অনাহকত ৰেইলৰ চেইন টনা যাত্ৰীৰ বিৰুদ্ধে কঠোৰ উত্তৰ-পূব সীমান্ত ৰেইলৱে

Chain Pulling

প্ৰতিনিধিত্বমূলক ছবি

অনাহকত ৰেইলৰ চেইন টনা লোকৰ বিৰুদ্ধে কঠোৰ হৈছে উত্তৰ-পূব সীমান্ত ৰেইলৱে।

চলিত বছৰত কোনো কাৰণ নথকাকৈ চেইন টানি ৰেইল চলাচলত ব্যাঘাত জন্মোৱা ৮০৬ গৰাকী যাত্ৰীক এই পৰ্যন্ত আটক কৰিছে ৰেইল কৰ্তৃপক্ষই।

মঙলবাৰে উত্তৰ-পূব সীমান্ত ৰেইলৱেৰ নিজা টুইটাৰৰ জৰিয়তে এই কথা জনোৱাৰ লগতে যাত্ৰীসকলক অনাহকত চেইন নাটানিবলৈ অনুৰোধ জনায়।

তদুপৰি যদিহে কোনো যাত্ৰীয়ে এনে কাৰ্য সংঘটিত কৰি ধৰা পৰে তেন্ত কঠোৰ জৰিমনা বিহা হ’ব বুলিও উল্লেখ কৰে।

‘চেইন টানিবলৈয়ে থাকে। কিন্তু কেৱল জৰুৰী সময়ৰ বাবেহে… অনুগ্ৰহ কৰি কোনো প্ৰয়োজনীয় কাৰণ নাথাকিলে ইয়াক নাটানিব… জৰিমহা বিহা হ’ব। অনাহকত চেইন টানি ৰেইল চলাচলত ব্যাঘাট জন্মোৱা ৮০৬ গৰাকী যাত্ৰীক চলিত বছৰত আটক কৰা হৈছে। সময়মতে ৰেইল চলাচলৰ বাবে আপোনালোকৰ সঁহাৰির প্ৰয়োজন’। এইদৰে টুইট কৰে উত্তৰ-পূব সীমান্ত ৰেইলৱেই।

ৰেইলৱে এক্টৰ ১৪১ ধাৰা অনুসৰি, যদিহে কোনো যাত্ৰীয়ে প্ৰথমবাৰৰ বাবে অনাহকত চেইন টানে তেন্তে ৫০০ টকাৰ জৰিমনা আৰু দ্বিতীয়বাৰৰ বাবে সেই ভুলৰ পুনৰাবৃত্তি কৰিলে তিনিমাহ পৰ্যন্ত জেইল হ’ব পাৰে।

আনহাতে ৰেইলৰ ভিতৰভাগ লেতেৰা কৰা বাবে চলিত বৰ্ষত উত্তৰ-পূব সীমান্ত ৰেইলৱেই ১,৮১৮ গৰাকী লোকক জৰিমনা বিহিছে বুলিও তথ্য প্ৰকাশ পাইছে।

ৰেইল লেতেৰা কৰি জৰিমনাৰ সন্মুখিন হোৱা ৰেইল যাত্ৰীসকলৰ পৰা উত্তৰ-পূব সীমান্ত ৰেইলৱেই সংগ্ৰহ কৰিছে মুঠ ৩,৬৫,৮৯৫ টকা।