NORTHEAST NOW (Assamese)

‘১টকাত ছেনিটাৰী পেড’: লালকিল্লাত প্ৰধান মন্ত্ৰীৰ ঘোষণাক প্ৰশংসাৰে উপচালে বিভিন্নজনে

August 15, 2020 1:25 pm · এন ই নাও নিউজ

দেশৰ প্ৰধান মন্ত্ৰীৰ ভাষণত ছেনিটাৰী পেডৰ কথা। স্বাভাৱিকতেই সকলোৰে বাবে এক আচৰিত ঘটনা যেন লগা এক কথা। কিন্তু ইয়াৰ বাবে প্ৰধান মন্ত্ৰীগৰাকীয়ে দেশৰ নাগৰিকৰ পৰা পালে বহু আন্তৰিক প্ৰশংসা।

ভাৰতৰ বিভিন্ন অংশত এতিয়াও ঋতুস্ৰাৱক লৈ অস্পৃশ্যতা বিদ্যমান। সেই অস্পৃশ্যতা দূৰ কৰাৰ বাবে প্ৰধান মন্ত্ৰী মোদীয়ে ল’লে এক বৃহৎ পদক্ষেপ।

দেশৰ ৭৪সংখ্যক স্বাধীনতা দিৱস উপলক্ষে লালকিল্লাৰ পৰা দিয়া ভাষণত প্ৰধান মন্ত্ৰীয়ে ছেনিটাৰী পেড সম্পৰ্কত মুখ খুলিলে।

নিজৰ ভাষণত মোদীয়ে কয়, ‘’কন্যা আৰু ভগ্নীসকলৰ স্বাস্থ্যৰ সম্পৰ্কে চৰকাৰ সদায় সজাগ। দেশৰ ৬,০০০ জন ঔষধি কেন্দ্ৰৰ জৰিয়তে অতি কম সংখ্যক মহিলাই ১টকাত ছেনিটাৰী পেড লাভ কৰিছে। কন্যা সন্তানসকলৰ বিয়াৰ ন্যুনতম বয়স ঠিক কৰাৰ বাবে চৰকাৰে এখন কমিটি গঠন কৰিছে। সেই কমিটিৰ প্ৰতিবেদন পোৱাৰ পাছতে আমি উপযুক্ত সিদ্ধান্ত গ্ৰহণ কৰিম।‘’

লালকিল্লাত মোদীৰ এই বক্তৱ্যই ছচিয়েল মিডিয়াত প্ৰশংসাৰ জোৱাৰ তুলিছে।

https://twitter.com/Jayajaitly/status/1294469514126454784

নাগৰিকসকলে মন্তব্য কৰিছে যে আন কোনো দেশে ভাবিব পাৰে যে এখন ঐতিহাসিক মঞ্চৰ পৰা এগৰাকী প্রধান মন্ত্রীয়ে মহিলাৰ সফলতা আৰু ছেনিটাৰী পেডক লৈ কথা কৈছে তাক মানুহে প্ৰগতিশীল বুলি নকৈ কি বুলি ক’ব?

আনহাতে, আন এক টুইটাৰত এজনে লিখিছে যে স্বাধীনতা দিৱসৰ ভাষণত প্ৰধান মন্ত্ৰীয়ে ছেনিটাৰী পেডৰ কথা কৈছে। এয়া অস্পৃশ্যতাৰ বিৰুদ্ধে যুঁজত এক মাইলৰ খুঁটি।

সেইদৰে আন এগৰাকীয়ে কৈছে যে এটা সময় আছিল যেতিয়া লুকাই চুৰাই ঘৰত ছেনিটাৰী পেডৰ কথা পতা হৈছিল। প্ৰধান মন্ত্ৰীয়ে তেওঁৰ ভাষণত সেইকথা ক’লে। দেশত এনেধৰণৰ অস্পৃশ্যতা যেন ধুই মচি পেলালে।

Related News