নতুন সদস্য আহিছে ৰাহুল গান্ধীৰ পৰিয়াললৈ। বুধবাৰে বিশ্ব পশু দিৱসত পৰিয়ালৰ নতুন সদস্যজনৰ সৈতে চিনাকি কৰাই দিলে ৰাহুল গান্ধীয়ে।
যোৱা আগষ্ট মাহত গোৱালৈ গৈছিল ৰাহুল গান্ধী। কিন্তু অকলে ঘৰলৈ ঘূৰি অহা নাছিল ৰাহুল। লগত লৈ আনিছিল বিশেষ কাৰোবাক।
ৰাহুলে মাতৃ ছোনিয়া গান্ধীৰ বাবে লৈ আনিছিল এক বিশেষ উপহাৰ। ৰাহুলে মাকৰ বাবে লৈ আনিছিল এটা অকমাণি মৰমলগা কুকুৰ পোৱালি।
কুকুৰ পোৱালিটোৰ নাম নূৰী। গোৱাৰ পৰা পোৱালিটোক উৰাজাহাজেৰে মাকৰ বাবে লৈ আনিছিল ৰাহুলে।
কংগ্ৰেছ নেতাগৰাকীয়ে এটা ভিডিঅ’ তেওঁৰ ইউটিউব চেনেলত শ্বেয়াৰ কৰিছে। ভিডিঅ’টোত ৰাহুলে ছোনিয়া গান্ধীক উপহাৰৰ বাকচ এটা গতাই দিয়া দেখা গৈছে আৰু বাকচটো খুলিবলৈ কৈছে। তাৰপিছত মাতৃ ছোনিয়াই পুত্ৰৰ উপহাৰটি লৈ উৎফুল্লিত হোৱা দেখা গৈছে।
উল্লেখ্য যে ইয়াৰ পূৰ্বেও ৰাহুল গান্ধীৰ পোহনীয়া কুকুৰটোৱে শিৰোনাম দখল কৰিছিল। ২০১৭ চনত তেওঁ নিজৰ পোহনীয়া কুকুৰ ‘পিডি’ৰ বিষয়ে টুইট কৰিছিল। ইয়াৰ পিছতে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই দাবী কৰে যে অসমৰ কংগ্ৰেছ নেতাসকলে ৰাহুল গান্ধীক তেওঁলোকৰ সমস্যা সন্দৰ্ভত সাক্ষাৎ কৰিবলৈ গৈছিল। ৰাহুল গান্ধীয়ে পিডিকেক সেই সময়ত যিখন প্লেটত খাবলৈ দিছিল, সেইখন প্লেটৰ পৰাই কংগ্ৰেছ নেতা সকলক বিস্কুট খুৱাইছিল।