হোলীৰ উৎসৱৰ বতৰত বৰ্ধিত যাত্ৰীৰ চাহিদা পূৰণ কৰাৰ বাবে উত্তৰ পূব সীমান্ত ৰে’লৱেৰ দ্বাৰা তিনিযোৰ বিশেষ ৰে’ল চলাচল কৰা হ’ব। এই বিশেষ ৰে’লসমূহ নাৰেংগী– গোৰখপুৰ জংচন – নাৰেংগী আৰু কাটিহাৰ– অমৃতসৰ– কাটিহাৰ আৰু কামাখ্যা – আনন্দ বিহাৰ টাৰ্মিনেল- কামাখ্যাৰ মাজত চলাচল কৰিব।
প্ৰতিখন ৰে’ল উভয় দিশত চাৰিটাকৈ ট্ৰিপৰ বাবে চলাচল কৰিব যিয়ে উৎসৱৰ বতৰত যাত্ৰীসকলৰ বাবে সুগম ভ্ৰমণ নিশ্চিত কৰিব।
বিশেষ ৰে’ল নং ০৫৬৩৩ (নাৰেংগী – গোৰখপুৰ জংচন) প্ৰতি বৃহস্পতিবাৰে ০৬ তাৰিখৰ পৰা ২৭মাৰ্চ, ২০২৫লৈ প্ৰস্থান কৰিব। ৰে’লখন নাৰেংগীৰ পৰা ১৩:২০ বজাত প্ৰস্থান কৰি পিছদিনা ১৩:০০ বজাত গোৰখপুৰ জংচনত গৈ উপস্থিত হব।
একেদৰে, ৰে’ল নং. ০৫৬৩৪ (গোৰখপুৰ জংচন – নাৰেংগী) বিশেষ প্ৰতি শুক্ৰবাৰে ০৭ তাৰিখৰ পৰা ২৮ মাৰ্চ, ২০২৫ লৈ প্ৰস্থান কৰিব। ৰে’লখন গোৰখপুৰ জংচনৰ পৰা ২০:৫৫ বজাত প্ৰস্থান কৰি পিছদিনা ২৩:১০ বজাত নাৰেংগীত গৈ উপস্থিত হব।
বিশেষ ৰে’ল নং ০৫৭৩৪ (কাটিহাৰ- অমৃতসৰ) প্ৰতি বৃহস্পতিবাৰে ০৬ তাৰিখৰ পৰা ২৭ মাৰ্চ, ২০২৫লৈ প্ৰস্থান কৰিব। ৰে’লখন কাটিহাৰৰ পৰা ১১:৪০ বজাত প্ৰস্থান কৰি যাত্ৰাৰ তৃতীয় দিনা ০০:১০ বজাত অমৃতসৰত গৈ উপস্থিত হব।
একেদৰে, ০৫৭৩৩ (অমৃতসৰ– কাটিহাৰ) বিশেষ ৰে’ল প্ৰতি শনিবাৰে ০৮ তাৰিখৰ পৰা ২৯ মাৰ্চ, ২০২৫ লৈ প্ৰস্থান কৰিব। ৰে’লখন অমৃতসৰৰ পৰা ০৪:২০ বজাত প্ৰস্থান কৰি পিছদিনা ১৫:০০ বজাত কাটিহাৰত গৈ উপস্থিত হব।
বিশেষ ৰে’ল নং ০২৫২৫ (কামাখ্যা – আনন্দ বিহাৰ টাৰ্মিনেল) প্ৰতি শুক্ৰবাৰে ০৭ তাৰিখৰ পৰা ২৮মাৰ্চ, ২০২৫লৈ প্ৰস্থান কৰিব। ৰে’লখন কামাখ্যাৰ পৰা ২২:৪৫ বজাত প্ৰস্থান কৰি যাত্ৰাৰ তৃতীয় দিনা ০৮:৫০ বজাত আনন্দ বিহাৰ টাৰ্মিনেলত গৈ উপস্থিত হ’ব।
একেদৰে, ৰে’ল নং. ০২৫২৬ (আনন্দ বিহাৰ টাৰ্মিনেল – কামাখ্যা) বিশেষ ৰে’ল প্ৰতি দেওবাৰে ০৯ তাৰিখৰ পৰা ৩০ মাৰ্চ, ২০২৫লৈ প্ৰস্থান কৰিব। ৰে’লখন আনন্দ বিহাৰ টাৰ্মিনেলৰ পৰা ১৭:২০ বজাত প্ৰস্থান কৰি যাত্ৰাৰ তৃতীয় দিনা ০৩:৪০ বজাত কামাখ্যাত আহি উপস্থিত হব।
এই বিশেষ ৰে’লসমূহৰ ষ্টপেজ আৰু সময়ৰ বিস্তৃত বিৱৰণ উত্তৰ পূব সীমান্ত ৰেলৱেৰ আইআৰচিটিচি ৱেবছাইটত উপলব্ধ থকাৰ লগতে বিভিন্ন বাতৰি কাকত আৰু চচিলেয় মিডিয়া প্লেটফৰ্মতো প্ৰকাশ কৰা হৈ আছে। যাত্ৰীসকলক তেওঁলোকৰ যাত্ৰা আৰম্ভ কৰাৰ পূৰ্বে উক্ত বিস্তৃত তথ্য অৱলোকন কৰিবলৈ অনুৰোধ জনোৱা হৈছে।