NORTHEAST NOW (Assamese)

সদৌ বঙাইগাঁও জিলা কোচ ৰাজবংশী ছাত্ৰ সন্থাৰ নৱ গঠিত জিলা সমিতিৰ শপত গ্ৰহণ

January 13, 2022 10:49 am · প্রণৱ কুমাৰ ডেকা,বঙাইগাঁও

সদৌ বঙাইগাঁও জিলা কোচ ৰাজবংশী ছাত্ৰ সন্থাৰ নৱ গঠিত জিলা সমিতিৰ শপত গ্ৰহণ অনুষ্ঠান অনুষ্ঠিত হয় ৷ বঙাইগাঁও চহৰৰ বীৰঝৰা পাব্লিক লাইব্ৰেৰীত অনুষ্ঠিত শপত গ্ৰহণ অনুষ্ঠানত সঞ্জীৱ কুমাৰ ৰায়ক সভাপতি আৰু শিৱেন নাৰায়ণ দেৱক সাধাৰণ সম্পাদক হিচাপে লৈ ইতিপূৰ্বে গঠিত ৫১ জনীয়া নৱ নিৰ্বাচিত জিলা সমিতিখনৰ বিষয়ববীয়াসকলক আক্ৰাছুৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি ক্ষীতিশ বৰ্মনে আনুষ্ঠানিকভাৱে শপত বাক্য পাঠ কৰোৱায় ৷

এই উপলক্ষে সংগঠনটোৰ সভাপতিগৰাকীৰ সভাপতিত্বত অনুষ্ঠিত অনুষ্ঠানত আক্ৰাছুৰ উপদেষ্টা তথা জ্যেষ্ঠ অধিবক্তা বিজয় চৌধুৰী,যুটীয়া সাধাৰণ সম্পাদক কপিলদেৱ সিংহ, কেএচিৰ মুখ্য কাৰ্যবাহী পাৰিষদ গকুল বৰ্মন, কাৰ্যবাহী পাৰিষদ প্ৰদীপ ৰায়,পূৰবী সৰকাৰ, সাধাৰণ সদস্যা সবিতা সিংহ,কোচ ৰাজবংশী সাংস্কৃতিক প্ৰকল্পৰ সম্পাদিকা পূৰ্ণিমা চৌধুৰী, কোচ ৰাজবংশী উন্নয়ন পৰিষদৰ সদস্য জিতুমণি চৌধুৰী, আক্ৰাছুৰ উপ সভাপতি কল্যাণ সিংহ, কাৰ্যালয় সম্পাদক নিৰ্মল কুমাৰ চৌধুৰীৰ লগতে আন কেইবাগৰাকীও বিষয়ববীয়া উপস্থিত থকাৰ লগতে বিভিন্নজনে বক্তব্য ৰাখে ৷

উল্লেখ্য যে যোৱা ২৪ ডিচেম্বৰত বঙাইগাঁও চহৰৰ ভাকাৰিভিটাস্থিত জিলা আক্ৰাছুৰ কাৰ্যালয়ত ৩৪ খন আঞ্চলিক সমিতিৰ উপস্থিতিত অনুষ্ঠিত হৈ যোৱা সদৌ বঙাইগাঁও জিলা কোচ ৰাজবংশী ছাত্ৰ সন্থাৰ দ্বি- বাৰ্ষিক অধিৱেশনত প্ৰতিনিধি সভাৰ জৰিয়তে সঞ্জীৱ কুমাৰ ৰায়ক সভাপতি, প্ৰবীণ মেধি, জীৱন কুমাৰ সিংহ, অমৰেন্দ্ৰ ৰায় আৰু বিজু বৰুৱাক উপ সভাপতি, শিৱেন নাৰায়ণ দেৱক সাধাৰণ সম্পাদক, উত্তম বৰুৱা, হেমেন ৰায়, পৰিমল বৰ্মন আৰু ৰঞ্জন কুমাৰ ৰায়ক সহকাৰী সম্পাদক হিচাপেলৈ ৫১ জনীয়া শক্তিশালী বঙাইগাঁও জিলা সমিতিখন গঠন কৰা হৈছিল ৷

উক্ত প্ৰতিনিধি সভাখনত সভাপতিত্ব কৰিছিল আক্ৰাছুৰ সভাপতি ক্ষীতিশ বৰ্মনে ৷ প্ৰতিনিধি সভাত কেন্দ্ৰীয় সমিতিৰ আন কেইবাগৰাকীও বিষয়ববীয়াও উপস্থিত আছিল ৷ ইপিনে নৱ গঠিত আক্ৰাছুৰ বঙাইগাঁও জিলা সমিতিৰ সভাপতি সঞ্জীৱ কুমাৰ ৰায়ে কয় যে প্ৰথমে সংগঠনটোৰ সাংগঠনিক দিশটো অধিক শক্তিশালী কৰাৰ ক্ষেত্ৰত গুৰুত্বাৰোপ কৰিব ৷

লগতে জনগোষ্ঠীটোৰ লোকসকলক শৈক্ষিক , সামাজিক, ৰাজনৈতিক আদি দিশত সচেতন কৰি তোলাৰ বাবেও পদক্ষেপ গ্ৰহণ কৰিব বুলি কয় ৷ লগতে জিলাখনত যাতে কোনো সুবিধাবাদী ব্যক্তিয়ে কোনো অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি কৰিব নোৱাৰে সেই দিশত নজৰ ৰাখিব ৷

আনহাতে জিলা সমিতিৰ সাধাৰণ সম্পাদক শিৱেন নাৰায়ণ দেৱে বঙাইগাঁও জিলাখন শিক্ষাৰ ক্ষেত্ৰত পিছ পৰি আছে বুলি কৈ কয় যে শিক্ষা নহ’লে কোনো এটা জাতি বা জনগোষ্ঠীয়ে আগবাঢ়িব নোৱাৰে ৷ সেয়ে শৈক্ষিক দিশত জনগোষ্ঠীটোৰ লোকসকলক আগবঢ়াই নিয়াৰ মূল মন্ত্ৰৰে তথা লক্ষ্যৰে আমি জিলা সমিতিয়ে আগুৱাই যাম বুলি কয়

Related News