কোভিদ-১৯ ৰোগীৰ চিকিৎসাত নিয়োজিত চিকিৎসা কৰ্মীৰ বাবে উত্তৰ-পূব সীমান্ত ৰে’লৱে প্ৰস্তুত কৰিলে পি পি ই কিট

NF Railawy

পি পি ই কিট

উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ ডিব্ৰুগড় আৰু নিউ বঙাইগাঁও ৱৰ্কশ্বপে সফলভাৱে ক’ৰ’না ভাইৰাছৰ সংক্ৰমণ প্ৰতিৰোধী পি পি ই (পাৰ্চনেল প্ৰটেকশ্যন ইকুইপমেণ্ট) কিট প্ৰস্তুত কৰি উলিয়াইছে।

ক’ৰ’না ভাইৰাছৰ দ্বাৰা আক্ৰান্ত ৰোগী সকলৰ চিকিৎসাত নিয়োজিত চিকিৎসাকৰ্মী সকলে ব্যৱহাৰ কৰিব পৰাকৈ এক্স এল চাইজৰ পি পি ই কিট নিৰ্মাণ কৰা হৈছে উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ ৱৰ্কশ্বপ দুটাত।

‘‘কোভিদ-১৯-ত আক্ৰান্ত ৰোগীৰ চিকিৎসাত নিয়োজিত চিকিৎসাকৰ্মী সকলে ব্যৱহাৰ কৰিবৰ বাবে উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ ডিব্ৰুগড় আৰু নিউ বঙাইগাঁও ৱৰ্কশ্বপত এক্স এল আৰ্হিৰ পি পি ই কিট সফলভাৱে প্ৰস্তুত কৰা হয়,’’ উত্তৰ-পূব সীমান্ত ৰেলৱেৰ টুইটাৰ হেণ্ডলত এইদৰে প্ৰকাশ।

উত্তৰ-পূব সীমান্ত ৰে’লৱে এপ্ৰিল মাহত মুঠ ২০০০ পি পি ই কিট প্ৰস্তুত কৰাৰ বাবে লক্ষ্য বান্ধি লৈছে।

উল্লেখযোগ্য যে, ভাৰতীয় ৰে’লৱে কেন্দ্ৰ চৰকাৰৰ ক’ৰ’না প্ৰতিৰোধী যুদ্ধত সৰ্বপ্ৰকাৰে সহযোগিতা অব্যাহত ৰাখিছে।

ভাৰতীয় ৰে’লৱে কেন্দ্ৰ চৰকাৰৰ আহ্বানৰ পাছতে ৰে’লৱেৰ বহু ৰে’ল দবাক অস্থায়ী আইছ’লেশ্যন কক্ষলৈ ৰূপান্তৰ কৰিছে।

উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ তৰফৰ পৰাও ৰে’ল দবাক আইছ’লেশ্যন কক্ষলৈ উন্নীত কৰা হৈছে।

তদুপৰি, দেশৰ বহুতো ৰে’লৱে হস্পাতালক কোভিদ-১৯ হস্পাতাললৈ উন্নীত কৰা হৈছে।

আনহাতে, উত্তৰ-পূব সীমান্ত ৰে’লৱে পি পি ই কিট প্ৰস্তুত কৰা সন্দৰ্ভত উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ এগৰাকী কৰ্মীক যোগাযোগ কৰাত তেওঁলোকে ভবিষ্যতে প্ৰয়োজন অনুসাৰে আৰু অধিক পি পি ই কিট প্ৰস্তুত কৰিব বুলি জানিবলৈ দিয়ে।

প্ৰথম পৰ্যায়ত ৰে’লৱে হস্পাতাল সমূহত চিকিৎসক তথা চিকিৎসা কৰ্মীসকলৰ বাবে এই পি পি ই কিট প্ৰস্তুত কৰা হৈছে বুলি ৰে’ল বিভাগৰ কৰ্মী গৰাকীয়ে মত প্ৰকাশ কৰে।