যান-বাহনৰ নথি-পত্ৰ মজুত আছেনে?, আজিৰে পৰা অসমত আৰম্ভ চালান কটা অভিযান

নতুন যান বাহন আইনে সমগ্ৰ দেশতে চাঞ্চল্যৰ সৃষ্টি কৰাৰ সময়তে আজিৰ পৰা অৰ্থাৎ ২৪ ছেপ্তেম্বৰৰ পৰা অসমতো বলৱৎ হ’ব নতুন যান-বাহন আইন।

আজিৰ পৰা আইন অমান্য কৰিলে ভৰিব লাগিব পূৰ্বতকৈ ৫ গুণ অধিক জৰিমনা।

নতুন যান বাহন আইন বলবৎ হোৱাৰ পাছত ইতিমধ্যে দেশৰ বিভিন্ন প্ৰান্তত যান-বাহনৰ যিদৰে চালান কাটিবলৈ আৰম্ভ কৰিছে সেইটোৱে দেশজুৰি চাঞ্চল্যৰ সৃষ্টি কৰিছে।

একেই অৱস্থা হ’ব অসমতো। এই নতুন যান-বাহন আইনৰ জৰিয়তে আইন ভংগ কৰাসকলক ৫ গুণ, ৩ গুণ, ১০ গুণ পৰ্যন্ত জৰিমনা বিহাৰ ব্যৱস্থা আছে।

লগতে ট্ৰেফিক আইন ভংগ কৰিলে লাইচেন্স জব্দ কৰাৰৰ পৰা জেইল পৰ্যন্ক হ’ব পাৰে বাহনৰ চালকৰ। অসমত আজিৰ পৰা বলৱৎ হোৱা যান-বাহন আইন অনুসৰি ভৰিব লগা জৰিমনা সমূহ হ’ল এনেধৰণৰ

ড্ৰাইভিং লাইচেঞ্চ নাথাকিলে ৫০০০ হাজাৰ টকা

প্ৰদূষণমুক্ত প্ৰমাণপত্ৰ নাথাকিলে ১০,০০০ হাজাৰ টকা

দুচকীয়া বাহনত দুজনৰ অধিক উঠিলে ১,০০০ টকা

বাহন চলাওতে ম’বাইল ফোন ব্যৱহাৰ কৰিলে ১০,০০০ হাজাৰ টকা

বাহনৰ পঞ্জীয়ন নাথাকিলে ১০,০০০ টকা

এম্বুলেন্সক বাট এৰি নিদিলে ১০,০০০ টকা

অগ্নিনিৰ্বাপকৰ বাহনক বাট এৰি নিদিলে ১০,০০০ টকা

নিষিদ্ধ অঞ্চলত হৰ্ণ বজালে ১০০০ টকা

বীমাবিহীন গাড়ীচালকে ভৰিব লাগিব ২ হাজাৰ টকা

তাৰোপৰি সুৰাপান কৰি বাহন চলালে ৬ মাহ জে’ল আৰু ১০ হাজাৰ টকা জৰিমনা। একেদৰে এই ভুল পুনৰাবৃত্তি কৰিলে ২ বছৰ জে’ল আৰু ১৫০০০ টকাৰ জৰিমনা।

বাহন চলোৱাৰ সময়ত ছীট বেল্ট ব্যৱহাৰ নকৰিলে ১,০০০ টকা, চালক আৰু আৰোহী দুয়োজনে ব্যৱহাৰ কৰিব লাগিব ছীট বেল্ট। আনকি শিশুৱেও বাহনত বেল্ট ব্যৱহাৰ কৰিব লাগিব নহ’লে ভৰিব লাগিব ১০০০ টকা।

মটৰচাইকেলৰ ক্ষেতটো দুয়োজন আৰোহীয়ে হেলমেট পৰিধান কৰিব লাগিব নহ’লে ১০০০ টকা ভৰিব লাগিব।