NORTHEAST NOW (Assamese)

মোবাইল গ্ৰাহকৰ বাবে ভাল খবৰ; এতিয়া কেইদিনৰ ভিতৰত পোৰ্ট কৰিব পাৰিব মোবাইল নম্বৰ

December 17, 2019 12:54 pm · এন ই নাও নিউজ
প্ৰতিনিধিত্বমূলক ফটো

মোম্বাইল নম্বৰ একেই ৰাখি সলনি কৰিব পৰা যাব টেলিকম অপাৰেটৰ। ভাৰতৰ টেলিকম নিয়ন্ত্ৰক কৰ্তৃপক্ষ অৰ্থাৎ ট্ৰাইয়ে বহুদিন আগৰে পৰা এই সুবিধা আৰম্ভ কৰিছে।

ৰাজ্যৰ ভিতৰতে এখন চহৰৰ পৰা আন এখন চহৰলৈ গুচি গ’লে তাতো মোবাইল নম্বৰ একেই ৰাখি আন টেলিকম অপাৰেটৰৰ সেৱা লাভ কৰিব পাৰিব।

কেবল ৰাজ্যৰ ভিতৰতে নহয়, গোটেই দেশতে এই নিয়ম প্ৰযোজ্য হ’ব। দেশৰ যিকোনো স্থানৰ পৰাই আপুনি মোবাইল নম্বৰটো পোৰ্ট কৰিব পাৰিব।

কথাটো হ’ল, এই গোটেই প্ৰক্ৰিয়াটো সম্পূৰ্ণ কৰিবলৈ আগেয়ে কমেও ১৫ দিন সময় লাগিছিল যিটো ট্ৰাইৰ নতুন নিয়ম অনুসৰি মাত্ৰ তিনিদিনৰ পৰা পাঁচ দিনৰ ভিতৰতেই হৈ যাব।

সোমবাৰৰ পৰা এই নতুন নিয়ম প্ৰৱৰ্তন হৈছে। নতুন নিয়ম অনুসৰি নতুন টেলিকম সংস্থাটোৱে পুৰণি টেলিকম অপাৰেটৰৰ পৰা কথ্য ল’ব পাৰিব। ভেৰিফিকেশ্যন প্ৰক্ৰিয়া সম্পূৰ্ণ কৰিবলৈ গ্ৰাহকক এটা য়ুনিক পোৰ্টিং কোড বা  UPC পঠোৱা হ’ব।

কেনেকৈ সম্পন্ন হ’ব এই প্ৰক্ৰিয়াঃ

(ক) এই UPC পাবলৈ হ’লে ‘PORT’ <space>আৰু নিজৰ দহটা সংখ্যাৰ মোবাইল নম্বৰৰ পৰা 1900 নম্বৰত এটা এছ এম এছ প্ৰেৰণ কৰিব লাগিব।

(খ) এই কোড সকলো চাৰ্কোলৰ বাবে ৮ দিনৰ বাবে বৈধ থাকিব। জম্মু-কাশ্মীৰ, অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ বাবে ইয়াৰ সময়সীমা হ’ব ৩০দিন।

(গ) যিটো টেলিকম অপাৰেটৰৰ নম্বৰ পোৰ্ট কৰিব বিচাৰে সেই অপাৰেটৰ গ্ৰাহক সেৱা কেন্দ্ৰলৈ যাব লাগিব।

(ঘ) কাশ্টমাৰ একুইজিশ্যন ফৰ্ম  আৰু পোৰ্ট ফৰ্ম পূৰণ কৰিব লাগিব।KYC ডকুমেন্ট দাখিল কৰাৰ পাছত টকা জমা দিব লাগিব।

(ঙ) সকলো ডকুমেন্ট জমা দিয়াৰ পাছত এখন নতুন ছীম দিয়া হ’ব। ইয়াৰ পাছত পোৰ্টিং ৰিকুৱেষ্টৰ কাৰণে গ্ৰাহকে এটা এছ এম এছ লাভ কৰিব। ইয়াতেই পোৰ্টিঙৰ বিতং তথ্য থাকিব।

(চ) প্ৰতিটো পোৰ্ট আবেদনৰ কাৰনে দিয়া হ’ব ৬.৪৬টকা। পোৰ্টৰ দিনা নিশা চাৰিঘন্টাৰ বাবে বন্ধ থাকিব মোবাইল সেৱা।

(ছ) গ্ৰাহকে বাতিল কৰিব বিচাৰিলে CANCEL <space> দি নিজৰ দহটা সংখ্যাৰ মোবাইল নম্বৰেৰে 1900 লৈ এছএমএছ প্ৰেৰণ কৰিব লাগিব।

(জ) পোৰ্টিঙৰ আবেদন কৰাৰ ২৪ ঘন্টাৰ ভিতৰতে বাতিলৰ আবেদন কৰিব লাগিব।

Related News