ৰাজ্যত ৬ জুনৰ পৰা ১৬ জুনলৈ বলৱৎ হ’ব নতুন SOP, কেইবজাত বন্ধ কৰিব লাগিব দোকান-পোহাৰ?

bandh-750x375

অসমৰ কোভিড পৰস্থিতি ক্ৰমাৎ উন্নত হোৱাৰ পৰিপ্ৰেক্ষিততে কোভিড SOP ৰ ক্ষেত্ৰত কিছু সাল-সলনি ঘটোৱা হৈছে।

সেইমৰ্মে ৰাজ্যত ৬ জুনৰ পৰা ১৬ জুনলৈ বলৱৎ হ’ব নতুন SOP ।

নতুন SOP অনুসৰি ৬ জুনৰ পৰা দুপৰীয়া ১ বজাৰ পৰা পুৱা ৫ বজালৈ থাকিব কাৰ্ফিউ বা সান্ধ্য আইন। অৰ্থাৎ দিনৰ ১২ বজালৈ খোলা ৰাখিব পৰা যাব সকলো দোকান-পোহাৰ।

১ বজাৰ পৰা হোম ডেলিভাৰীৰ সুবিধা বাহাল থাকিব।

[pdf-embedder url=”https://assam.nenow.in/wp-content/uploads/2021/06/Order-dt-4-Jun-2021-7.01-pm.pdf” title=”Order dt 4 Jun 2021 7.01 pm”]

 

দুপৰীয়া ১২ বজালৈ খোলা থাকিব সকলো দোকান-পোহাৰ লগতে সুৰাৰ বিপনীও।
১২ বজালৈকে হোটেল-ৰেষ্টুৰেন্টত বহি গ্ৰহণ কৰিব পাৰিব আহাৰ ।

উল্লেখ্য ইয়াৰ পূৰ্বে ১৬ মে’ৰ পৰা বলৱৎ কৰা নতুন কোভিড বিধি অনুসৰি সকলো দোকান-পোহাৰ দিনৰ ১১ বজাতে বন্ধ কৰিব লাগিছিল।।
আনহাতে পূৰ্বৰ দৰেই স্বাস্থ্যকে আদি কৰি জৰুৰী সেৱাসমূহক ইয়াৰ পৰা ৰেহাই দিয়া হৈছে।