নতুন SOP জাৰি ৰাজ্য চৰকাৰৰ, কি আছে নতুন SOP ত?

New SOP

ৰাজ্যত ক’ভিদৰ ভয়াৱহতা অটুট থকাৰ সময়তে আজি নতুন SOP জাৰি কৰিছে ৰাজ্য চৰকাৰে।

নতুন SOP অনুসৰি এতিয়াৰে পৰা ৰাজ্যত নিশা ১১ বজালৈ সান্ধ্য আইনৰ সময়সীমা বৃদ্ধি কৰা হৈছে।

ৰাজ্যত ব্যৱসায়িক প্ৰতিষ্ঠানসমূহ নিশা ১০ বজালৈকে খুলিব পাৰিব।

এতিয়াৰে পৰা নিশা ১১বজাৰ পুৱা ৫বজালৈ সান্ধ্য আইন প্ৰযোজ্য হ’ব।

ইয়াৰ পূৰ্বৰ SOP অনুসৰি ৰাজ্যত নিশা ১০ বজাৰ পৰা পুৱা ৫ বজালৈ সান্ধ্য আইন প্ৰযোজ্য আছিল।

অৱশ্যে সান্ধ্য আইনৰ নতুন সময়ৰ বাদে নতুন SOP ত কোনো নতুনত্ব নাই। প্ৰায় সকলো নিয়ম পূৰ্বৰ দৰেই বাহাল থাকিব ৰাজ্যত।

বিগত দুৰ্গোৎসৱৰ সামৰণি পৰাৰ পিছতে ৰাজ্যত বৃদ্ধি পাইছিল কৰ’ণাৰ সংক্ৰমণ। সংক্ৰমণ বৃদ্ধিৰ পৰিস্থিতিলৈ চাই ৰাজ্যত পুনৰ লকডাউনৰ আশংকা প্ৰকাশ কৰিছিল বিভিন্নজনে।

অৱশ্যে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু স্বাস্থ্য মন্ত্ৰী কেশৱ মহন্তই লকডাউনৰ আশংকা ন্যসাৎ কৰিছে। বৰ্দ্ধিত ক’ভিদ সংক্ৰমণৰ লগত যুঁজিবলৈ ভেকচিন ল’বলৈ আহ্বান জনাই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।