• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, July 12, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

কেতিয়াও শিৰণত কৰা নাই, নকৰো; আৰ এছ এছ-বিজেপিৰ বিৰুদ্ধে অব্যাহত থাকিব মতাদৰ্শগত যুঁজ

পৰিয়ালৰ বিৰুদ্ধে ৰাজনৈতিক ষড়যন্ত্ৰৰ অভিযোগ তুলি হুংকাৰ লালু প্ৰসাদ যাদৱৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
March 11, 2023 2:19 pm
Lalu Prasad Yadav
129
VIEWS
Share on FacebookShare on Twitter

ৰে’লৱে চাকৰিত নিযুক্তিৰ বিনিময়ত ভূমি উপঢৌকন গ্ৰহণৰ গোচৰত কেন্দ্ৰীয় তদন্তকাৰী সংস্থা চিবিআই আৰু এনফৰ্চমেণ্ট ডাইৰেক্টৰেটৰ ধাৰাবাহিক জেৰা তথা তদন্তৰ সন্মুখীন হৈছে বিহাৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা ৰাষ্ট্ৰীয় জনতা দলৰ পিতৃপুৰুষ লালু প্ৰসাদ যাদৱৰ পৰিয়াল।

কেন্দ্ৰীয় তদন্তকাৰী সংস্থাসমূহৰ নিয়মিত জেৰা সন্দৰ্ভত শাসনাধিষ্ঠ বিজেপি চৰকাৰৰ বিৰুদ্ধে সৰৱ হৈ পৰিছে লালু প্ৰসাদ যাদৱ। বিজেপি চৰকাৰে এইদৰে ‘ভিত্তিহীন প্ৰতিশোধমূলক গোচৰ’ৰ আধাৰত কন্যা, নাতিনী, আৰু গৰ্ভৱতী বোৱাৰীক হাৰাশাস্তি কৰাৰ অভিযোগ উত্থাপন কৰিছে বয়োজ্যেষ্ঠ ৰাজনীতিবিদগৰাকীয়ে।

এক টুইট যোগে বিজেপি চৰকাৰক আক্ৰমণ কৰি লালুৱে কয়, “আমি জৰুৰীকালীন অৱস্থাৰ অন্ধকাৰ সময়ছোৱাও দেখিছো। আমি সেই যুদ্ধখন যুঁজিছিলোও। আজি মোৰ ছোৱালী, কণমানি নাতিনী, আৰু গৰ্ভৱতী বোৱাৰীক ১৫ ঘন্টা ধৰি বিজেপি ইডিয়ে ভিত্তিহীন প্ৰতিশোধমূলক গোচৰত বহাই ৰাখিছে। বিজেপিয়ে আমাৰ সৈতে ৰাজনৈতিক যুঁজত লিপ্ত হ’বলৈ ইমান নিম্ন পৰ্যায়লৈকে নামি যাবনে?”

 

हमने आपातकाल का काला दौर भी देखा है। हमने वह लड़ाई भी लड़ी थी। आधारहीन प्रतिशोधात्मक मामलों में आज मेरी बेटियों, नन्हें-मुन्ने नातियों और गर्भवती पुत्रवधु को भाजपाई ED ने 15 घंटों से बैठा रखा है। क्या इतने निम्नस्तर पर उतर कर बीजेपी हमसे राजनीतिक लड़ाई लड़ेंगी?

— Lalu Prasad Yadav (@laluprasadrjd) March 10, 2023

তেওঁ লগতে কয় যে ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘ আৰু বিজেপিৰ বিৰুদ্ধে তেওঁৰ মতাদৰ্শগত যুঁজ চলি আছে আৰু এই যুঁজ অব্যাহত থাকিব। “মই কেতিয়াও তেওঁলোকৰ সন্মুখত শিৰণত কৰা নাই, আৰু মোৰ পৰিয়াল আৰু দলৰ কোনোৱেই আপোনালোকৰ ৰাজনীতিৰ আগত শিৰণত নকৰে” বুলিও আন এক টুইটত দৃঢ়তাৰে কয় লালু প্ৰসাদ যাদৱে।

উল্লেখ্য যে, এই গোচৰত চিবিআইয়ে লালু প্ৰসাদ যাদৱ আৰু ৰাবৰি দেৱীক কেইবাদিন ধৰি একেলগে সোধা-পোছা কৰাৰ পিছতে কালি ইডিয়ে বিহাৰৰ উপ-মুখ্যমন্ত্ৰী তথা লালু পুত্ৰ তেজস্বী যাদৱৰ দিল্লীস্থিত বাসস্থানত তালাচী চলায়।

সমান্তৰালভাৱে লালু যাদৱৰ কন্যা ৰাগিনী যাদৱ, চন্দা যাদৱ, হেমা যাদৱ আৰু প্ৰাক্তন আৰজেডি বিধায়ক আবু দোজানাৰ নামত থকা পাটনা, ফুলৱাৰী শ্বৰীফ, দিল্লী-এনচিআৰ, ৰাঞ্চি, আৰু মুম্বাইৰ চৌহদসমূহতো অভিযান চলিছিল।

Recent News

কর্পৰেট লুণ্ঠনৰ স্বার্থত সাম্প্রদায়িক ৰহন সানি অসম চৰকাৰে আৰম্ভ কৰা অমানৱীয় উচ্ছেদ অভিযানৰ বিৰুদ্ধে প্ৰস্তাৱ চিপিআই(এম)ৰ

কর্পৰেট লুণ্ঠনৰ স্বার্থত সাম্প্রদায়িক ৰহন সানি অসম চৰকাৰে আৰম্ভ কৰা অমানৱীয় উচ্ছেদ অভিযানৰ বিৰুদ্ধে প্ৰস্তাৱ চিপিআই(এম)ৰ

ৰোজগাৰ মেলাৰ অধীনত ৫১,০০০ ৰো অধিক যুৱক-যুৱতীৰ মাজত নিযুক্তি পত্ৰ বিতৰণ কৰিব প্ৰধানমন্ত্ৰী মোদীয়ে

ৰোজগাৰ মেলাৰ অধীনত ৫১,০০০ ৰো অধিক যুৱক-যুৱতীৰ মাজত নিযুক্তি পত্ৰ বিতৰণ কৰিব প্ৰধানমন্ত্ৰী মোদীয়ে

স্বাধীনতা দিৱসৰ পূৰ্বে গুৱাহাটী ৰে’ল ষ্টেচনত উদ্ধাৰ মৰাণাস্ত্ৰ : এজনক গ্ৰেপ্তাৰ

স্বাধীনতা দিৱসৰ পূৰ্বে গুৱাহাটী ৰে’ল ষ্টেচনত উদ্ধাৰ মৰাণাস্ত্ৰ : এজনক গ্ৰেপ্তাৰ

“ঘৰ ঘৰ সংযোগ কাৰ্যসূচী ” ঘোষণা আপৰ : অক্টোবৰত গুৱাহাটীত বিশাল সমাৱেশ, আহিব অৰবিন্দ কেজৰীৱাল

“ঘৰ ঘৰ সংযোগ কাৰ্যসূচী ” ঘোষণা আপৰ : অক্টোবৰত গুৱাহাটীত বিশাল সমাৱেশ, আহিব অৰবিন্দ কেজৰীৱাল

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd