প্ৰৱৰ্তন হ’ব ভূমি ৰাজহ সংগ্ৰহৰ নতুন পদ্ধতি; সামৰণি পৰিল মৌজাদাৰ সন্মিলনৰ দ্বি-বাৰ্ষিক অধিৱেশন

Mouzadar Sanmillan

নগাঁৱত দুদিনীয়া কাৰ্যসূচীৰে আৰম্ভ হোৱা সদৌ অসম মৌজাদাৰ সন্মিলনৰ পঞ্চদশতম দ্বি-বাৰ্ষিক অধিৱেশনৰ শনিবাৰে সামৰণি পৰে। নগাঁও চহৰৰ আমোলাপট্টি নাট্য মন্দিৰত অনুষ্ঠিত এই অধিৱেশনত অবিভক্ত নগাঁও জিলাৰ লগতে ৰাজ্যৰ ৩৩৯ টা মৌজাৰ মৌজাদাৰসকলে অংশ গ্ৰহণ কৰে।

ৰাজ্যিক সমিতিৰ সভাপতি কৰুণ কুমাৰ বৰুৱাৰ সভাপতিত্বত আজি দুপৰীয়া অনুষ্ঠিত মুকলি সভাত বাৰ্দ্ধক্যজনিত কাৰণত অব্যাহতি লোৱা প্ৰায় কুৰিগৰাকী মৌজাদাৰক সম্বৰ্ধনা জনোৱা হয়। ইয়াৰ পূৰ্বে মুকলি সভাখন উদ্বোধনী কৰি দিয়া ভাষণত কেন্দ্ৰীয় ৰে’ল ৰাজ্য মন্ত্ৰী ৰাজেন গোহাঁইয়ে মৌজাদাৰসকলৰ বিভিন্ন সমস্যাৰ কথা উল্লেখ কৰি চৰকাৰে এই সমস্যাসমূহ সমাধান কৰাৰ পদক্ষেপ গ্ৰহণ কৰিছে বুলি সদৰী কৰে।

আদৰণি সমিতিৰ সভাপতি তথা স্থানীয় বিধায়ক ৰূপক শৰ্মাই দিয়া আদৰণি ভাষণত কয় যে মৌজাদাৰসকলে চৰকাৰী আঁচনিৰ কাম-কাজত সহযোগিতা কৰি ৰাজ্যখনৰ উন্নয়নত পদক্ষেপ ল’বলৈ আহ্বান জনায়।

সভাত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰি ৰাজ্য চৰকাৰৰ ৰাজহ বিভাগৰ স্বতন্ত্ৰ ৰাজ্যিক মন্ত্ৰী ভৱেশ কলিতাই সমৃদ্ধিশালী অসম গঢ়াৰ ক্ষেত্ৰত মৌজাদাৰসকলৰ ভূমিকা অপৰিসীম বুলি মন্তব্য কৰে। চৰকাৰে ভূমি ৰাজহ সংগ্ৰহৰ বাবে নতুন পদ্ধতি প্ৰৱৰ্তন কৰাৰ চিন্তা চৰ্চা অব্যাহত ৰখা বুলি উল্লেখ কৰি মন্ত্ৰীগৰাকীয়ে অচিৰেই মৌজাদাৰসকলক লৈ এটা প্ৰতিনিধি দল উত্তৰ প্ৰদেশ আৰু তেলেংগাংগালৈ প্ৰেৰণ কৰা হ’ব বুলি জানিবলৈ দিয়ে।

ইপিনে, অধিৱেশন উপলক্ষে প্ৰকাশ কৰা “ধৰিত্ৰী” নামৰ স্মৰণিকা উন্মোচন কৰে মৰিগাঁৱৰ উপায়ুক্ত ঋতুৰাজ বৰা আৰু নগাঁৱৰ অতিৰিক্ত উপায়ুক্ত জয়ন্ত কুমাৰ বৰাই।

মৰিগাঁৱৰ উপায়ুক্ত ঋতুৰাজ বৰা, অতিৰিক্ত উপায়ুক্ত লক্ষ্মীনন্দন চহৰীয়া, অৰূপ পাঠক নগাঁৱৰ অতিৰিক্ত উপায়ুক্ত জয়ন্ত কুমাৰ বৰা আদিয়ে অংশগ্ৰহণ কৰা উক্ত সভাত মৌজাদাৰসকলে তেওঁলোকৰ কাৰ্যালয় পৰিচালনা কৰাৰ বাবে প্ৰতি মাহে ন্যূনতম ২০ হাজাৰ টকা সাহাৰ্য প্ৰদান কৰাকে ধৰি বিভিন্ন দাবী সম্বলিত এখন স্মাৰকপত্ৰ ৰাজহ মন্ত্ৰীগৰাকীক প্ৰদান কৰে।

কালি নিশা সামৰণি পৰা প্ৰতিনিধি সভাত কৰুণ কুমাৰ বৰুৱাক সভাপতি আৰু উৎপল দাসক সাধাৰণ সম্পাদক হিচাপে লৈ এখন কাৰ্যনিৰ্বাহক সমিতি গঠন কৰা হয়।