আমুল তাজাৰ ১৫,০০ কাৰ্টনসহ ৮জন দুৰ্বৃত্তক গ্ৰেপ্তাৰ জিআৰপিৰ
চৰকাৰী ৰে’লৱে আৰক্ষীৰ (GRP) নিউ গুৱাহাটী আৰক্ষী চকীয়ে দেওবাৰে ‘আমুল তাজা‘ৰ ১৫,০০ টা কাৰ্টন চুৰি চুৰি কাৰ্যত লিপ্ত আঠজনীয়া দুষ্কৃতিকাৰীৰ দল এটাক গ্ৰেপ্তাৰ কৰে।
চৰকাৰী ৰে’লৱে আৰক্ষীৰ সুত্ৰত প্ৰকাশ যে এই দুষ্কৃতিকাৰীৰ দলটোৱে যোৱা ৪ অক্টোবৰত নিউ গুৱাহাটীৰ পৰা এখন ট্ৰাক অপহৰণ কৰি আমুল তাজাৰ ১৫,০০ টা চুৰি কৰি লৈ গৈছিল।
২৪ ঘণ্টা ধৰি অভিযান চলোৱাৰ পাচত দেওবাৰে নিশা চোৰৰ দলটোক ধৰাৰ পাছত অভিযানৰ সামৰণি পৰে।
অভিযানৰ সময়ত অপহৃত ট্ৰাকখনো উদ্ধাৰ কৰা হয়।
ভাৰতীয় দণ্ডবিধি আইনৰ ৪০৭ ধাৰাত গুৱাহাটীৰ চৰকাৰী ৰে’লৱে থানাত (২৬৫/২০১৮) এটা গোচৰ পঞ্জীয়ন কৰা হয়।