পুৰণিগুদামত চাৰিদিনীয়া কাৰ্য্যসূচীৰে মিকিৰহাট নামঘৰৰ নৱ নিৰ্মিত ভৱন উদ্বোধন

IMG-20190522-WA0008

পুৰণিগুদামত নতুনকৈ উদ্বোধন হোৱা নামঘৰটো।

চাৰিদিনীয়া কাৰ্য্যসূচীৰে আৰম্ভ হোৱা নগাঁও জিলাৰ পুৰণিগুদামৰ পুৰণি গাঁও মিকিৰহাটৰ ৰাজহুৱা নামঘৰৰ নৱ নিৰ্মিত ভৱনটিৰ শুভাৰম্ভ অনুষ্ঠানৰ ১৮ মে’ত গুৰু আসন প্ৰতিষ্ঠাৰ জৰিয়তে আৰম্ভ কৰে এক শৰণ ভাগৱতী সমাজৰ একনিষ্ঠ সেৱক দুতিৰাম আতাই।

চকুত লগাকৈ নিৰ্মাণ কৰা নামঘৰটি গ্ৰাহ-গজেন্দ্ৰ সহিতে বাটচ’ৰা, অগ্নিগড়, জয় বিজয়ৰ মূৰ্ত্তি, গায়ন বায়নৰ মূৰ্ত্তি, সিংহ দ্বাৰ আদিৰে সুন্দৰকৈ সজাই তোলা হৈছে। নামঘৰৰ আসন প্ৰতিষ্ঠাৰ উপৰিও উদ্বোধনীৰ দিনাখন প্ৰাতঃ প্ৰসঙ্গ, খোল প্ৰসঙ্গ, যপ-যজ্ঞ, সান্ধ্য প্ৰসঙ্গ আদি মাংগলিক কাৰ্য্যসূচী অনুষ্ঠিত কৰা হয়।

আনহাতে, ১৯ মে’ত মিকিৰহাট নামঘৰৰ প্ৰঙ্গণত এক শৰণ ভাগৱতী সমাজৰ ধৰ্মধ্বজা উত্তোলন কৰে দুতিৰাম আতাই। তাৰ পাছতেই এক আকৰ্ষণীয় ভাগৱত শোভাযাত্ৰা উলিওৱা হয়। ঠিক একেদৰে ২০ মে’ তাৰিখে প্ৰাতঃপ্ৰসংগ অনুষ্ঠিত হোৱাৰ পাছত পৰিৱেশ নিকাকৰণ কাৰ্যসূচী ৰূপায়ন কৰা হয়। পুৱাৰ ভাগত অনুষ্ঠিত এটি গুৰুত্বপূৰ্ণ কাৰ্যসূচী হ’ল তৰুণ বিদ্যাৰ্থী সমাজৰ প্ৰাৰ্থনা সভা।

বিয়লি চাৰি বজাত ভুৱনেশ্বৰ দাসৰ সভাপতিত্বত অনুষ্ঠিত ধৰ্মালোচনী সভাত তত্ত্ব পৰিষদৰ সদস্য মুহিধৰ আতাই ‘আচাৰ্য প্ৰণাম’ কাৰ্যসূচী উদ্বোধন কৰি তাত্ত্বিক ব্যাখ্যা আগবঢ়োৱাৰ পিছত সভা উদ্বোধন কৰে নগাঁও জিলা একশৰণ ভাগৱতী সমাজৰ উপ-সভাপতি টংকেশ্বৰ আতৈয়ে। নিৰ্দ্দিষ্ট বক্তাৰ ভাষণ আগবঢ়াই নগাঁও জিলা একশৰণ ভাগৱতী সমাজৰ প্ৰধান সচিব জীৱন কাকতি আৰু নগাঁও জিলা একশৰণ ভাগৱতী সমাজ পুৰ্বাঞ্চলিকৰ নামাচাৰ্য ৰবিৰাম আতৈয়ে।

একশৰণ ভাগৱতী সমাজৰ উপাচাৰ্য অনুৰাম দাস আতাই বিশিষ্ট অতিথিৰ ভাষণ আগবঢ়াই কয় যে বিশ্ব শান্তিৰ বাবে শংকৰদেৱ গুৰুজনাৰ আদৰ্শ আজিও প্ৰাসঙ্গিক হৈ আছে। ধৰ্মালোচনী সভাৰ অন্তত পৰমানন্দ দাসৰ পৰিচালনাত এক ঘন্টাজোৰা গুণমালা কীৰ্ত্তন অনুষ্ঠিত হয়।

গুণমালা কীৰ্তনৰ পাছত মাজ নিশা নগাঁও জিলাৰ বুঢ়া আতা সকলৰ পৰিচালনাত মহা পালনাম অনুষ্ঠিত হয়। তদুপৰি ২১ মে’ত পুৱা পালনামৰ সামৰণি পৰে আৰু বিয়লিলৈ ভকত বিদায় আৰু ধৰ্মধ্বজা অৱতৰণৰ জৰিয়তে চাৰি দিনীয়া কাৰ্যসূচীৰ সফল সামৰণি পৰা দেখা যায় পুৰণিগুদামৰ মিকিৰহাট গাঁৱত।