বিশ্বত পুনৰ ক’ৰোনাৰ আতংক। কেইবছৰমান শান্তিৰ অন্তত পুনৰ নতুন ৰূপ লৈ আহিছে ক’ৰ’না। ইউৰোপত পোৱা গৈছে কৰ’না ভাইৰাছৰ এটা ছাব-ভেৰিয়েণ্ট। নাম ‘এক্সইচি’ (XEC)। বিজ্ঞানীসকলৰ মতে এই নতুন ভেৰিয়েন্ট ইমানেই বিপজ্জনক যে ই সমগ্ৰ দেশতে দ্ৰুতগতিত বিয়পি পৰিছে।
জাৰ্মান বিজ্ঞানীসকলে প্ৰথমে সেই দেশত XEC আৱিষ্কাৰ কৰিছিল। কিন্তু ই বেছি দিন জাৰ্মানীতে আবদ্ধ হৈ নাথাকিল। ই বিজুলীৰ গতিৰ দৰে নেদাৰলেণ্ড আৰু পশ্চিম ইউৰোপৰ দেশসমূহলৈ বিয়পি পৰিছে।
লগতে পঢ়কঃ শৰীৰত পানীৰ অভাৱৰ ৫টা লক্ষণ; এইবোৰ আওকাণ কৰিলেই বৃদ্ধি পায় হাৰ্ট এটেকৰ সম্ভাৱনা!
নতুন খবৰ অনুসৰি ক’ৰোনাৰ এই ছাব-ভেৰিয়েণ্ট এতিয়া ইউৰোপত দ্ৰুতগতিত বিয়পি পৰিছে। বিশেষজ্ঞসকলৰ মতে, গৰম বৃদ্ধিৰ লগে লগে XEC বৃদ্ধি পাই থাকিব। তাৰ লগতে ৰোগীৰ সংখ্যাও বৃদ্ধি পাব পাৰে। তাৰমাজতে যোৱা দুসপ্তাহত এই ভাইৰাছৰ সংক্ৰমণ যথেষ্ট বৃদ্ধি পাইছে।
এই নতুন ভেৰিয়েন্টক পুৰণি ভেৰিয়েন্ট কেপ ৩.১.১তকৈ অধিক বিপজ্জনক বুলি অনুমান কৰা হৈছে। ইউৰোপৰ সংবাদ মাধ্যমৰ বাতৰি অনুসৰি বিজ্ঞানীসকলে বর্জ্য পানীৰ ওপৰত নজৰ ৰাখি এই নতুন ৰূপৰ ক’ৰ’না আৱিষ্কাৰ কৰে৷ অৱশ্যে তেওঁলোকে কৈছে যে এই ছাব ভেৰিয়েণ্টটো এতিয়াই সমগ্ৰ বিশ্বতে বিয়পি নাযায়। কিন্তু এই নতুন ভেৰিয়েন্টটোৰ প্ৰতি মানুহে সাৱধান হোৱাটো প্ৰয়োজন।
লগতে পঢ়কঃ শিশু ‘হস্তান্তৰযোগ্য সম্পত্তি’ নহয়; ২ বছৰ ৭ মহীয়া শিশুৰ জিম্মাৰ গোচৰত ক’লে উচ্চতম ন্যায়ালয়ে
গৱেষণাৰ অন্তত বিজ্ঞানীসকলে দাবী কৰিছে যে যদি মানুহে সাৱধান নহয়, তেন্তে এই নতুন ভেৰিয়েন্টে এক বিশাল ৰূপ ল’ব। কেপ ৩.১.১ৰ ভয়াৱহ পৰিস্থিতিতকৈও অধিক বিপদ হ’ব পাৰে। কেইমাহমানৰ ভিতৰতে ইউৰোপত XEC ৰ ভয়াৱহ প্ৰভাৱ দেখা যাব। বিজ্ঞানীসকলে আশংকা কৰিছে যে, গৰমৰ বাবে এই নতুন ভেৰিয়েন্টৰ কৰ’নাৰ সংক্ৰমণ বৃদ্ধি পাব পাৰে। বিশেষজ্ঞসকলেও এই সন্দৰ্ভত উদ্বেগ প্ৰকাশ কৰিছে।