’লেও ছেনেগালৰ যুঁজখন আছিল চকুত লগা। গোটেই মেচখনত ছাদিঅ’ মানেৰ অনুপস্থিতি অনুভৱ হৈছিল যদিও আলাউ চিছেৰ দলটোৱে হাৰ মানিব খোজা নাছিল।

খেলৰ ২৯ মিনিটত নেদাৰলেণ্ডৰ আক্ৰমণকাৰী মিডফিল্ডাৰ ফ্ৰাংকাই ডি জং হেলাই এটা সহজ গ’ল কৰাৰ সুযোগ হেৰুৱায়। স্বাভাৱিকতে, লুই ভান গালৰ দলটোৰ চাপ বৃদ্ধি পায়। অৱশ্যে দ্বিতীয়াৰ্ধৰ শেষৰ ফালে খেলপথাৰলৈ অহা অগণন ‘নেদাৰলেণ্ড বাহিনীৰ’ সমৰ্থকৰ মুখত হাঁহি বিৰিঙাই তোলে পি এছ ভিৰ ২৩ বছৰীয়া উইংগাৰ-য়ে। তাৰ পিছত ২৯ বছৰীয়া মিডফিল্ডাৰজনে ইনজুৰী টাইমত এটা গোল কৰি দলৰ ব্যৱধান বৃদ্ধি কৰে।

আল থুমামা ষ্টেডিয়ামত অনুষ্ঠিত খেলখনৰ প্ৰথমাৰ্ধত নেদাৰলেণ্ডৰ খেলুৱৈসকল বলৰ দখলত আগবাঢ়ি আছিল। ডাচ ফুটবলাৰসকলে খেলখনৰ ৫৪ শতাংশ সময় বল তেওঁলোকৰ ভৰিত ৰাখে। দখলত আগবাঢ়ি থাকিলেও আক্ৰমণত দুয়োটা দল প্ৰায় সমান আছিল। নেডাৰলেণ্ডে বিৰতিলৈকে পাঁচবাৰ ছেনেগাল শিবিৰত আক্ৰমণ কৰিছিল। ইয়াৰ বিপৰীতে ছেনেগালে ছয়বাৰ আক্ৰমণ চলাইছিল। কিন্তু দুয়োটা দলে লক্ষ্যত এটাও শ্বট ৰাখিব নোৱাৰিলে। ফলস্বৰূপে প্ৰথমাৰ্ধত কোনো গোল হোৱা নাছিল।