• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, September 18, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

ফুটবল অনুৰাগীৰ নয়নৰ মণি! ভাইৰেল হৈ পৰিছে ১৩ বছৰ বয়সত দিয়া মেছিৰ ‘প্ৰথম সাক্ষাৎকাৰ’

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
December 18, 2022 11:48 am
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

Lionel Messi’s first-ever interview at the age of 13 goes viral পাৰ হৈ অহা ২০ বছৰতকৈ অধিক সময় ধৰি লিঅ’নেল মেছিৰ অবিহনে ফুটবলৰ কথা ভাবিবই নোৱাৰি। তেওঁ ইতিমধ্যে পেলে-মাৰাডোনাৰ কাষত তেওঁৰ নাম লিপিবদ্ধ কৰিছে। বাৰ্চিলোনাৰ পৰা আৰম্ভ হৈছিল তেওঁৰ যাত্ৰা। তেওঁ নিজ দেশ আৰ্জেণ্টিনাৰ ‘নেৱেলছ অল্ড বয়েজ ক্লাব’ত খেলিছিল।

মাত্ৰ ১৩ বছৰ বয়সত মেছিয়ে নিজৰ দেশ আৰ্জেণ্টিনা ত্যাগ কৰি স্পেইনৰ বাৰ্চিলোনালৈ যায়। ইউৰোপলৈ ৰাওনা হোৱাৰ কেইমাহমান পূৰ্বে মেছিয়ে ছাণ্টা ফে প্ৰদেশৰ আটাইতকৈ ডাঙৰ চহৰ য’ত তেওঁৰ জন্ম হৈছিল সেই ৰোজাৰিঅ’ত অৱস্থিত স্পেনিছ বাতৰি কাকত ‘দিয়াৰিঅ’ লা কেপিটেল’ নামৰ এখন বাতৰি কাকতক সাক্ষাৎকাৰ দিছিল।

সাক্ষাৎকাৰটোক ‘মেছিৰ জীৱনৰ প্ৰথম সাক্ষাৎকাৰ’ বুলি কোৱা হয়। কাটাৰ বিশ্বকাপৰ ফাইনেলৰ পূৰ্বে সেই সাক্ষাৎকাৰৰ পেপাৰকাটিং এতিয়া আৰ্জেণ্টিনা আৰু স্পেইনৰ সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে।

লা কেপিটেলৰ সেই সাক্ষাৎকাৰ আৰম্ভ হৈছিল এনেধৰণে:

“লিঅ’নেল মেছি এজন দশম বিভাগৰ খেলুৱৈ আৰু তেওঁ দলৰ আক্ৰমণকাৰী প্লেমেকাৰ। তেওঁ কেৱল নেৱেলৰ একাডেমীৰ আটাইতকৈ আহিবলগীয়া খেলুৱৈসকলৰ মাজৰ এজনেই নহয়, তেওঁৰ আগত এক বিশাল সম্ভাৱণাপূৰ্ণ ভৱিষ্যও আছে। কিয়নো কম উচ্চতা স্বত্বেও তেওঁ এজন বা দুজনক পাছ কাটি আগবাঢ়ে, ড্ৰিবল কৰে, গ’ল কৰে – কিন্তু আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হ’ল, তেওঁ বলটোৰ সৈতে সময় কটাবলৈ ভাল পায়।‘’

সাক্ষাৎকাৰটোত, মেছিক তেওঁৰ সপোনৰ বাবে তেওঁৰ প্ৰিয় নায়কৰ বিষয়ে বহুতো প্ৰশ্ন সোধা হৈছিল।

সাক্ষাৎকাৰটোৰ সম্পূৰ্ণ পাঠ তলত দাঙি ধৰা হ’ল:

নায়ক: দুজন, মোৰ পিতৃ জৰ্জ আৰু মোৰ গডফাদাৰ (দত্তক পিতৃ) ক্লদিঅ’।

প্ৰিয় প্ৰশিক্ষক: সকলোৱে, যিসকলক মই এতিয়ালৈকে পাইছোঁ – গেব্ৰিয়েল, মোৰালেছ, ডমিনগুয়েজ, ভেচ্চো আৰু কোৰিয়া। মই তেওঁলোকৰ প্ৰত্যেকৰ পৰাই কিবা নহয় কিবা শিকিছো।

প্ৰিয় ফিটনেছ প্ৰশিক্ষক: পাবলো ছানচেজ।

প্ৰিয় খেলুৱৈ: দুজন, মোৰ ভাতৃ আৰু এগৰাকী মোৰ সম্পৰ্কীয় ভাতৃ।

প্ৰিয় দল: নেওৱেলছ।

প্ৰিয় চখ: সংগীত শুনা।

কেনেধৰণৰ গান প্ৰিয়: কোৱাৰ্টেটো আৰু কেম্বিয়া।

প্ৰিয় টিভি প্ৰ’গ্ৰাম: প্ৰাইমিচিয়াছ।

প্ৰিয় আলোচনী: পেছিয়ন ৰোহিন্নেগ্ৰা (নেওৱেলৰ ফ্যান আলোচনী)

প্ৰিয় গ্ৰন্থ: বাইবেল।

প্ৰিয় চলচ্চিত্ৰ: বেবীজ ডে আউট।

ফুটবলৰ বাহিৰে আন এটা প্ৰিয় খেল: হেণ্ডবল।

প্ৰিয় মডেল: নিকোল নিউমেন।

প্ৰিয় খাদ্য: চিকেন আৰু চছ।

প্ৰিয় বিষয়: স্পেনিছ।

প্ৰিয় চাকৰি: শাৰীৰিক শিক্ষাৰ (পি ই) শিক্ষক।

লক্ষ্য: মাধ্যমিক শিক্ষা সমাপ্ত কৰা।

সুখৰ মুহূৰ্ত: যেতিয়া আমি চেম্পিয়ন হৈছিলোঁ।

দুখৰ দিন: মোৰ আইতাৰ মৃত্যু।

আশা: নেওৱেলছৰ বাবে প্ৰথম বিভাগ খেলা।

প্ৰিয় স্মৃতি: যেতিয়া মোৰ আইতাই মোক ফুটবল খেলিবলৈ লৈ গৈছিল।

সপোন: আৰ্জেণ্টিনাৰ হৈ খেলা।

ক’বলৈ মন যোৱা কাহিনী: যেতিয়া আমি পেৰুলৈ গৈছিলোঁ আৰু চেম্পিয়ন হৈছিলোঁ।

মানৱতা: যিটো বস্তু মানুহে কেতিয়াও হেৰুৱাব নালাগে।

আৰ্জেণ্টিনাৰ যুৱ দল: তেওঁলোকৰ হৈ খেলিবলৈ পালে বৰ ভাল লাগিব।

পৰিয়াল: মোৰ দেউতা জৰ্জ, মা চেলিয়া আৰু মোৰ ভাই-ভনী ৰড্ৰিগো, নাটালিয়া আৰু মাৰিচোল।

বন্ধুঃ মই বহুতো বন্ধু পোৱাৰ বাবে ভাগ্যৱান। যদি মই নামবোৰ ক’বলৈ আৰম্ভ কৰোঁ, মই কাৰোবাৰ নাম ল’বলৈ পাহৰি যাম।

তোমাৰ জীৱনত নেওৱেলছৰ অৰ্থ কি?: সকলো, সঁচাকৈয়ে সকলো।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

বিহাৰৰ পাছত দিল্লীত আৰম্ভ হৈছে SIR প্ৰক্ৰিয়া! ২০০২ চনৰ তালিকাত ভোটাৰৰ নাম বিচাৰিবলৈ আয়োগৰ নিৰ্দেশ

বিহাৰৰ পাছত দিল্লীত আৰম্ভ হৈছে SIR প্ৰক্ৰিয়া! ২০০২ চনৰ তালিকাত ভোটাৰৰ নাম বিচাৰিবলৈ আয়োগৰ নিৰ্দেশ

September 18, 2025 7:08 am
ট্ৰাম্পৰ পাছত পুটিনে ফোনযোগে মোদীক জনালে জন্মদিনৰ শুভেচ্ছা

ট্ৰাম্পৰ পাছত পুটিনে ফোনযোগে মোদীক জনালে জন্মদিনৰ শুভেচ্ছা

September 17, 2025 9:31 pm
কেগৰ প্ৰতিবেদনত উন্মোচিত হৈছে গুজৰাটৰ শ্ৰমিক কল্যাণ ব’ৰ্ডৰ বৃ্হৎ অনিয়ম

কেগৰ প্ৰতিবেদনত উন্মোচিত হৈছে গুজৰাটৰ শ্ৰমিক কল্যাণ ব’ৰ্ডৰ বৃ্হৎ অনিয়ম

September 17, 2025 8:36 pm
EVM বেলটত এতিয়াৰে পৰা থাকিব প্ৰাৰ্থীৰ ৰঙীণ ফটো! বিহাৰৰ পৰাই আৰম্ভ হ’ব এই ব্যৱস্থা

EVM বেলটত এতিয়াৰে পৰা থাকিব প্ৰাৰ্থীৰ ৰঙীণ ফটো! বিহাৰৰ পৰাই আৰম্ভ হ’ব এই ব্যৱস্থা

September 17, 2025 7:24 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

বিহাৰৰ পাছত দিল্লীত আৰম্ভ হৈছে SIR প্ৰক্ৰিয়া! ২০০২ চনৰ তালিকাত ভোটাৰৰ নাম বিচাৰিবলৈ আয়োগৰ নিৰ্দেশ

বিহাৰৰ পাছত দিল্লীত আৰম্ভ হৈছে SIR প্ৰক্ৰিয়া! ২০০২ চনৰ তালিকাত ভোটাৰৰ নাম বিচাৰিবলৈ আয়োগৰ নিৰ্দেশ

September 18, 2025 7:08 am
ট্ৰাম্পৰ পাছত পুটিনে ফোনযোগে মোদীক জনালে জন্মদিনৰ শুভেচ্ছা

ট্ৰাম্পৰ পাছত পুটিনে ফোনযোগে মোদীক জনালে জন্মদিনৰ শুভেচ্ছা

September 17, 2025 9:31 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd