স্বাধীনতা দিৱসত ডিমৌৰ পুনৰ্নিৰ্মিত নাট‍্য মন্দিৰৰ আনুষ্ঠানিক উদ্বোধন

PicsArt_08-16-06.57.10

ভাৰতৰ ৭২ তম্ স্বাধীনতা দিৱসৰ লগত সংগতি ৰাখি কালি শিৱসাগৰ জিলাৰ ডিমৌত নতুনকৈ নিৰ্মাণ কৰা ৰাজহুৱা ভৱনটো আনুষ্ঠানিকভাৱে উদ্বোধন কৰা হয়। অনুষ্ঠানটোত উপস্থিত থাকে থাওৰা সমষ্টিৰ বৰ্তমান বিধায়ক কুশল দুৱৰী, মহিলা মৰ্চাৰ সভানেত্ৰী দীপিকা দুৱৰী, ডিমৌৰ ৰাজহ চক্ৰ বিষয়া মনোৰমা মৰাং আদিৰ লগতে ডিমৌৰ স্থানীয় ৰাইজ।

সভানেত্ৰী দীপিকা দুৱৰীয়ে বন্তি প্ৰজ্বলন কৰি অনুষ্ঠানটোৰ আঁত ধৰে আৰু বিধায়ক কুশল দুৱৰীয়ে আনুষ্ঠানিকভাৱে ফিটা কাটি ভৱনটো মুকলি কৰে।

প্ৰায় ১৯৮৫ চনৰ পৰা ডিমৌৰ স্বনামধন্য ব্যক্তি প্ৰয়াত ভূপেন বৰগোহাঞি, প্ৰয়াত অনন্ত গোহাঁই, প্ৰয়াত ফণী চেতিয়া, নৱ গোহাঁই, লোহিত শইকীয়া দেৱৰ দৰে বহু কেইগৰাকী সন্মানীয় ব্যক্তিৰ প্ৰচেষ্টাত প্ৰাৰম্ভিক পৰ্য্যায়ত আৰম্ভ হোৱা ডিমৌৰ সাংস্কৃতিক প্ৰাণকেন্দ্ৰ নাট্য মন্দিৰ ভাঙি তেতিয়াৰ বিধায়ক দেৱানন্দ কোঁৱৰৰ লগতে প্ৰয়াত সাংসদ বিজয়কৃষ্ণ সন্দিকৈৰ বিধায়ক আৰু সাংসদ উন্নয়ন পূঁজিৰ ধনেৰে পূৰ্ণতা পোৱা এই সাংস্কৃতিক ভৱনটো পৰৱর্তী পৰ্য্যায়ত চোৱা-চিতা অভাৱত কিছু বছৰ জৰাজীৰ্ণ হৈ ৰয়।

২০১১ চনত থাওৰা সমষ্টিৰ  প্ৰাক্তন বিধায়ক তথা শিৱসাগৰ জিলা কংগ্ৰেছৰ সভাপতি সুশান্ত বৰগোহাঁইৰ দক্ষতাপূৰ্ণ প্ৰচেষ্টাত ২০১৪-২০১৫ চনত অসম চৰকাৰৰ আনটাইড পূঁজিৰ পৰা ২০ লাখ আৰু তাৰ পিছত অসম চৰকাৰৰ সংস্কৃতিক বিভাগৰ পুজিৰ পৰা ৫০ লাখ টকাৰে পুনৰ নিৰ্মাণ হোৱা ডিমৌৰ সাংস্কৃতিক প্ৰাণকেন্দ্ৰ নাট্য মন্দিৰটোৱে পূৰ্ণতা লাভ কৰে।