NORTHEAST NOW (Assamese)

বিশ্বনাথৰ বাঘমাৰীত সংঘটিত সভ্য সমাজক লজ্জানত কৰা ঘটনা!

May 27, 2021 3:58 pm · কাজী জেইদুল ইছলাম

জীৱ শ্ৰেষ্ঠ মানৱৰ অমানৱীয় কৰ্মকাণ্ড । এটি নৱজাতকৰ মৃত্যুক লৈ বিশ্বনাথৰ নিজ বাঘমাৰীত তীব্ৰ চাঞ্চল্যই বিৰাজ কৰিছে ৷ জন্মৰ আধা ঘন্টাৰ পাছতে নৱজাতকটিক হত্যা কৰি বাৰীত পুতি থোৱাৰ অভিযোগ উত্থাপন কৰিছে স্থানীয় ৰাইজে ।

স্থানীয় ৰাইজ আৰু পৰিয়ালৰ লোকৰ অভিযোগ মতে দীৰ্ঘদিন ধৰি এক অবৈধ সম্পৰ্ক আছিল বিশ্বনাথৰ নিজ বাঘমাৰীৰ এগৰাকী বিধৱা মহিলা আৰু নিজৰ দেওৰেকৰ মাজত । তাৰেই পৰিণতিত অন্তঃসত্বা হয় বিধৱা বৌয়েক।

উল্লেখ্য যে সম্বন্ধত দুয়ো আছিল বৌয়েক আৰু বাই শাহু। কিয়নো দেওৰেক নবীন কৰ্মকাৰে বিয়া কৰাইছিল মহিলা গৰাকীৰ ভনীয়েকক।

আজি পুৱা চাৰি মান বজাত অন্তঃসত্বা বিধৱা বৌয়েকে প্ৰসৱ যন্ত্ৰণা অনুভৱ কৰে আৰু পুৱা এটি নৱজাতকৰ জন্ম দিয়ে ৷

পিছত মানৱ সমাজক লজ্জানত কৰা এই বৌয়েক- দেওৰেকৰ অবৈধ সম্পৰ্ক ঢাকিবলৈকে দেওৰেক নবীন কৰ্মকাৰে বৌয়েকে গম পোৱাৰ আগতেই দেৱশিশুটিক হত্যা কৰি পুতি থয়।

এই কথা জানিব পাৰি স্থানীয় ৰাইজে নবীন কৰ্মকাৰক উত্তম মধ্যম দি এজোপা গছত বান্ধি ৰাখে।
পিছত জিনজিয়া আৰক্ষী আহি দেওৰেক নবীন কৰ্মকাৰক থানালৈ লৈ যায়। স্থানীয় লোক,গাঁওৰক্ষী বাহিনী আৰু প্ৰসূতি গৰাকীৰ ভগ্নীয়ে জনোৱা মতে মৃত্যু হোৱা নৱজাতকটিৰ পিতৃ নবীন কৰ্মকাৰ ওৰফে তন্টু আৰু নৱজাতকটিক নবীন কৰ্মকাৰে হত্যা কৰিছে।

ইফালে দুয়োৰে মাজত থকা অবৈধ সম্পৰ্ক আছিল আৰু তাৰে ফলশ্ৰুতিত নৱজাতকটিৰ জন্ম হোৱা বুলি ভূক্তভোগী আৰু দোষীয়ে স্বীকাৰ কৰে।

সম্প্ৰতি বিশ্বনাথ জিলা দণ্ডাধীশ ঘটনাস্থলীত উপস্থিত হৈ পুতি থোৱা মৃতদেহটো উদ্ধাৰৰ যো জা কৰিছে বুলি জানিব পৰা গৈছে।

Related News