বঙাইগাঁৱত অসম ৰাজ্যিক প্ৰাথমিক শিক্ষক সন্মিলনীৰ ৪৩ সংখ্যক দ্বি-বাৰ্ষিক অধিৱেশনৰ প্ৰস্তুতি

খেলুৱৈ তথা শিক্ষয়িত্ৰী পূৰ্ণিমা চৌধুৰীলৈ দহ হেজাৰ টকাৰ অনুদান

অসম ৰাজ্যিক প্ৰাথমিক শিক্ষক সন্মিলনীৰ ৪৩ সংখ্যক দ্বি-বাৰ্ষিক বঙাইগাঁও অধিৱেশনৰ আদৰণি সমিতিৰ এখনি বিশেষ সাধাৰণ সভা দেওবাৰে পুৰণি বঙাইগাঁও উচ্চ মাধ্যমিক বিদ্যালয়ত অনুষ্ঠিত হয় ৷

আদৰণি সমিতিৰ কাৰ্যকৰী সভাপতি জগদীশ বৰ্মণৰ সভাপতিত্বত অনুষ্ঠিত সভাত সমিতিৰ মুখ্য সম্পাদক দিলীপ কুমাৰ ৰায়ে উদ্দেশ্য ব্যাখ্যা কৰে ৷

সভাত অসম ৰাজ্যিক প্ৰাথমিক শিক্ষক সন্মিলনীৰ ভাৰপ্ৰাপ্ত সভাপতি আনোৱাৰ হুছেইন, প্ৰধান সম্পাদক ৰাতুল গোস্বামীয়ে উপস্থিত থাকি শিক্ষক সংগঠনটোৰ অধিৱেশন সম্পৰ্কত দিহা পৰামৰ্শ আগবঢ়ায় ৷ উল্লেখ্য যে আগন্তুক ২০২২ বৰ্ষৰ ৭, ৮ আৰু ৯ জানুৱাৰীত বঙাইগাঁও চহৰত অনুষ্ঠিত হ’ব শিক্ষক সন্মিলনীৰ ৪৩ সংখ্যক অধিৱেশন ৷

সভাত আদৰণি সমিতিৰ সভাপতি তথা বঙাইগাঁও সমষ্টিৰ বিধায়ক ফণীভূষণ চৌধুৰী উপস্থিত নথকাত সভাই অধিৱেশনৰ স্থান নিৰ্ধাৰণ চূড়ান্ত কৰিব নোৱাৰিলে ৷

পৰৱৰ্তী সভাত আলাপ- আলোচনাৰ মাধ্যমেৰে সভাৰ নিৰ্দিষ্ট স্থান চূড়ান্ত কৰাৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰে ৷

ইপিনে এই সভাতে ৰাষ্ট্ৰীয় পুৰস্কাৰপ্ৰাপ্ত খেলুৱৈ তথা শিক্ষয়িত্ৰী পূৰ্ণিমা চৌধুৰীয়ে অধিৱেশনৰ সৰ্বাংগীণ সফলতা কামনা কৰি নগদ দহ হেজাৰ টকা অনুদান আগবঢ়ায়৷