কলিয়াবৰত নতুনকৈ ৩৫ জন কোভিড-১৯পজিটিভ; আক্ৰান্তৰ সংখ্যা ২৪১লৈ বৃদ্ধি

Third COVID-19 wave may not happen if we take strong measures, says Centre

প্ৰতিনিধিত্বমূলক ফটো।

ৰাজ্যত ক্ৰমে ক্ষিপ্ৰতাৰে বৃদ্ধি পোৱা কৰ’নাৰ সংক্ৰমণৰ সময়তে কলিয়াবৰতো নতুনকৈ ৩৫জন লোক কোভিড-১৯ত আক্ৰান্ত হৈছে।

জখলাবন্ধা চিকিৎসালয় আৰু জখলাবন্ধা চিকিৎসালয়ৰ সৈতে জড়িত আন ৪ টা কোভিড টেষ্ট কেন্দ্ৰত শনিবাৰে ১১ জন লোক কোভিডত আক্ৰান্ত হয়।

ইপিনে চিমনাবস্তি চিকিৎসালয়ৰ কোভিড চেন্টাৰৰ সৈতে জড়িত আন ৪টা কোভিড টেষ্ট কেন্দ্ৰত কৰা টেষ্টত ২৪ জন লোক কোভিডত আক্ৰান্ত হৈছে।

শনিবাৰে আক্ৰান্ত ৩৫জনক বৰ্তমান হোম আইছ’লেশ্যনত থকাৰ নিৰ্দেশ দিছে স্বাস্থ্য বিভাগে।

এই পৰ্যন্ত কলিয়াবৰত কোভিড-১৯ত আক্ৰান্তৰ সংখ্যা ২৪১ লৈ বৃদ্ধি পালে।

প্ৰশাসনে জনসাধাৰণক কোভিড-১৯ৰ বিৰুদ্ধে যুঁজ দিয়াৰ বাবে সাৱধানতা অৱলম্বন কৰিবলৈ আহ্বান জনাইছে। লগতে মাস্ক পৰিধান কৰি সমাজিক দূৰত্ব বজাই ৰখাৰ বাবেও আবেদন জনাইছে।