গুগলত কেতিয়াও এই পাঁচটা বিষয় চাৰ্ছ নকৰিব অন্যথা যাবলগা হ’বপাৰে জেইললৈ!

google search

প্ৰতিনিধিত্বমূলক আলোকচিত্ৰ

গুগলৰ নাম শুনাৰ লগে লগে প্ৰতিগৰাকী ব্যক্তিৰ মনলৈ অহা স্বাভাৱিক প্ৰশ্নটো হ’ল গুগলৰ সংস্পৰ্ষলৈ অহাৰ লগে লগে আমি যি বিষয়ত তথ্য বিচাৰো সেয়া লাভ কৰিবলৈ সক্ষম হম।

আজিৰ দিনত ইণ্টাৰনেট মানুহৰ জীৱন হৈ পৰিছে। ইণ্টাৰনেট ব্যৱহাৰ নকৰাকৈ থকা এটা দিন কিমান কঠিন সেয়া অভিজ্ঞতা হোৱা গৰাকীয়েহে কব পাৰিব।

আমি প্ৰতিদিনে আমাৰ প্ৰয়োজনৰ বাবে ইণ্টাৰনেট ব্যাৱহাৰ কৰো। আপুনি গুগলত চাৰ্ছ কৰাৰ সময়ত এবাৰ ভাবেনে আপুনি কি চাৰ্ছ কৰিছে! যদিহে  ভবা নাই আজিৰ পৰা অন্তত ভাবিবলৈ আৰম্ভ কৰক কাৰণ আমি আজি গুগলত কেতিয়াও চাৰ্ছ নকৰিবলগীয়া বিষয় সন্দৰ্ভত উল্লেখ কৰিম।

সাহিত্য আৰু ভিডিঅ

যদি আপুনি গুগলত কোনো নেচাবলগীয়া শিশু সাহিত্য বা ভিডিঅ’ চাৰ্ছ কৰিছে তেন্তে সাৱধান হ’ব কাৰণ এই ক্ষেত্ৰত আপুনি সমস্যাৰ সন্মুখিন হ’বলগীয়া হ’ব পাৰে আনকি জেল পৰ্য্যন্ত যাবলগীয়া হ’ব পাৰে। গুগ’লত ভূল শিশু সাহিত্য আৰু ভিডিঅ’ চাৰ্ছ কৰাটো ভাৰতীয় পেনেল কোড আৰু আন্তঃৰাষ্ট্ৰীয় নিয়ম বৰ্হিভূত কথা।

কেনেদৰে বোমা তৈয়াৰ কৰিব

আপুনি গুগলত বোমা কেনেদৰে তৈয়াৰ কৰা হয় আৰু ইয়াৰ বিভিন্ন কৌশল চাবলৈ চাৰ্ছ কৰিলে দোষী সাব্যস্ত হ’ব পাৰে।

নিজস্ব পৰিছয়

গুগলত চাৰ্ছ কৰাৰ সময়ত কেতিয়াও আপোনাৰ নিজস্ব পৰিছয় পাহৰি নাযাব কাৰণ গুগলৰ হাতত আপোনাৰ চাৰ্ছ সম্বন্ধে সকলো প্ৰকাৰৰ দাতা উপলব্ধ আছে যাৰ সহায়ত আপোনাৰ একাউণ্ট হেক হ’ব পাৰে।

ই মেইল

কেতিয়াও গুগল চাৰ্ছত আপোনাৰ ব্যাক্তিগত ইমেইল আইদি আৰু পাছৱৰ্ড লগ ইন নকৰিব। এনেদৰে লগ ইন কৰাৰ ফলত আপোনাৰ ব্যক্তিগত ই মেইল হেক হোৱাৰ সম্ভাৱনা থাকে।

বিজ্ঞাপন

গুগলত বহু সময়ত দেখা যায় আপুনি বিভিন্ন তথ্য বিছাৰি থকাৰ ফলত পৰৱৰ্তী সময়ত গুগ’লে সেইবোৰ পুনৰ আপোনাৰ ওচৰলৈ বিজ্ঞাপন হিচাপে পঠিয়াই। গতিকে এনেধৰণৰ বিজ্ঞাপনৰ পৰা আতৰত থাকিবলৈ হ’লে গুগলত প্ৰদাক্টৰ বিজ্ঞাপনৰ তথ্য বিছাৰি চাৰ্ছ কৰাটো কমাই দিয়ক।