NORTHEAST NOW (Assamese)

বিশ্বকাপৰ পৰা ব্ৰাজিল বাহিৰ হোৱাৰ লগে লগে চকুলো টুকি আন্তঃৰাষ্ট্ৰীয় ফুটবলৰ পৰা বিদায় ল’লে নেইমাৰে

July 6, 2026 12:09 pm · এন ই নাও নিউজ, গুৱাহাটী

১৬ বছৰ পূৰ্বে আমেৰিকাৰ মেটলাইফ ষ্টেডিয়ামতে ব্ৰাজিলৰ জাৰ্চিত নেইমাৰৰ আন্তঃৰাষ্ট্ৰীয় ফুটবলত অভিষেক ঘটিছিল। দেওবাৰে নিশা সেই খেলপথাৰতে তেওঁৰ ১৬ বছৰীয়া আন্তঃৰাষ্ট্ৰীয় কেৰিয়াৰৰ অন্ত পৰিল। বিশ্বকাপৰ প্ৰি-কোৱাৰ্টাৰ ফাইনেলত নৰৱেৰ হাতত পৰাস্ত হৈ ব্ৰাজিলৰ সৰ্বকালৰ সৰ্বাধিক গ’লদাতা নেইমাৰে আন্তঃৰাষ্ট্ৰীয় ফুটবলৰ পৰা অৱসৰ ল’লে।

খেলৰ চূড়ান্ত হুইচেল বজোৱাৰ পিছত নেইমাৰে নিজৰ আৱেগক ধৰি ৰাখিব নোৱাৰিলে। খেলপথাৰতে তেওঁ কান্দোনত ভাঙি পৰিল। তেওঁৰ সতীৰ্থসকলে তেওঁক সান্ত্বনা দিছিল। পিছত মিক্সড জ’নত সাংবাদিকৰ আগত তেওঁ কয় যে, “মই বহুত চেষ্টা কৰিছো। মই মোৰ সাধ্য অনুসৰি শ্ৰেষ্ঠখিনি উজাৰি দিছো। কিন্তু এইবাৰ সকলো শেষ হ’ল। মোৰ যাত্ৰা ইয়াৰ পৰাই আৰম্ভ হৈছিল, ইয়াতেই শেষ কৰিলো।”

আঘাত, ফৰ্মৰ উত্থান-পতন আৰু খেলপথাৰৰ বাহিৰত বিভিন্ন বিতৰ্কৰ মাজতো ৩৪ বছৰীয়া তাৰকাগৰাকীয়ে বিশ্বকাপ জয়ৰ সপোন দেখিছিল। প্ৰশিক্ষক কাৰ্লো এন্সেল’টিয়েও তেওঁক সেই সুযোগ দিছিল। যদিও শেষটো আছিল ট্ৰেজিক। ষষ্ঠ প্ৰচেষ্টাতো ব্ৰাজিলৰ হেক্সাৰ সপোন বাস্তৱায়িত নহ’ল। নেইমাৰৰ ব্ৰাজিলে ইউৰোপীয় অভিশাপ অতিক্ৰম কৰিব নোৱাৰিলে।

শৰীৰত আঘাত লৈয়েই বিশ্বকাপলৈ অহা নেইমাৰে গ্ৰুপ পৰ্যায়ৰ প্ৰথম দুখন মেচ খেলিব নোৱাৰিলে। স্কটলেণ্ডৰ বিৰুদ্ধে পৰিৱৰ্ত হিচাপে খেলপথাৰত প্ৰৱেশ কৰে। তেওঁ জাপানৰ বিৰুদ্ধে খেলা নাছিল। নৰৱেৰ বিৰুদ্ধেও পৰিৱৰ্ত হিচাপে নেইমাৰক খেলপথাৰত নমাইছিল প্ৰশিক্ষকগৰাকীয়ে।

তেওঁ মাত্ৰ ৩৭ মিনিট খেলিছিল। মেচৰ শেষৰ ফালে পেনাল্টি স্পটৰ পৰা গ’ল দি ব্যৱধান হ্ৰাস কৰিছিল যদিও সেয়া জয়ী হ’বলৈ যথেষ্ট নাছিল। চূড়ান্ত হুইচেল বজোৱাৰ লগে লগে নেইমাৰে নিজৰ আৱেগক ধৰি ৰাখিব নোৱাৰিলে। ব্ৰাজিলৰ এই তাৰকা ফুটবলাৰগৰাকীয়ে খেলপথাৰতে কান্দোনত ভাঙি পৰিল।

২০১০ চনত ব্ৰাজিলৰ হৈ অভিষেক ঘটোৱাৰ পিছত নেইমাৰে ৰাষ্ট্ৰীয় দলৰ জাৰ্চিৰ পিন্ধি ১৩০খন খেলত ৮০টা গ’ল দিছে। তদুপৰি চাৰিটা হেট্ৰিকো আছে। তেওঁ ব্ৰাজিলৰ ইতিহাসত সৰ্বাধিক গ’লদাতা হিচাপে নিজৰ কেৰিয়াৰৰ অন্ত পেলালে। নেইমাৰে চাৰিটা বিশ্বকাপ খেলিছে।

তেওঁ ২০১২ চনৰ অলিম্পিকত ৰূপৰ পদক, ২০১৬ চনৰ অলিম্পিকত সোণৰ পদক আৰু ২০১৩ চনত ৰাষ্ট্ৰীয় দলৰ হৈ কনফেডাৰেচন কাপৰ খিতাপ দখল কৰে। অৱশ্যে তেওঁৰ বিশ্বকাপ জয়ৰ সপোন কেতিয়াও পূৰণ নহ’ল। ব্ৰাজিলৰ ফুটবলৰ ইতিহাসত তেওঁ ট্ৰেজিক নায়ক হৈ থাকিব।

Related News