উত্তৰ পূৱ সীমান্ত ৰেলৱেৰ পাঁচখন যাত্ৰীবাহী ৰে’লগাড়ীত ‘এলএইচ্চবি’  ডবা সংযোজিত

dcl9eupxsaetuoh

উত্তৰ পূৱ সীমান্ত ৰেলৱেই পাঁচখন যাত্ৰীবাহী ৰে’লগাড়ীত ‘এলএইচ্চবি’  ডবা সংযোজিত কৰিবলৈ কৰা হৈছে। চলিত বৰ্ষতেই এই ডবাসমূহ সংযোজিত হৈছে।

এলএইচ্চবি ডবা হোৱা কৰিবলগীয়া ৰে’লগাড়ীকেইখন হৈছে কামাখ্যা-লোকমান্য তিলক এক্সপ্ৰেছ, কামাখ্যা-গান্ধীধাম এক্সপ্ৰেছ, বাংগালোৰ-তিনিচুকীয়া এক্সপ্ৰেছ, কামাখ্যা-আনন্দ বিহাৰ এক্সপ্ৰেছ আৰু কামাখ্যা-গয়া এক্সপ্ৰেছ।

তাৰোপৰি, নিউ জলপাইগুড়ি-নতুন দিল্লী এক্সপ্ৰেছ আৰু গুৱাহাটী-আনন্দ বিহাৰ নৰ্থ ইষ্ট এক্সপ্ৰেছতো চলিত বৰ্ষতেই এলবিএইচ্চ ডবা সংযোগ কৰা হ’ব।

তাৰোপৰি, ২০১৯-২০ বৰ্ষত আৰু ৬খন ৰে’লগাড়ীত আৰু ২০২০-২১ বৰ্ষত আৰু অন্য ৪খন ৰে’লগাড়ীত এই ধৰণৰ ডবা সংযোগ কৰাৰ পৰিকল্পনা কৰা হৈছে।

উল্লেখ্য যে জাৰ্মানিৰ লিংক হুফমান বুশ্ব (Linke Hofmann Buschচমুকৈ LHB) কোম্পানীয়ে ভাৰতীয় ৰে’লৰ বাবে এলএইচ্চবি ডবা নিৰ্মাণ কৰিছে। এই ডবাসমূহ পাঞ্জাবৰ কাপুৰথালাৰ ৰে’ল ডবা নিৰ্মাণ কাৰখানাত নিৰ্মাণ কৰা হৈছে।

প্ৰণিধানযোগ্য যে এই পৰ্যন্ত এলএইচ্চবি ডবাসমূহ কেবল ৰাজধানী আৰু শতাব্দীৰ দৰে আগশাৰীৰ ৰে’লগাড়ীতহে সংযোগ কৰা হৈছিল।

প্ৰযুক্তিগত দিশৰ পৰা এলএইচ্চবি ডবাসমূহ তুলনামূলকভাৱে লঘূ আৰু অধিক যাত্ৰী বহনক্ষম, দ্ৰুততৰ, অধিক নিৰাপদ, আৰু মুখামুখী সংঘৰ্ষৰ সময়ত ডবাসমূহ ইটোৰ ওপৰত সিটো উঠি নযোৱা প্ৰযুক্তিসমৃদ্ধ। আনহাতে এই ডবাসমূহ কম ব্যয়বহুল, ভিতৰলৈ কম শব্দ পৰিবাহী আৰু শীত-তাপ নিয়ন্ত্ৰণৰ দক্ষতা অধিকতৰ।