ৰাজ্যত নতুন নিযুক্তি বন্ধ হোৱাৰ খবৰ ভূৱা; হিমন্ত বিশ্ব শৰ্মাই দিলে প্ৰকৃত খবৰ

95260473_10157530843578983_3598491164442886144_n

স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। ফাইল ফটো

ক’ৰ’নাৰ সংক্ৰমণৰ বাবে ঘোষণা কৰা লকডাউনত ৰাজ্য চৰকাৰে বিত্তীয় সংকটৰ পৰা ৰাজ্যক উদ্ধাৰৰ বাবে পাঁচবছৰৰ বাবে নতুন নিযুক্তি প্ৰক্ৰিয়া বন্ধকে ধৰি অন্যান্য ব্যয় সংকোচনমূলক কাৰ্য্যপন্থা হাতত ল’ব বুলি কিছুসংখ্যক সংবাদ মাধ্যমত একাংশ বাতৰি প্ৰকাশ পাইছিল।

এই বাতৰি প্ৰকাশৰ পাছতে অসমৰ লক্ষাধিক নিৱনুৱা যুৱক-যুৱতী হতাশাৰ সন্মুখীন হৈছিল আৰু তেওঁলোক আজীৱন নিবনুৱা হৈ থাকিব লাগিব নেকি বুলি চ’ছিয়েল মিডিয়াৰ মাধ্যমেৰে প্ৰশ্ন উত্থাপন কৰিছিল।

কিন্তু এনে ধৰণৰ এক প্ৰচাৰে যুৱ-প্ৰজন্মক নিৰাশ কৰাৰ সময়তে ৰাজ্যৰ স্বাস্থ্য আৰু বিত্ত বিভাগৰ মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই আজি এক সংবাদেলযোগে দিয়া খবৰে শিক্ষিত যুৱ-প্ৰজন্মৰ মাজলৈ আশাৰ ৰেঙনি কঢ়িয়াই আনিছে।

হিমন্ত বিশ্ব শৰ্মাৰ মতে ৰাজ্যত নিযুক্তি প্ৰক্ৰিয়া বন্ধ নহয় বৰঞ্চ কাইলৈৰ পৰা পূৰ্বৰ দৰেই বিভিন্ন বিভাগত নিযুক্তি প্ৰক্ৰিয়াৰ কাম-কাজ চলি থকাৰ ইংগিত দিলে মন্ত্ৰীগৰাকীয়ে।

‘‘কাইলৈ স্বাস্থ্য বিভাগৰ পৰীক্ষাসমূহৰ ফলাফল ঘোষণা কৰিব। কাইলৈ ৪৫২ টা পোষ্টৰ ৰিজাল্ট ওলাব। নতুন কৈ ১০০০ মান পদত নিয়োগৰ বাবে বিভিন্ন বিভাগে শীঘ্ৰে বিজ্ঞাপন প্ৰকাশ কৰিব,’’ মন্ত্ৰী গৰাকীয়ে জিএমছিএইছত সম্বোধন কৰা সংবাদমেলত এইদৰে কয়।

ক’ৰ’নাৰ মাজে মাজে কাম-কাজ বিলাকো চলাই ৰখা হৈছে বুলি উল্লেখ কৰি মন্ত্ৰীগৰাকীয়ে কয়, ‘কালি বিত্ত বিভাগৰ পৰা নিৰ্দেশনা দিয়া হৈছে বিভাগসমূহৰ যাৰ য’ত নিযুক্তিৰ বিজ্ঞাপনৰ কাম চলি আছে সেইবোৰ চলি থাকিব।’

ইপিনে, নিযুক্তি প্ৰক্ৰিয়া বন্ধ হ’ব বুলি সংবাদ মাধ্যমে চলোৱা প্ৰচাৰ সন্দৰ্ভত মন্ত্ৰীগৰাকীয়ে প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয় ‘সাংবাদিকৰ মতে নোলায়, মোৰ মতে নতুন নিযুক্তি ওলাব। আপোনালোকে কাক বিশ্বাস কৰিব সেইটো আপোনালোকৰ কথা।‘