তিনিচুকীয়া-ধুবুৰী সংযোগী পথত সপ্তাহত তিনিদিনকৈ চলিব বিশেষ ৰে’ল: ঘোষণা উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ

train between Tinsukia and Dhubri

চলিত মাহৰ পৰা অসমৰ দুই সীমান্ত জিলা তিনিচুকীয়া আৰু ধুবুৰীৰ মাজত আৰম্ভ হ’ব বিশেষ ৰে’ল সেৱা। জিলা দুখনৰ মাজত সপ্তাহত তিনিদিন চলাচল কৰিব বিশেষ ৰে’ল। উত্তৰ-পূব সীমান্ত ৰে’লৱেই গ্ৰহণ কৰিছে এই সিদ্ধান্ত।

এক বিবৃতিত এন এফ ৰে’লৱেই প্ৰকাশ কৰা অনুসৰি এই বিশেষ ৰে’লখন মঙলবাৰ, বৃহস্পতিবাৰ আৰু দেওবাৰে তিনিচুকীয়াৰ পৰা আৰু বুধবাৰ, শুকুৰবাৰ আৰু সোমবাৰে ধুবুৰীৰ পৰা যাত্ৰা কৰিব।

এন এফ ৰে’লৱেৰ বিবৃতিত উল্লেখ কৰা মতে, ০৫৯২২ নং (নিউ তিনিচুকীয়া – ধুবুৰী) বিশেষ ৰে’লখন চলিত বৰ্ষৰ ১৯ মাৰ্চৰ পৰা ১৭ আগষ্টলৈ নিউ তিনিচুকীয়া ষ্টেচনৰ পৰা দিনৰ ২:৩০ বজাত যাত্ৰা কৰি পিছদিনা পুৱা ০৪:৩০ বজাত ধুবুৰীত উপস্থিত হ’ব।

আনহাতে উভতনি যাত্ৰাৰ সময়ত ২০ মাৰ্চৰ পৰা ১৮ আগষ্ট মাহৰ ভিতৰত ধুবুৰীৰ পৰা পুৱা ৫ বজাত ৰাওনা হ’ব ০৫৯২১ নং (ধুবুৰী–নিউ তিনিচুকীয়া) বিশেষ ৰে’ল আৰু একেদিনাই সন্ধিয়া ০৭:৪৫ বজাত নিউ তিনিচুকীয়াত উপস্থিত হ’ব।

এই বিশেষ ৰেলখনত ১৫ টা ডবা থাকিব। ৰে’লখনত এচি ৩ টায়াৰ, শ্লীপাৰ ক্লাছ, জেনেৰেল ছেকেণ্ড ক্লাছ কোচ আৰু জেনেৰেল ছিটিং কাম লাগেজ ভ্যান থাকিব।

দুয়োটা দিশৰ পৰা যাত্ৰাৰ সময়ত বিশেষ ৰে’লখন ডিব্ৰুগড়, ধেমাজি, উত্তৰ লখিমপুৰ, উদালগুৰি, ৰঙিয়া, বৰপেটা ৰোড, ফকিৰাগ্ৰাম ষ্টেচনৰ মাজেৰে চলিব বুলি এন এফ ৰে’লৱেই সদৰী কৰিছে।

এই ৰে’লখনৰ ষ্টপেজ আৰু সময়ৰ সবিশেষ IRCTC ৰ ৱেবছাইটত উপলব্ধ হোৱাৰ লগতে বিভিন্ন বাতৰি কাকত আৰু এন এফ ৰে’লৱেৰ ছ’চিয়েল মিডিয়া প্লেটফৰ্মতো উপলব্ধ কৰা হৈছে।