বিধ্বস্ত তুৰস্ক-ছিৰিয়াত পুনৰ ৰিখটাৰ স্কেলত ৬.৪ প্ৰাবল্যৰ ভূমিকম্প; দুটাকৈ জোকাৰণিত বিস্তৰ ক্ষতি

ফটো: সংগৃহিত।

পুনৰ এবাৰ তুৰস্ক-ছিৰিয়াত প্ৰকৃতিৰ আঘাত। দেশ দুখনত উদ্ধাৰ অভিযান সম্পূৰ্ণ হোৱাৰ পথত যদিও এতিয়াও চলি আছিল। তাৰ মাজতে সোমবাৰে সন্ধিয়া পুনৰ জোকাৰি গ’ল ৰিখটাৰ স্কেলত ৬.৪ প্ৰাবল্যৰ ভূমিকম্পই।  ভূমিকম্পৰ ফলত ৩ জন লোকৰ মৃত্যু আৰু আন ২০০তকৈও অধিক লোক আহত হোৱাৰ খৱৰ পোৱা গৈছে।

সোমবাৰে সন্ধিয়া তুৰস্ক-চিৰিয়া সীমান্ত কঁপি উঠে। ভূমিকম্পৰ কেন্দ্ৰস্থল হৈছে দক্ষিণ তুৰস্কৰ এণ্টিকিয়া চহৰ। চিৰিয়া, ইজিপ্ত আৰু লেবাননতো কম্পন অনুভৱ কৰা হৈছিল। ইউৰোপীয় ভূমধ্যসাগৰীয় ভূকম্পন কেন্দ্ৰৰ মতে, ভূমিকম্পৰ কেন্দ্ৰস্থল মাটিৰ পৰা দুই কিলোমিটাৰ গভীৰত আছিল।

ভূমিকম্প পীড়িত আন্টাকিয়া চহৰৰ বাসিন্দা মুনা আল-ওমাৰে যোৱা কেইদিনমান ধৰি এটা সাহায্য শিবিৰৰ তাঁবুত আছে। মুনাই তেওঁৰ সাত বছৰীয়া পুত্ৰক বাহুত ধৰি কয়, “এনে লাগিছিল যেন মোৰ ভৰিৰ তলৰ মাটি দুটা ভাগত বিভক্ত হ’ব।”

চিৰিয়াৰ সীমান্তৰ ওচৰৰ দক্ষিণ-পূবত ৬.৪ প্ৰাবল্যৰ ভূমিকম্পৰ পিছতে  ৫.৮ প্ৰাবল্যৰ আন এটা কম্পনো হৈছিল। পূৰ্বৰ ভূমিকম্পৰ কম্পনৰ ফলত দুৰ্বল হোৱা অট্টালিকাবোৰ সোমবাৰৰ কম্পনত খহি পৰিছে।

তুৰস্কৰ দুৰ্যোগ আৰু জৰুৰীকালীন সংস্থাই কৈছে যে ৬.৪ কম্পনটো স্থানীয় সময় অনুসৰি ৮-০৪ বজাত সংঘটিত হৈছিল, তাৰ পিছত তিনি মিনিট পিছত ৫.৮ মাত্ৰাৰ ভূমিকম্পটো হৈছিল।

অভ্যন্তৰীণ মন্ত্ৰী ছুলেমান চয়লুৱে লোকসকলক সম্ভাৱ্য বিপদজনক অট্টালিকাত প্ৰৱেশ নকৰিবলৈ আহ্বান জনাই কয় যে অন্তকিয়া, ডেফনে আৰু চামাণ্ডাগত তিনিজন লোকৰ মৃত্যু ঘটিছে। চয়লুৱে লগতে জনায় যে ২১৩ জন লোক আঘাতপ্ৰাপ্ত হৈছে।

এম্বুলেন্স আৰু উদ্ধাৰকাৰী কৰ্মীসকলে আটাইতকৈ বেছি ক্ষতিগ্ৰস্ত অঞ্চলবোৰত উপস্থিত হোৱাৰ সময়ত অন্তকিয়া চহৰৰ ৰাস্তাত ভয় আৰু আতংকই বিৰাজ কৰিছিল য’ত বেয়াকৈ ক্ষতিগ্ৰস্ত অট্টালিকাৰ দেৱালবোৰ খহি পৰিছিল।

যোৱা ৬ ফেব্ৰুৱাৰীত হোৱা ভূমিকম্পত চিৰিয়া আৰু তুৰস্ক কঁপি উঠিছিল। ভূমিকম্পটো ৰিখটাৰ স্কেলত ৭.৮ প্ৰাবল্যৰ আছিল। তাৰ পিছত তুৰস্ক আৰু চিৰিয়া প্ৰায় ১০০বাৰ ‘আফটাৰশ্বক’ৰ দ্বাৰা জোকাৰি গৈছিল। তুৰস্ক আৰু চিৰিয়াৰ বৃহৎ অঞ্চল এতিয়া ভূমিকম্পৰ ফলত ধ্বংস হৈছে।

ৰাষ্ট্ৰসংঘই অনুমান কৰিছে যে কেৱল তুৰস্কত ২,৬৪,০০০ ঘৰ খহি পৰিছে। আন্তৰ্জাতিক সাহায্য কৰ্মীসকলে অনুমান কৰিছে যে চিৰিয়াত কমেও ৫০,০০০ ঘৰ খহি পৰিছে। দুয়োখন দেশত মৃত্যুৰ সংখ্যা ৪৬,০০০ অতিক্ৰম কৰিছে। ধ্বংসস্তূপৰ তলত আৰু কিমান হাজাৰ লোক সমাধিস্থ হৈছে তাৰ কোনো পৰিসংখ্যা নাই।

ভূমিকম্পৰ ১২ দিন পাছতো উদ্ধাৰকাৰীসকলে ধ্বংসস্তূপত প্ৰাণ বিচাৰি পাইছে। জীৱিততকৈ বহুত বেছি মৃতদেহ আছে। ৰাষ্ট্ৰসংঘই কয় যে এই দুয়োখন দেশক এতিয়া কবৰস্থানৰ আটাইতকৈ বেছি প্ৰয়োজন। কিয়নো ক্ষতিগ্ৰস্ত পৰিয়ালবোৰে নিকটতম লোকক সমাধিস্থ কৰিবলৈ ঠাই পোৱা নাই। আন্তৰ্জাতিক সাহায্য সংগঠনবোৰে জীয়াই থকা সকলক খাদ্য, খোৱা পানী আৰু ঔষধ প্ৰদান কৰিবলৈ সংগ্ৰাম কৰিবলগীয়া হৈছে।