যাত্ৰীৰ সুবিধাৰ্থে উত্তৰ-পূব সীমান্ত ৰেইলৱে ৰে’লত সংযোজন কৰিছে অতিৰিক্ত ডবা

EDdf-O3UUAAc0Hu-1140x570

ফটো : উৎস টুইটাৰ

ছেপ্টেম্বৰ মাহত যাত্ৰীৰ ভিৰৰ প্ৰতি লক্ষ্য ৰাখি উত্তৰ-পূব সীমান্ত ৰেইলৱে কৰ্তৃপক্ষই দুখন ৰে’লত অতিৰিক্ত ডবা সংযোজনৰ সিদ্ধান্ত লৈছে।

অহা ৪ অক্টোবৰৰ পৰা দুৰ্গা পূজা আৰম্ভ হ’ব আৰু ইয়াৰ পৰিপ্ৰক্ষিতত ৰেইলসমূহত যাত্ৰীৰ ভিৰ বৃদ্ধি পোৱাৰ আশা কৰা হৈছে।

সেয়েহে, উত্তৰ-পূব সীমান্ত ৰেইলৱে কৰ্তৃপক্ষই আগতীয়াকৈ দুখন ৰে’লত অতিৰিক্ত ডবা সংযোজন কৰাৰ সিদ্ধান্ত লৈছে।


উদইপুৰৰ পৰা জলপাইগুৰি আৰু উদইপুৰৰ পৰা গুৱাহাটীৰ কামাখ্যা ষ্টেশ্যনলৈ যাত্ৰা কৰা ৰে’ল দুখনত ছেপ্টেম্বৰ মাহতে অতিৰিক্ত ডবা সংযোজন কৰা হ’ব।

অতিৰিক্ত ডবা সংযোজন কৰিবলগীয়া এখন ৰেইল হৈছে – ১৯৬০১/১৯৬০২ নং উদইপুৰ চিটি-নিউ জলপাইগুৰি-উদইপুৰ চিটি এক্সপ্ৰেছ।

আনখন ৰেইল হৈছে ১৯৭০৯/১৯৭১০ উদইপুৰ চিটি-কামাখ্যা-উদইপুৰ চিটি কবিগুৰু এক্সপ্ৰেছ।

দুয়োখন ৰেইল নিৰ্দিষ্ট দিনত যাত্ৰা কৰিব।

এ চি থ্ৰী টাইয়াৰ যুক্ত ১৯৬০১/১৯৬০২ নং উদইপুৰ চিটি-নিউ জলপাইগুৰি-উদইপুৰ চিটি এক্সপ্ৰেছ ৰেইলখন অতিৰিক্ত ডবা সংযোজনেৰে অহা ৭ ছেপ্টেম্বৰৰ পৰা ২৮ ছেপ্টেম্বৰকৈ উদইপুৰৰ পৰা চলিব।

তদুপৰি, ৰেইলখন অতিৰিক্ত ডবাৰ সৈতে নিউ জলপাইগুৰিৰ পৰা ৯ ছেপ্টেম্বৰৰ পৰা ৩০ ছেপ্টেম্বৰলৈকে চলিব।

আনহাতে, টু টাইয়াৰ এ চি যুক্ত ১৯৭০৯/১৯৭১০ উদইপুৰ চিটি-কামাখ্যা-উদইপুৰ চিটি কবিগুৰু এক্সপ্ৰেছ ৰেইলখন উদইপুৰৰ পৰা ছেপ্টেম্বৰৰ ২ তাৰিখৰ পৰা ছেপ্টেম্বৰৰ ৩০ তাৰিখলৈ চলিব।

তদুপৰি, ৰেইলখন অতিৰিক্ত ডবাৰ সৈতে কামাখ্যা ষ্টেশ্যনৰ পৰা ৫ ছেপ্টেম্বৰৰ পৰা ৩ অক্টোবৰলৈকে চলিব।