বগীবিল হৈ তেজপুৰ আৰু ডিব্ৰুগড়ৰ মাজত চলিব নতুন ইণ্টাৰচিটী এক্সপ্ৰেছ

প্ৰতিনিধিত্বমূলক ছবি

উজনি অসমৰ বগীবিল দলঙৰ ওপৰেদি অতি শীঘ্ৰে এখন নতুন ইণ্টাৰটিটী এক্সপ্ৰেছ চলিব। এই কথা জনাইছে উত্তৰ-পূব সীমান্ত ৰে’লৱেই।

এই নতুনকৈ চলিব লগীয়া ইণ্টাৰচিটী এক্সপ্ৰেছখন বগীবিল দলং হৈ তেজপুৰ আৰু ডিব্ৰুগড় জিলাৰ মাজত চলাচল কৰিব।

‘তেজপুৰ আৰু ডিব্ৰুগড় দুয়োখন অসমৰ গুৰুত্বপূৰ্ণ জিলা। বৰ্তমান বগীবিল হৈ তেজপুৰ আৰু ডিব্ৰুগড়ৰ পোনপটীয়া যোগাযোগৰ যাতায়াত ব্যৱস্তাই এক দীৰ্ঘদিনীয়া সমস্যা পূৰণ কৰবি।’  উত্তৰ-পূব সীমান্ত ৰে’লৱেই কৰা এক টুইটত এনেদৰে উল্লেখ কৰে।

উত্তৰ-পূব সীমান্তৰ ৰে’লৱে বিষয়াই জনোৱা অনুসৰি এই বিশেষ ইণ্টাৰচিটীখন ডেকাৰগাঁও আৰু ডিব্ৰুগড়ৰ মাজত ১৯ আগষ্টৰ পৰা পৰীক্ষামূলকভাৱে ৬ মাহৰ বাবে চলিব।

০৫৮২০ নম্বৰৰ বিশেষ ৰে’লখন প্ৰতি সোম, মঙল, বুধ, শুকুৰ আৰু শনিবাৰে ডেকাৰগাঁৱৰ পৰা ডিব্ৰুগড়লৈ যাত্ৰা কৰিব। বিপৰীতে ০৫৮১৯ নম্বৰৰ বিশেষ ৰে’লখন প্ৰতি প্ৰতি সোম, মঙল, বুধ, শুকুৰ আৰু শনিবাৰে ডিব্ৰুগড়ৰ পৰা ডেকাৰগাঁৱলৈ যাত্ৰা কৰিব।

এই নতুন ইণ্টাৰচিটী এক্সপ্ৰেছখনত মুঠ ১১ টা ডবা থাকিব।