বড়োলেণ্ডত নতুন ৰাজনৈতিক অংক; শক্তিশালী হ’ব য়ু পি পি এল!

কেন্দ্ৰীয় চৰকাৰৰ সৈতে বড়ো বিদ্ৰোহী সংগঠন এন ডি এফ বিৰ আটাইকেইটা গোট, নিখিল বড়ো ছাত্ৰ সন্থা, বিটিচি প্ৰধান হাগ্ৰামা মহিলাৰীয়ে নতুন বড়ো চুক্তিত স্বাক্ষৰ কৰাৰ পাছতে বড়োলেণ্ডত নতুন ৰাজনৈতিক দলৰ জল্পনা-কল্পনা আৰম্ভ হৈছে।

ইতিমধ্যে, ১১ ফেব্ৰুৱাৰিত এন ডি এফ বিৰ আটাইকেইটা গোট বড়ো সকলৰ সমস্যা, সমাধান আৰু প্ৰগতিৰ স্বাৰ্থত পুনৰ একত্ৰিত হয়।

তামুলপুৰত ১২ ফেব্ৰুৱাৰিৰ পৰা আৰম্ভ হোৱা এবছুৰ অভিৱৰ্তনত আজি এন ডি এফ বিৰ নেতা সকলকো সম্বৰ্ধনা জ্ঞাপন কৰা হয়।

অৱশ্যে এই সম্বৰ্ধনা অনুষ্ঠানত উপস্থিত নাথাকিল ৰঞ্জন দৈমাৰী আৰু ধীৰেণ বড়ো।

এবছুৰ অভিৱৰ্তনৰ পৰা আগন্তুক বিটিচি নিৰ্বাচনৰ পূৰ্বে বড়োলেণ্ডত নতুন ৰাজনৈতিক দল গঠন যে নহয় সেই সন্দৰ্ভত এটা ইংগিত লাভ কৰা গৈছে।

বি টি আৰত নতুন দল গঠনৰ পৰিৱৰ্তে হাগ্ৰামৰ সৈতে মতৰ বিৰোধিতা থকা সকলে ইউ পি পি এলৰ লগত লগ লাগি আগন্তুক নিৰ্বাচনত অৱতীৰ্ণ হোৱাৰ সম্ভাৱনা অধিক। এইক্ষেত্ৰত এবছুই য়ু পি পি এলক সমৰ্থন আগবঢ়াব।

পূৰ্বতেও য়ু পি পি এলৰ প্ৰতি এবছু আৰু এন ডি এফ বিৰ সমৰ্থন আছিল কিন্তু এইবাৰ যিহেতু এন ডি এফ বিৰ আটাইকেইটা গোট মূল সূতিলৈ আহিল আৰু তেওঁলোকে যদি একত্ৰিতভাৱে অগ্ৰসৰ হয় তেতিয়া এন ডি এফ বি, এবছু আৰু য়ু পি পি এল-ৰ একত্ৰিত শক্তি যথেষ্ট বৃদ্ধি পাব।

এই সম্পৰ্কত য়ু পি পি এলৰ নেতা উৰ্খাও গৌৰাং ব্ৰহ্মই আমাৰ আগত গুৰুত্বপূৰ্ণ মন্তব্য কৰি কয়, ‘‘য়ু পি পি এল, এবছু আৰু এন ডি এফ আমি আটাইকেইটা সংগ্ৰামী গোট। আমাৰ মাজত সুসম্পৰ্ক পূৰ্বৰে পৰা আছে।  এন ডি এফ বিৰ আটাইকেইটা গোটৰ সৈতে একেলগে আগবঢ়াৰ বাবে আমি আলোচনা চলাই আছো।’’

তেওঁ লগতে কয়, ‘‘এন ডি এফ বিয়ে যিহেতু সশস্ত্ৰ সংগ্ৰাম ত্যাগ কৰিছে গতিকে তেওঁলোক আৰু এন ডি এফ বি হৈ নাথাকিব। গতিকে আমি আটাইকেইটা সংগ্ৰামী দল-সংগঠন একলগ হোৱাৰ প্ৰচেষ্টা চলাই আছে।’’

ইপিনে, তেওঁলোকৰ বিপৰীতে থাকিব বি পি এফ। বি টি চি গঠন হোৱাৰ পৰাই বড়োভূমিত শাসনত থকা বি পি এফ কিন্তু এইবাৰ এন ডি এফ বিৰ, এবছু আৰু য়ু পি পি এল-ৰ একত্ৰিত শক্তিৰ দ্বাৰা প্ৰত্যাহ্বানৰ সন্মুখিন হোৱাৰ সম্ভাৱনা আছে।

ইয়াৰ বিপৰীতে, সাংসদ নৱ শৰণীয়াৰ ভূমিকাও চিন্তা কৰিব লাগিব। বড়ো ভূমিত বি পি এফ আৰু এন ডি এফ বি-ইউ পি পি এলৰ একত্ৰিত শক্তিৰ মাজত বড়ো ভোটৰ বিভাজনৰ সুযোগ লোৱাৰ বাবে নিশ্চয় শৰণীয়াই চেষ্টা কৰিব।

ইতিমধ্যে নৱ শৰণীয়াৰ নেতৃত্বত বি টি এ ডি আৰ্মী নামেৰে দল গঠন হৈছে। গতিকে তেওঁলোকো সাজু হৈ আছে।

উৰ্খাও গৌৰা ব্ৰহ্মই আমাৰ আগত মন্তব্য কৰিছে, ‘এইবাৰ বি টি চিত পৰিৱৰ্তন ঘটাতো নিশ্চিত। যোৱাবাৰেই হাগ্ৰামা মহিলাৰী নেতৃত্বাধীন বি পি এফ প্ৰত্যহ্বানৰ সন্মুখীন হৈছিল। এইবাৰ বি পি এফ আৰু শাসনত থাকিব নোৱাৰিব।’

অৱশ্যে এইখিনি সময়ত বিজেপিৰ ভূমিকা কি হয় সেয়াও লক্ষনীয় হ’ব, কাৰণ বড়োভূমিত বিজেপিয়ে এতিয়া নিজৰ ভেটি যথেষ্ট শক্তিশালী কৰিছে। বিজেপিত বহু যোগদান হৈছে। বিশেষকৈ অনা বড়ো লোকৰ মাজত বিজেপিয়ে এটা প্ৰভাৱ বিস্তাৰ কৰিছে। গতিকে মিত্ৰজোঁটত হয়তো বি পি এফৰ সংকট বিজেপিয়ে দূৰ কৰিব পাৰে।

বিটিচি নিৰ্বাচনৰ সময় চমু আহিলেও ইয়াৰ ৰাজনৈতিক দৃশ্যপট এতিয়াও অস্পষ্ট হৈ আছে।