২২ জুলাইত ৰাজ্যসভাৰ নৱ নিৰ্বাচিত সদস্যসকলে ল’ব শপত

ৰাজ্যসভাৰ নৱনিৰ্বাচিত সাংসদসকলে অহা ২২ জুলাইত সদনৰ চেম্বাৰত শপত ল’ব। এটা সূত্ৰই সংবাদ মাধ্যমৰ আগত এই কথা প্ৰকাশ কৰে।

মহামাৰী ক’ভিড-১৯ৰ প্ৰতি লক্ষ্য ৰাখি সামাজিক দূৰত্ব বজাই ৰাখি শপত গ্ৰহণ অনুষ্ঠানটি সম্পন্ন কৰা হ’ব বুলি জনায়।

সাধাৰণতে শপত গ্ৰহণ অনুষ্ঠান অধিৱেশনৰ মাজত হয় অথবা অধিৱেশন নাথাকিলে ৰাজ্যসভাৰ অধ্যক্ষৰ চেম্বাৰত হয়।

অলপতে অনু্ষ্ঠিত হৈ যোৱা ৰাজ্যসভাৰ নিৰ্বাচনত ২০ খন ৰাজ্যৰ পৰা ৬১ গৰাকী সদস্য নিৰ্বাচিত হৈ গৈছে।

জানিবলৈ পোৱা অনুসৰি শপত গ্ৰহণ অনুষ্ঠানত প্ৰতিগৰাকী সদস্যই লগত মাত্ৰ এজনহে অতিথি অনাৰ অনুমতি দিছে।

ৰাজ্যসভাৰ মহাসচিবে প্ৰতিগৰাকী নৱ নিৰ্বাচিত সদস্যকে পত্ৰৰ জৰিয়তে ২২ জুলাইত শপতগ্ৰহণ অনুষ্ঠান আয়োজন কৰাৰ কথা অৱগত কৰিছে।

যদি কোনো সদস্য ২২ জুলাইত উপস্থিত থাকিব নোৱাৰে তেন্তে সেই সদস্যগৰাকী সদনৰ পৰৱৰ্তী অধিৱেশনত শপত ল’ব পাৰিব।