কুকুৰক সন্মান জনাই নতুন এক ৰাষ্ট্ৰীয় দিৱস উদযাপন কৰিলে এইখন দেশে, সাজিলে সোণৰ মূৰ্তি!

কুকুৰক সন্মান জনাই এটা নতুন ৰাষ্ট্ৰীয় দিৱস উদযাপন কৰা হৈছে এখন দেশত।

তদুপৰি কুকুৰৰ বাবে দিৱসটোৰ লগত সংগতি ৰাখি এটা বঁটা বিতৰণী অনুষ্ঠানো হৈ যায়।

মধ্য এছিয়াৰ দেশ তুৰ্কমেনিস্তানত উদযাপন কৰা হৈছে এই দিৱস।

দিৱসটোৰ লক্ষ্য হৈছে আলাবায় (Alabay) নামৰ স্থানীয় প্ৰজাতিৰ কুকুৰবিলাকৰ সংৰক্ষণ।

এই প্ৰজাতিৰ কুকুৰবিধক পশুপালনৰ ক্ষেত্ৰত ব্যৱহাৰ কৰা হয়।

কুকুৰবিধে পোহনীয়া পশুসমূহ চোৱা-চিতা কৰি গৰাকীৰ সেৱা আগবঢ়াই আহিছে।

দেওবাৰে কুকুৰৰ প্ৰজাতিটোৰ বাবে এটা পুৰস্কাৰ প্ৰদান অনুষ্ঠানো আয়োজন কৰা হয়।

দেশখনৰ ৰাষ্ট্ৰপতি গুৰ্বাংগুলী বাৰ্ডিমুখামেদভে (Gurbanguly Berdymukhamedov) কুকুৰৰ প্ৰজাতিটোক সন্মান জনাই কয় যে কুকুৰবিধ দেশখনৰ এটা জাতীয় প্ৰতীক।

উল্লেখযোগ্য যে দেশখনত আলাবায় প্ৰজাতিৰ কুকুৰ আৰু অতি প্ৰাচীন আহাল টেকে (Ahal Teke) প্ৰজাতিৰ ঘোঁৰাবিধক জাতীয় গৌৰৱ হিচাপে গণ্য কৰা হয়।

দেওবাৰে দেখা পোৱা যায় বহুকেইটা কুকুৰক সুন্দৰভাৱে সজাই পৰাই অনুষ্ঠানটোত মুখ্য স্থান দিয়া হৈছে।

দিৱসটোত কুকুৰৰ প্ৰদৰ্শনী মেলাৰ স’তে সংগতি ৰাখি এটা সমদলো অনুষ্ঠিত কৰা হয়।

সমদলটোত আলাবায় কুকুৰবিলাকৰ তীক্ষ্ণতা আৰু নিপুণতাক উপস্থাপন কৰি শ্ৰেষ্ঠতা নিৰ্বাচন কৰা হয়।

দেশখনৰ ৰাষ্ট্ৰপতিৰ হৈ তেওঁৰ পুত্ৰ তথা উপ প্ৰধানমন্ত্ৰী ছাৰদাৰ বাৰ্ডিমুখামেদভে (Serdar Berdymukhamedov) শ্ৰেষ্ঠ বিবেচিত হোৱা কুকুৰটোক পুৰস্কাৰ প্ৰদান কৰে।

তেওঁ পুৰস্কাৰ প্ৰদান কৰে কুকুৰৰ প্ৰজাতিবিধৰ সংৰক্ষণৰ বাবে দেশখনৰ ৰাজধানী আছাগাবাটত সাজি উলিওৱা এক সংৰক্ষণ কেন্দ্ৰত।

সংৰক্ষণ কেন্দ্ৰটো একেদিনাই শুভ মুকলিও কৰা হয়।

উল্লেখযোগ্য যে এই আলাবায় কুকুৰবিধ বিশ্বৰ বৃহৎ কুকুৰসমূহৰ ভিতৰত অন্যতম।

প্ৰজাতিটোৰ একোটা সক্ষম আৰু সুস্থ কুকুৰৰ ওজন ৮০ কিলোগ্ৰাম পৰ্যন্ত।

যোৱা বৰ্ষত দেশখনৰ ৰাষ্ট্ৰপতিয়ে ৰাজধানীত ১৯ ফুট উচ্চতাৰ এটা আলাবায় কুকুৰৰ সোণৰ মূৰ্তি মুকলি কৰিছিল।

তদুপৰি কুকুৰবিধ ৰাষ্ট্ৰপতিজনে উপহাৰ হিচাপেও বিভিন্ন মিত্ৰ দেশৰ নেতালৈ আগবঢ়াই আহিছে।

ইয়াৰ ভিতৰত অন্যতম হৈছে ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিন।

২০১৭ চনত পুটিনক এটা কুকুৰৰ পোৱালি উপহাৰ হিচাপে প্ৰদান কৰাৰ বাতৰি সংবাদ মাধ্যমত চৰ্চাৰ কেন্দ্ৰবিন্দু হৈ পৰিছিল।