বিটিআৰত পুনৰ সক্ৰিয় হৈছে আন এক সশস্ত্ৰ সংগঠন ৷
ইউ এল এফ বিৰ পৰা ফালৰি কাটি গঠন কৰা হৈছে নতুন সংগঠনটো।
অদ্যপি সংগঠনৰ নাম দিয়া হোৱা নাই যদিও সদস্যভুক্তি প্ৰক্ৰিয়া চলি আছে ৷
চলিত বৰ্ষৰ মাৰ্চ মাহত জন্ম দিছিল নতুন সশস্ত্ৰ সংগঠনটো।
নতুন সংগঠনৰ জন্মৰ সময়তে কোকৰাঝাৰ জিলাৰ ভাৰত- ভূটান সীমান্তৱৰ্তীৰ দুটা স্থানত দুদিন ধৰি চলোৱা অভিযানত আৰক্ষীয়ে বৃহৎ সফলতা লাভ কৰিছে৷
উল্টাপানী বনাঞ্চলৰ শিলিখাগুৰীত চলিছিল এই অভিযান।
অভিযানত উদ্ধাৰ হয় সাতটা অত্যাধুনিক মাৰণাস্ত্ৰ আৰু বিপুল পৰিমাণৰ সজীৱ গুলি ,মেগজিন ৷
জংঘলৰ ভিতৰত গাতঁ খান্দি প্লাষ্টিকৰে মেৰিয়াই থোৱা অৱস্থাত উদ্ধাৰ হয় বিপুল অস্ত্ৰ ভাণ্ডাৰ ৷
ইয়াৰে চাৰিটা এক ৪৭ ৰাইফল,এটা এম ১৬ ৰাইফল,এটা টেলিস্কোপ স্নিফাৰ ৰাইফল, এটা চীনত নিৰ্মিত অটোমেটিক চেৰিলি ৰাইফল , ১৩০ জাই এ কে ৪৭ ৰাইফলৰ সজীৱ গুলী আৰু পাচঁটা মেগজিন ৷
বিটিআৰৰ আই জি পি এল আৰ বিঞ্চই এখন সংবাদমেল অনুষ্ঠিত কৰি এয়া অসম আৰক্ষীৰ বিশেষ সফলতা বুলি দাবী কৰিছে ৷
সংবাদমেলত এচ পি প্ৰতীক বিজয় কুমাৰ থুৱে আৰু অতিৰিক্ত আৰক্ষী অধীক্ষক সুৰজিৎ সিং পানেছাৰ উপস্থিত থাকে ৷