NORTHEAST NOW (Assamese)

কেতিয়াও শিৰণত কৰা নাই, নকৰো; আৰ এছ এছ-বিজেপিৰ বিৰুদ্ধে অব্যাহত থাকিব মতাদৰ্শগত যুঁজ

March 11, 2023 2:19 pm · এন ই নাও নিউজ, গুৱাহাটী

ৰে’লৱে চাকৰিত নিযুক্তিৰ বিনিময়ত ভূমি উপঢৌকন গ্ৰহণৰ গোচৰত কেন্দ্ৰীয় তদন্তকাৰী সংস্থা চিবিআই আৰু এনফৰ্চমেণ্ট ডাইৰেক্টৰেটৰ ধাৰাবাহিক জেৰা তথা তদন্তৰ সন্মুখীন হৈছে বিহাৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা ৰাষ্ট্ৰীয় জনতা দলৰ পিতৃপুৰুষ লালু প্ৰসাদ যাদৱৰ পৰিয়াল।

কেন্দ্ৰীয় তদন্তকাৰী সংস্থাসমূহৰ নিয়মিত জেৰা সন্দৰ্ভত শাসনাধিষ্ঠ বিজেপি চৰকাৰৰ বিৰুদ্ধে সৰৱ হৈ পৰিছে লালু প্ৰসাদ যাদৱ। বিজেপি চৰকাৰে এইদৰে ‘ভিত্তিহীন প্ৰতিশোধমূলক গোচৰ’ৰ আধাৰত কন্যা, নাতিনী, আৰু গৰ্ভৱতী বোৱাৰীক হাৰাশাস্তি কৰাৰ অভিযোগ উত্থাপন কৰিছে বয়োজ্যেষ্ঠ ৰাজনীতিবিদগৰাকীয়ে।

এক টুইট যোগে বিজেপি চৰকাৰক আক্ৰমণ কৰি লালুৱে কয়, “আমি জৰুৰীকালীন অৱস্থাৰ অন্ধকাৰ সময়ছোৱাও দেখিছো। আমি সেই যুদ্ধখন যুঁজিছিলোও। আজি মোৰ ছোৱালী, কণমানি নাতিনী, আৰু গৰ্ভৱতী বোৱাৰীক ১৫ ঘন্টা ধৰি বিজেপি ইডিয়ে ভিত্তিহীন প্ৰতিশোধমূলক গোচৰত বহাই ৰাখিছে। বিজেপিয়ে আমাৰ সৈতে ৰাজনৈতিক যুঁজত লিপ্ত হ’বলৈ ইমান নিম্ন পৰ্যায়লৈকে নামি যাবনে?”

 

তেওঁ লগতে কয় যে ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘ আৰু বিজেপিৰ বিৰুদ্ধে তেওঁৰ মতাদৰ্শগত যুঁজ চলি আছে আৰু এই যুঁজ অব্যাহত থাকিব। “মই কেতিয়াও তেওঁলোকৰ সন্মুখত শিৰণত কৰা নাই, আৰু মোৰ পৰিয়াল আৰু দলৰ কোনোৱেই আপোনালোকৰ ৰাজনীতিৰ আগত শিৰণত নকৰে” বুলিও আন এক টুইটত দৃঢ়তাৰে কয় লালু প্ৰসাদ যাদৱে।

উল্লেখ্য যে, এই গোচৰত চিবিআইয়ে লালু প্ৰসাদ যাদৱ আৰু ৰাবৰি দেৱীক কেইবাদিন ধৰি একেলগে সোধা-পোছা কৰাৰ পিছতে কালি ইডিয়ে বিহাৰৰ উপ-মুখ্যমন্ত্ৰী তথা লালু পুত্ৰ তেজস্বী যাদৱৰ দিল্লীস্থিত বাসস্থানত তালাচী চলায়।

সমান্তৰালভাৱে লালু যাদৱৰ কন্যা ৰাগিনী যাদৱ, চন্দা যাদৱ, হেমা যাদৱ আৰু প্ৰাক্তন আৰজেডি বিধায়ক আবু দোজানাৰ নামত থকা পাটনা, ফুলৱাৰী শ্বৰীফ, দিল্লী-এনচিআৰ, ৰাঞ্চি, আৰু মুম্বাইৰ চৌহদসমূহতো অভিযান চলিছিল।

Related News