ই-লোকপিয়ল: সলনি হ’ব পৰৱৰ্তী লোকপিয়লৰ প্ৰক্ৰিয়া; অমিত শ্বাহৰ বৃহৎ ঘোষণা

এইবাৰ চৰকাৰী কৰ্মচাৰীসকলে ঘৰে ঘৰে গৈ আৰু মানুহৰ গণনা নকৰে। ইয়াৰ পৰিৱৰ্তে আহি আছে ই-লোকপিয়ল অৰ্থাৎ গোটেই প্ৰক্ৰিয়াটো ডিজিটেল হৈ পৰিব। এই পদ্ধতিটো ১০০ শতাংশ শুদ্ধ হ’ব। সোমবাৰে অসমত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে এই কথা ঘোষণা কৰে।

উত্তৰ গুৱাহাটীৰ আমিনগাঁৱত এটা লোকপিয়ল কাৰ্যালয়ৰ উদ্বোধনী অনুষ্ঠানত ভাষণ দি শ্বাহে কয় যে দেশৰ পৰৱৰ্তী লোকপিয়ল সম্পূৰ্ণৰূপে ডিজিটেল হ’ব। এই পদ্ধতিত ১০০ শতাংশ সঠিক গণনা কৰিব পৰা যাব।

লগতে পঢ়ক: নাগ্ৰীজুলিৰ কালচেনীত বিএছএফৰ অস্ত্ৰ মেৰামতি কাৰখানা আৰু অস্ত্ৰ ভাণ্ডাৰৰ আধাৰশিলা স্থাপন কৰিলে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে

তেওঁ কয় যে এই গণনা পদ্ধতিটো নিখুঁত কৰিবলৈ অত্যাধুনিক পদ্ধতি ব্যৱহাৰ কৰা হৈছে। এনে ধৰণৰ আধুনিক পদ্ধতি ব্যৱহাৰ কৰা হৈছে কিয়নো দেশৰ বিত্তীয় আৰু অন্যান্য পৰিকল্পনা ৰূপায়ণত লোকপিয়লে এক ডাঙৰ ভূমিকা পালন কৰে। কেৱল লোকপিয়লৰ জৰিয়তেহে দেশৰ ভিতৰুৱা অঞ্চলকে ধৰি ইয়াত বসবাস কৰা লোকসকলৰ জীৱনৰ মানদণ্ড জনা সম্ভৱ। পাহাৰীয়া অঞ্চলৰ পৰা উন্নত চহৰলৈকে মানুহবোৰ কেনে আছে সেয়া জানিব পৰা যাব।

এই ই-লোকপিয়ল প্ৰক্ৰিয়াৰ বিষয়ে ব্যাখ্যা কৰি শ্বাহে কয় যে ২০২৪ চনৰ ভিতৰত দেশৰ সকলো লোকৰ জন্ম আৰু মৃত্যুৰ তথ্য একেলগে যোগ কৰা হ’ব। লোকপিয়ল ডিজিটেলভাৱে আপডেট কৰা হ’ব।

লগতে পঢ়ক: ভয়ংকৰ খৱৰ: মাৰ্ঘেৰিটাত কয়লা চোৰে নিয়োজিত কৰিছে বিদ্যালয় এৰা শিশুক!

শিশুটোৰ জন্মৰ পিছত, ইয়াক লোকপিয়লপঞ্জীত পঞ্জীয়ন কৰিব লাগে। যেতিয়া ১৮ বছৰ বয়সত ভোটাৰ তালিকাত নামটো উঠিব তেতিয়া ইয়াক আপডেট কৰা হ’ব। ইয়াৰ বাবে শীঘ্ৰেই এটা ছফ্টৱেৰ মুকলি কৰা হ’ব। তাত মই আৰু মোৰ পৰিয়ালে প্ৰথমেই লোকপিয়লৰ প্ৰপত্ৰ পূৰণ কৰিম।