NORTHEAST NOW (Assamese)

হাজিৰা কৰি ৰোগীয়া মাতৃ-ভাতৃক পোহপাল দিয়া দিপালী বৰাক আৰ্থিকসাহায্য প্ৰদান

December 25, 2018 8:02 am · মিণ্টু দাস

নগাঁও জিলাৰ বেবেজীয়াৰ সমীপৰ  শেতালীৰ দিপালী বৰা নামৰ এগৰাকী দৰিদ্ৰ যুৱতীৰ ঘৰৰ চোতালত দ’মাই থোৱা পকা ধানৰ মেজিত কেইদিনমান পূৰ্বে নিশা কোনো দুৰ্বৃত্তই জুই দি পিতৃহীনা দৰিদ্ৰ পৰিয়াললৈ অমানিশা নমাই আনিছিল। সেই সময়ত বিভিন্ন সংবাদ মাধ্যমত এই অমানৱীয় ঘটনাতো প্ৰচাৰ হৈছিল৷

কাৰো ওচৰত হাত নাপাতি আনৰ ঘৰত হাজিৰা কৰি ৰোগাগ্ৰস্তা বিধৱা মাতৃ আৰু ৰোগীয়া ভাতৃক সাহসেৰে পোহপাল দি অহা দীপালীক সাহস আৰু সহায় কৰিবলৈ ২৩ ডিচেম্বৰত হাতীচোং জিলা পৰিষদৰ নৱ-নিৰ্বাচিত সদস্যা সীমাৰেখা ভঁ‌ড়ালী বৰা তেওঁলোকৰ ঘৰত উপস্থিত হয়।

ইয়াৰ পিছতে পৰিয়ালটিলৈ বৰাই এককালীন অৰ্থসাহায্য আগবঢ়োৱাৰ লগতে দুৰ্ভগীয়া পৰিয়ালটোক এখন সৰু দোকান দি জীৱন নিৰ্বাহ কৰি থকা দিপালী বৰাক অনাগত দিনত অন্যান্য সা-সুবিধা প্ৰদান কৰাৰ উপৰি তেওঁৰ ঘৰটোও মেৰামতি কৰি দিব বুলি কয়।

উক্ত দিনা হাতীচোং অঞ্চলৰ কেইবাজনো বিজেপিৰ যুৱ নেতাৰ লগতে হাতীচোং বিজেপিৰ কিষাণ মৰ্চাৰ বিষয়ববীয়া উপস্থিত থাকে।

Related News